--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ১৬ এপ্ৰিলৰ পৰা ১৮ এপ্রিললৈ অনুষ্ঠিত হ'বলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ লক্ষ্য হৈছে মহিলা সংৰক্ষণ আইন, 'নাৰী শক্তি বন্দন অধিনিয়ম'ৰ সংশোধনত অগ্রগতি লাভ কৰা।

ডিজিটেল ডেস্ক: সংবিধান সংশোধন বিধেয়ক, ২০২৬কে (১৩১ সংখ্যক সংশোধন) ধৰি তিনিখন প্রধান বিধেয়কৰ বাবে ১৭ এপ্ৰিলৰ ৪ বজাত লোকসভাত ভোট গ্রহণ হ'ব। সদনত এই সময়সূচী ঘোষণা কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে উক্ত বিধেয়ক কেইখনৰ বিষয়ত ১৫-ৰ পৰা ১৮ ঘণ্টা আলোচনা হ'ব। তদুপৰি সকলো সদস্যই যাতে বক্তব্য আগবঢ়াবলৈ যথেষ্ট সময় পায় তাৰ বাবে সময় বৃদ্ধি কৰাও হ'ব পাৰে। 


উক্ত বিধেয়ক কেইখন হৈছে সংবিধান সংশোধন বিধেয়ক, সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক, ২০২৬ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল (সংশোধন) বিধেয়ক, ২০২৬। মহিলা সংৰক্ষণৰ কাৰ্যকৰীকৰণৰ বাবে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ সম্পৰ্কীয় সলনিৰ সুবিধাৰ বাবেই এই বিধেয়ক কেইখন উত্থাপন কৰা হৈছে। বিৰোধীসকলে মৌখিক ভোট বাদ দি আনুষ্ঠানিক ভোটৰ দাবী জনোৱাৰ পাছত এই বিধেয়ক কেইখনৰ উত্থাপনৰ বিষয়টো লোক সভাত প্ৰস্তাৱ কৰা হয়। বিধেয়ক কেইখন দাখিলৰ প্ৰস্তাৱৰ সপক্ষে ২৫১ জনে আৰু বিৰুদ্ধে ১৮৫ জনে মৌখিক ভোট দিয়ে। 


উল্লেখযোগ্য যে ১৬ এপ্ৰিলৰ পৰা ১৮ এপ্রিললৈ অনুষ্ঠিত হ'বলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ লক্ষ্য হৈছে মহিলা সংৰক্ষণ আইন, 'নাৰী শক্তি বন্দন অধিনিয়ম'ৰ সংশোধনত অগ্রগতি লাভ কৰা। এই তিনিখন প্ৰস্তাৱিত বিধেয়কৰ উদ্দেশ্য হৈছে ভাৰতীয় নির্বাচনী ব্যৱস্থাত দুটা প্রধান গাঁথনিগত পৰিৱৰ্তন অনাৰ। প্ৰথমটো হৈছে লোক সভাৰ সদস্যৰ সংখ্যা বৰ্তমানৰ ৫৪৩ জনৰ পৰা ৮৫০ জনলৈ বৃদ্ধি কৰা। দ্বিতীয়টো হৈছে সংসদ তথা বিধানসভাত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণ কৰা। অৱশ্যে এই বিধেয়ক কেইখন উত্থাপনে ৰাজনৈতিক বিবাদৰ সৃষ্টি কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ