--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰশাসন, ধৰ্ম, অৰ্থনীতিৰে চহকী এখন সৰু চহৰ। ইটোৰ পিছত সিটোকৈ সাম্ৰাজ্যৰ প্ৰভাৱ এই চহৰখনত আছিল। তুৰ্কমেনিস্তানৰ মেৰী চহৰৰ পৰা ৪০ কিলোমিটাৰ নিলগত অৱস্থিত মেৰভ চহৰ ক্ৰমান্বয়ে মুছলমান সংস্কৃতিৰ কেন্দ্ৰবিন্দু হৈ পৰিল। চাৰি হাজাৰ বছৰৰ আগতে এই চহৰখনে বিশ্বৰ সৰ্ববৃহৎ চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল।

ৰোমান লেখক প্লিনিৰ মতে মেৰভ চহৰখন মহান আলেকজেণ্ডাৰে প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠা কৰাৰ পিছত তেওঁ নগৰৰ নাম সলনি কৰি আলেকজেণ্ড্ৰিয়া কৰি লয়। খ্ৰীষ্টপূৰ্ব ৩২৩ চনত আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছত নগৰৰ শাসক সলনি হয়। বেক্টৰিয়ান, পাৰ্থিয়ান আৰু কুছান বংশৰ শাসকসকলেও মেৰভ নগৰৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল।

দুৰ্গৰ লগতে মেৰভ চহৰত বৌদ্ধ মঠ আৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। দ্বাদশ শতিকাৰ পৰা তেৰশ শতিকাৰ মাজত মেৰভ চহৰখন বিশ্বৰ সৰ্ববৃহৎ চহৰ হিচাপে পৰিগণিত হয়। সেই সময়ত চহৰখনৰ মুঠ জনসংখ্যা আছিল পাঁচ লাখ।

পাৰস্য, তুৰস্ক আৰু আৰবৰ বাসিন্দাসকলে মেৰভ চহৰখনক নিজৰ কেন্দ্ৰবিন্দু কৰি লৈছিল। এটা বিশাল দুৰ্গেৰে আগুৰি থকা মেৰভ চহৰত কেইবাটাও পুথিভঁৰাল আছিল। দেশ-বিদেশৰ বহু লোক আগতে মেৰভ চিটিলৈ গৈছিল। জীৱন যাপনৰ সুবিধাৰ বাবে তাত জনসংখ্যা অহৰহ বাঢ়ি আহিছিল।

এই সময়তে মংগোলীয়সকলে মাৰ্ভ চহৰৰ ওপৰত নিজৰ দৃষ্টি নিবদ্ধ কৰিলে। মংগোলীয় শাসক চেংগিছ খানৰ চতুৰ্থ পুত্ৰ টলুই খান মেৰভ চহৰত উপস্থিত হয়। ১২২১ চনত টলুইয়ে মেৰভ চহৰ ধ্বংস কৰে। লগতে দুৰ্গ, মঠৰ পৰা আৰম্ভ কৰি সকলো পুথিভঁৰাল ধ্বংস কৰি পেলালে।

ইতিহাসবিদসকলে দাবী কৰে যে মেৰভ চহৰত আক্ৰমণৰ সময়ত টলুই আৰু তেওঁৰ সেনাই সাত লাখৰ পৰা দহ নিযুত লোকক হত্যা কৰিছিল। তাৰ পিছত সমগ্ৰ মাৰ্ভ চিটি তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল। কিন্তু টলুইয়ে দুই এজন শিল্পীক ৰেহাই দিলে। ইতিহাসবিদসকলে দাবী কৰে যে টলুইয়ে মেৰভ চহৰৰ প্ৰায় ৪০০ শিল্পীক কাৰাগাৰত বন্দী কৰি ৰাখিছিল। আনকি টলুইয়ে কাৰাবন্দী ৪০০ শিল্পীৰ বাহিৰে মেৰভ চহৰৰ যিকোনো বাসিন্দাক তৎক্ষণাত হত্যা কৰিবলৈ নিৰ্দেশ দিছিল।

এসময়ৰ প্ৰশাসনিক কেন্দ্ৰ মাৰ্ভ চিটি মংগোলীয় আক্ৰমণৰ পিছত ধ্বংসস্তূপত পৰিল। হাজাৰ হাজাৰ বছৰৰ পাছত তুৰ্কী চৰকাৰৰ চকু পৰিল এই ধ্বংসাৱশেষৰ ওপৰত। ১৯৯৯ চনত প্ৰাচীন মেৰভ চহৰখনক ইউনেস্ক’ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। মেৰভ চিটি এতিয়া প্ৰত্নতাত্ত্বিক স্থানত পৰিণত হৈছে।

তুৰ্কমেনিস্তানৰ মেৰি চহৰৰ পৰা মেৰভ চহৰলৈ যাবলৈ এঘণ্টা সময় লাগে যদিও বিশেষ ৰাজহুৱা পৰিবহণ ব্যৱস্থা নাই। সাধাৰণতে পৰ্যটকসকলে ব্যক্তিগত গাড়ীৰে তালৈ যাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ