--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেলিফোন কৰি এক দীঘলীয়া বাৰ্তালাপত মিলিত হয়।

ডিজিটেল ডেস্ক: বিশ্বৰ দুই শক্তিশালী গণতান্ত্ৰিক দেশৰ মুৰব্বীৰ মাজত পুনৰ এক বিশেষ আলোচনা সম্পন্ন হৈছে।


আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেলিফোন কৰি এক দীঘলীয়া বাৰ্তালাপত মিলিত হয়। এই বাৰ্তালাপত বিশেষকৈ পশ্চিম এছিয়াৰ বৰ্তমানৰ অস্থিৰ পৰিস্থিতি আৰু ভাৰত-আমেৰিকাৰ বন্ধুত্বৰ ওপৰত আলোকপাত কৰা হয়।


"আপোনাক আমি সকলোৱে ভাল পাওঁ": মোডীক প্ৰশংসা ট্ৰাম্পৰ


লাছ ভেগাছত এক কৰ সম্পৰ্কীয় ঘূৰণীয়া মেজমেলত অংশ ল’বলৈ যোৱাৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে সংবাদ মাধ্যমৰ আগত এই ফোন কলটোৰ বিষয়ে উল্লেখ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোডীক এজন 'প্ৰকৃত বন্ধু' বুলি সম্বোধন কৰি কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ উন্নয়নৰ বাবে অতি সুন্দৰ কাম কৰি আছে। প্ৰায় ৪০ মিনিট ধৰি চলা এই বাৰ্তালাপৰ শেষত ট্ৰাম্পে মোডীক আবেগিকভাৱে কয়, "আমি সকলোৱে আপোনাক ভাল পাওঁ।"


পশ্চিম এছিয়াৰ সংঘাত আৰু বিশ্ব অৰ্থনীতি


এই আলোচনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আছিল পশ্চিম এছিয়াৰ শেহতীয়া যুদ্ধ সদৃশ পৰিস্থিতি। বিশেষকৈ ইৰাণৰ সৈতে আমেৰিকা আৰু ইজৰাইলৰ চলি থকা সংঘাতে বিশ্বজুৰি যি তীব্ৰ প্ৰভাৱ পেলাইছে, সেই সন্দৰ্ভত দুই নেতাই মত বিনিময় কৰে। ৭ এপ্ৰিলত আমেৰিকা আৰু ইৰাণৰ মাজত ঘোষিত হোৱা দুসপ্তাহৰ যুদ্ধবিৰতিৰ পাছত শান্তি প্ৰতিষ্ঠাৰ দিশত মোদী আৰু ট্ৰাম্পে গুৰুত্ব দিয়ে।


হৰমুজৰ সুৰক্ষা: ইৰাণৰ সংঘাতৰ বাবে বিশ্বৰ তেল যোগানৰ অন্যতম পথ 'হৰমুজ প্ৰণালী' বন্ধ হোৱাৰ আশংকাই তেলৰ মূল্য আকাশলংঘী কৰিছে। দুই নেতাই এই কৌশলগত পথটো সুৰক্ষিত আৰু মুকলি ৰখাৰ বাবে সহমত পোষণ কৰে।


যোৱা ২৮ ফেব্ৰুৱাৰীত সংঘাত আৰম্ভ হোৱাৰ পাছত এয়া আছিল দুই নেতাৰ মাজত দ্বিতীয়টো কথা-বতৰা। এই পদক্ষেপে স্পষ্ট কৰি দিছে যে গোলকীয় সংকটৰ সময়ত ভাৰতৰ ভূমিকা আৰু প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শক আমেৰিকাই যথেষ্ট গুৰুত্ব প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ