--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰাও দৃশ্যমান হ'বলগীয়া এই চন্দ্ৰগ্ৰহণৰ আংশিক গ্রহণ আৰম্ভ হ'ব আজি নিশা ৯-৫৭ বজাত, যিয়ে পূৰ্ণগ্ৰহণৰ ৰূপ পাব নিশা ১১ বজাত আৰু এই পূর্ণ চন্দ্রগ্রহণ ৮ ছেপ্টেম্বৰৰ নিশা ১২-২২ বজালৈ বর্তি থাকিব।

ডিজিটেল ডেস্কঃ আজি নিশা হ'বলগীয়া পূর্ণ চন্দ্ৰগ্ৰহণ ইউৰোপ, অস্ট্রেলিয়া আৰু আফ্রিকাকে ধৰি এছিয়া মহাদেশৰ অন্যান্য অঞ্চলৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ পৰাও দৃশ্যমান হ'ব। 


অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰাও দৃশ্যমান হ'বলগীয়া এই চন্দ্ৰগ্ৰহণৰ আংশিক গ্রহণ আৰম্ভ হ'ব আজি নিশা ৯-৫৭ বজাত, যিয়ে পূৰ্ণগ্ৰহণৰ ৰূপ পাব নিশা ১১ বজাত আৰু এই পূর্ণ চন্দ্রগ্রহণ ৮ ছেপ্টেম্বৰৰ নিশা ১২-২২ বজালৈ বর্তি থাকিব। এই চন্দ্ৰগ্ৰহণৰ আংশিক ৰূপৰ পৰিসমাপ্তি ঘটিব ৮ ছেপ্টেম্বৰৰ নিশা ১-২৬ বজাত। 


পূৰ্ণ চন্দ্ৰগ্ৰহণৰ সৰ্বমুঠ পর্যায় হ'ব প্রায় ১ ঘণ্টা ২২ মিনিট। এই পূর্ণ চন্দ্রগ্রহণ এটা সম্পূর্ণ প্রাকৃতিক পৰিঘটনা, যিটো নিৰীক্ষণৰ বাবে সমগ্র বিশ্বৰ বিজ্ঞানীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে। গ্ৰহণৰ সময়ত পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে একমাত্ৰ ৰঙা পোহৰখিনিহে প্রতিসৰিত হৈ চন্দ্ৰপৃষ্ঠত পৰে আৰু অন্যান্য ৰশ্মিসমূহ বিচ্ছুৰিত হৈ অন্য দিশলৈ গতি কৰে বাবে চন্দ্ৰপৃষ্ঠভাগ তাম বৰণীয়া ৰঙচুৱা হোৱা যেন দেখা যায়। সূৰ্যগ্ৰহণৰ বিপৰীতে চন্দ্ৰগ্ৰহণৰ পৰিঘটনা খালী চকুৰেই নিৰীক্ষণ কৰাটো সম্পূৰ্ণ নিৰাপদ।



উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ