--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰশাসন, ধৰ্ম, অৰ্থনীতিৰে চহকী এখন সৰু চহৰ। ইটোৰ পিছত সিটোকৈ সাম্ৰাজ্যৰ প্ৰভাৱ এই চহৰখনত আছিল। তুৰ্কমেনিস্তানৰ মেৰী চহৰৰ পৰা ৪০ কিলোমিটাৰ নিলগত অৱস্থিত মেৰভ চহৰ ক্ৰমান্বয়ে মুছলমান সংস্কৃতিৰ কেন্দ্ৰবিন্দু হৈ পৰিল। চাৰি হাজাৰ বছৰৰ আগতে এই চহৰখনে বিশ্বৰ সৰ্ববৃহৎ চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল।

ৰোমান লেখক প্লিনিৰ মতে মেৰভ চহৰখন মহান আলেকজেণ্ডাৰে প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠা কৰাৰ পিছত তেওঁ নগৰৰ নাম সলনি কৰি আলেকজেণ্ড্ৰিয়া কৰি লয়। খ্ৰীষ্টপূৰ্ব ৩২৩ চনত আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছত নগৰৰ শাসক সলনি হয়। বেক্টৰিয়ান, পাৰ্থিয়ান আৰু কুছান বংশৰ শাসকসকলেও মেৰভ নগৰৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল।

দুৰ্গৰ লগতে মেৰভ চহৰত বৌদ্ধ মঠ আৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। দ্বাদশ শতিকাৰ পৰা তেৰশ শতিকাৰ মাজত মেৰভ চহৰখন বিশ্বৰ সৰ্ববৃহৎ চহৰ হিচাপে পৰিগণিত হয়। সেই সময়ত চহৰখনৰ মুঠ জনসংখ্যা আছিল পাঁচ লাখ।

পাৰস্য, তুৰস্ক আৰু আৰবৰ বাসিন্দাসকলে মেৰভ চহৰখনক নিজৰ কেন্দ্ৰবিন্দু কৰি লৈছিল। এটা বিশাল দুৰ্গেৰে আগুৰি থকা মেৰভ চহৰত কেইবাটাও পুথিভঁৰাল আছিল। দেশ-বিদেশৰ বহু লোক আগতে মেৰভ চিটিলৈ গৈছিল। জীৱন যাপনৰ সুবিধাৰ বাবে তাত জনসংখ্যা অহৰহ বাঢ়ি আহিছিল।

এই সময়তে মংগোলীয়সকলে মাৰ্ভ চহৰৰ ওপৰত নিজৰ দৃষ্টি নিবদ্ধ কৰিলে। মংগোলীয় শাসক চেংগিছ খানৰ চতুৰ্থ পুত্ৰ টলুই খান মেৰভ চহৰত উপস্থিত হয়। ১২২১ চনত টলুইয়ে মেৰভ চহৰ ধ্বংস কৰে। লগতে দুৰ্গ, মঠৰ পৰা আৰম্ভ কৰি সকলো পুথিভঁৰাল ধ্বংস কৰি পেলালে।

ইতিহাসবিদসকলে দাবী কৰে যে মেৰভ চহৰত আক্ৰমণৰ সময়ত টলুই আৰু তেওঁৰ সেনাই সাত লাখৰ পৰা দহ নিযুত লোকক হত্যা কৰিছিল। তাৰ পিছত সমগ্ৰ মাৰ্ভ চিটি তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল। কিন্তু টলুইয়ে দুই এজন শিল্পীক ৰেহাই দিলে। ইতিহাসবিদসকলে দাবী কৰে যে টলুইয়ে মেৰভ চহৰৰ প্ৰায় ৪০০ শিল্পীক কাৰাগাৰত বন্দী কৰি ৰাখিছিল। আনকি টলুইয়ে কাৰাবন্দী ৪০০ শিল্পীৰ বাহিৰে মেৰভ চহৰৰ যিকোনো বাসিন্দাক তৎক্ষণাত হত্যা কৰিবলৈ নিৰ্দেশ দিছিল।

এসময়ৰ প্ৰশাসনিক কেন্দ্ৰ মাৰ্ভ চিটি মংগোলীয় আক্ৰমণৰ পিছত ধ্বংসস্তূপত পৰিল। হাজাৰ হাজাৰ বছৰৰ পাছত তুৰ্কী চৰকাৰৰ চকু পৰিল এই ধ্বংসাৱশেষৰ ওপৰত। ১৯৯৯ চনত প্ৰাচীন মেৰভ চহৰখনক ইউনেস্ক’ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। মেৰভ চিটি এতিয়া প্ৰত্নতাত্ত্বিক স্থানত পৰিণত হৈছে।

তুৰ্কমেনিস্তানৰ মেৰি চহৰৰ পৰা মেৰভ চহৰলৈ যাবলৈ এঘণ্টা সময় লাগে যদিও বিশেষ ৰাজহুৱা পৰিবহণ ব্যৱস্থা নাই। সাধাৰণতে পৰ্যটকসকলে ব্যক্তিগত গাড়ীৰে তালৈ যাব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মাটিকাদুৰিৰ নানা উপকাৰী গুণ
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান
পাকিস্তানৰ ৮১ শতাংশ অস্ত্র-শস্ত্র চীনত নির্মিত