--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মা লক্ষ্মীক ধনৰ দেৱী বুলি কোৱা হয়। যাৰ ওপৰত মা লক্ষ্মী সন্তুষ্ট হয় তেওঁৰ ভাগ্য জিলিকিবলৈ বেছি সময় নালাগে বুলি বিশ্বাস কৰা হয়। ভক্তসকলে দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰি থাকে। বহুতে দেৱীমাৰ পছন্দৰ খাদ্য আগবঢ়ায়, আনহাতে কিছুমানে দেৱীৰ পছন্দৰ কাপোৰ আগবঢ়ায়। আজি আমি আপোনালোকক কওঁ যে মা লক্ষ্মীয়ে শেৱালি ফুল বৰ ভালপায়। জানি লওক শেৱালি ফুলৰ লগত জড়িত কিছু প্ৰতিকাৰ। এইবোৰ ব্যৱস্থা গ্ৰহণ কৰি আপুনি জীৱনৰ বহুতো অসুবিধা অতিক্ৰম কৰিব পাৰিব।

১) ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ এই কাম কৰকঃ যদি পৰিয়ালৰ কোনোবা সদস্য প্ৰায়ে অসুস্থ হয়, তেন্তে আপুনি শেৱালি ফুলৰ সৈতে জড়িত প্ৰতিকাৰ গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে ঘৰতে নিৰ্মিত মন্দিৰৰ কাষত এটা এজোপা শেৱালি গছ ৰোপণ কৰিব লাগে। বিশ্বাস কৰা হয় যে এনে কৰিলে ইতিবাচক শক্তি সমগ্ৰ ঘৰতে বিয়পি পৰে। ঘৰৰ পৰা বেমাৰ আঁতৰি যায়।

২) হাতত টকা থাকেঃ যিসকলে আৰ্থিক সংকটত অসুবিধা পাইছে, তেওঁলোকে শেৱালি ফুলৰ সৈতে জড়িত বিশেষ ব্যৱস্থাও ল’ব পাৰে। ইয়াৰ বাবে পাঁচ পাহ শেৱালি ফুল শুকুৱাই হালধীয়া কাপোৰত বান্ধিব লাগে। ইয়াৰ পিছত সেই ফুলৰ কাপোৰখন আপোনাৰ টকা ৰখা ঠাইত ৰাখক। মাতা লক্ষ্মী আপোনাৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিব।

৩) ভাল চাকৰিৰ সন্ধানঃ যিসকলে আন ঠাইত ভাল চাকৰি পাবলৈ বা চাকৰি সলনি কৰিবলৈ সক্ষম নহয় তেওঁলোকৰ বাবে শেৱালি ফুলে আচৰিত ধৰণৰ সুফল দিব পাৰে। এনে লোকে ৰঙা কাপোৰ এখনত শেৱালি ফুল বান্ধি লক্ষ্মী দেৱীৰ সন্মুখত ৰাখিব লাগে। এনে কৰিলে ভাল চাকৰি পোৱাৰ পথ প্ৰশস্ত হয় বুলি বিশ্বাস কৰা হয়।

৪) ধাৰৰ পৰা মুক্তিঃ  বহু কষ্ট কৰিও যদি আপুনি পুৰণি ধাৰ পৰিশোধ কৰিব পৰা নাই তেন্তে শেৱালিৰ গছৰ শিপা ঘৰলৈ আনিব। ইয়াৰ পিছত সেই শিপাটো আপোনাৰ পাৰ্চত বা টকা থকা ঠাইত ৰাখক। এই প্ৰতিকাৰ গ্ৰহণ কৰিলে আপোনাৰ ধাৰ-ঋণ ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে বুলি বিশ্বাস কৰা হয়।

৫) বিবাহৰ বাবে ব্যৱস্থাঃ যিসকলে কোনো কাৰণত বিয়া পাতিব পৰা নাই, তেওঁলোকে শেৱালি ফুলৰ প্ৰতিকাৰ গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে শেৱালি  ফুল ৭ পাহ সংগ্ৰহ কৰি কমলা ৰঙৰ কাপোৰ এখনত বান্ধিব লাগে। ইয়াৰ পিছত সেই কাপোৰখন লক্ষ্মী দেৱীৰ মূৰ্তিৰ সন্মুখত ৰাখিব লাগে। কোৱা হয় যে এই প্ৰতিকাৰৰ সহায়ত বিবাহৰ সম্ভাৱনা গঢ় লৈ উঠে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ