ডিজিটেল ডেস্ক: এই মুহূৰ্তত আই পি এলত দলৰ সংখ্যা ১০ৰ পৰা ১২লৈ বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা নাই। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ ( BCCI) সচিব দেৱজিৎ শইকীয়াই স্পষ্ট কৰি দিছে যে ২০২৮ চনত আই পি এলত দলৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনীয়তাৰ সন্দৰ্ভত ব'ৰ্ডৰ ভিতৰত কোনো আলোচনা হোৱা নাই। এই সন্দৰ্ভত সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰিক তেওঁ জল্পনা-কল্পনা বুলি উল্লেখ কৰে।
এক সাক্ষাৎকাৰত শইকীয়াই কয়, '২০২৮ চনত আই পি এলক ১২টা দলৰ প্রতিযোগিতা হিচাপে গঢ়ি তোলাৰ বিষয়ে আমি কোনো আলোচনা কৰা নাই। এই মুহূৰ্তত ই আমাৰ বিবেচনাধীন নহয়।'
শইকীয়াৰ মতে, এতিয়া ব'ৰ্ডৰ সকলো মনোযোগ ২০২৭ চনৰ আই পি এলৰ ওপৰত। অহা বছৰ আই পি এলৰ ২০সংখ্যক সংস্কৰণৰ আয়োজন কৰা হৈছে। গতিকে এই বিশেষ সংস্কৰণটো বৃহৎ পৰিসৰত চি আইৰ মূল লক্ষ্য।
শইকীয়াই কয়, ‘‘আমি এই মুহূর্তত ২০২৭ চনৰ আই পি এলৰ কথাহে চিন্তা কৰিছোঁ। সেয়া হ'ব প্রতিযোগিতাখনৰ ২০সংখ্যক সংস্কৰণ। সম্প্ৰতি আমি আন একো আলোচনা কৰা নাই।’’
উল্লেখ্য যে ব'র্ডে সামগ্রিকভাবে আই পি এলত নতুন দল সংযোজন অথবা খেলুৱৈ ক্ৰয়ৰ বাজেট বৃদ্ধিৰ দৰে কোনো বৃহৎ পৰিৱৰ্তন কৰিবলৈ এতিয়াই বিচৰা নাই।
উৎস: দৈনিক জনমভূমি