--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই 'এ আই মন্ত্ৰী গৰাকীৰ নাম ৰখা হৈছে 'ডিয়েলা', যাৰ অৰ্থ হৈছে 'সূর্য'। দেশখনৰ প্ৰধানমন্ত্ৰী এ ডি ৰামাই কয় যে ডিয়েলা তেওঁৰ কেবিনেটৰ এনে এগৰাকী সদস্য হ'ব, যিগৰাকীক শাৰীৰিক ৰূপত দেখা পোৱা নাযাব।

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তা (এ আই) এতিয়া প্রতিটো ক্ষেত্ৰতে ব্যৱহাৰ হৈ আছে। কিন্তু এতিয়া এ আইৰ প্ৰৱেশ ঘটিছে চৰকাৰ আৰু ৰাজনীতিত। দক্ষিণ ইউৰোপীয় দেশ আলবেনিয়াই দুর্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ দেশখনৰ চৰকাৰত 'এ আই মন্ত্রী' নিযুক্তি দিছে। ভার্চুৱেল মন্ত্রী নিযুক্তি দিয়া আলবেনিয়া বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। 


এই 'এ আই মন্ত্ৰী গৰাকীৰ নাম ৰখা হৈছে 'ডিয়েলা', যাৰ অৰ্থ হৈছে 'সূর্য'। দেশখনৰ প্ৰধানমন্ত্ৰী এ ডি ৰামাই কয় যে ডিয়েলা তেওঁৰ কেবিনেটৰ এনে এগৰাকী সদস্য হ'ব, যিগৰাকীক শাৰীৰিক ৰূপত দেখা পোৱা নাযাব। এ আই মন্ত্ৰীগৰাকী ভার্চুৱেল আকাৰত দৃশ্যমান হ'ব। 


এ আই-সৃষ্ট এই মন্ত্ৰীগৰাকীয়ে দেশখনক ১০০ শতাংশ দুর্নীতিমুক্ত কৰাত চৰকাৰখনক সহায় কৰিব। এই পদক্ষেপৰ জৰিয়তে চৰকাৰখনে সম্পূৰ্ণ দক্ষতাৰে কাম কৰিব বুলি প্রধানমন্ত্রীজনে কয়। আলবেনিয়াৰ নেশ্যনেল এজেন্সি ফ'ৰ ইনফৰমেশ্যন ছ'চাইটিৰ ৱেবছাইটত থকা অনুসৰি, এ আই মন্ত্ৰী ডিয়েলাই নিজৰ দায়িত্ব সম্পাদন কৰিবলৈ শেহতীয়া এ আই আৰ্হি আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব।


উৎসঃ দৈনিক জনমভূমিী



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ