--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দীপাৱলীক বছৰৰ আটাইতকৈ ডাঙৰ উৎসৱ হিচাপে গণ্য কৰা হয় আৰু সকলোৱে নিজ নিজ পদ্ধতিৰে এই উৎসৱ পালন কৰে। ঘৰ সজাই তোলাৰ উপৰি সোৱাদযুক্ত খাদ্য, সাজ-পোছাক, ফটকা ফুটোৱা আদি এই উৎসৱৰ এটা প্ৰধান অংশ। ফটকা জ্বলোৱাটো এটা সাধাৰণ কথা আৰু শিশুৱে ইয়াক আটাইতকৈ বেছি কৰি ভালপায়। সেয়েহে দীপাৱলী উদযাপনৰ সময়ত কেতিয়াবা ফটকা ফটোৱা সময়ত প্ৰায়ে ছাল জ্বলা-পোৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়। এনে অৱস্থাত মানুহে প্ৰায়ে ঘৰুৱা প্ৰতিকাৰ বিচাৰে। পোৰা ছালত টুথপেষ্ট লগোৱাৰ নিয়মটো মানুহৰ মাজত বিয়পি পৰাৰ বিপৰীতে ছালৰ বিশেষজ্ঞই এই পদ্ধিতক অস্বীকাৰ কৰে। এনে সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক।

 উল্লেখ্য যে বেছিভাগ সময়তে ছালত জ্বলা-পোৰাৰ বাবে ঘাঁ হয়, তেন্তে তাত টুথপেষ্ট নলগাব। বিশেষজ্ঞসকলৰ মতে, এই পদ্ধতিৰ ফলত ছালৰ অধিক ক্ষতি হ’ব পাৰে। কেৱল এয়াই নহয়, ঘৰুৱা উপায়েৰে চেষ্টা কৰাৰ পৰা বিৰত থাকিব লাগে। যেতিয়া ছালখন জ্বলে, বিশেষজ্ঞসকলৰ মতে এনে আঘাতত বীজাণু জমা হ’ব পাৰে। বৰঞ্চ বেণ্ডেজ কৰি আঘাতটো ভাল হ’বলৈ দিব লাগে। ইয়াৰ বাহিৰেও চিকিৎসকৰ পৰামৰ্শ মতে এন্টিবায়টিক সেৱন কৰিব লাগে। যদি ফটকাৰ ফলত সৰু শিশুৰ ছালত আঘাত হয়, তেন্তে এই অৱস্থাত ঘৰুৱা উপায় গ্ৰহণ কৰাৰ পৰিৱৰ্তে পোনপটীয়াকৈ শিশু বিশেষজ্ঞৰ ওচৰলৈ লৈ যাওক। এই ভুলৰ ফলত শিশুৰ ছালৰ অধিক ক্ষতি হ’ব পাৰে।

 ছাল জ্বলিলে এইসমূহ নিয়ম মানি চলক-

* বিশেষজ্ঞসকলৰ মতে যদি আপুনি ছাল পোৰাৰ বাবে ঘৰুৱা উপায় গ্ৰহণ কৰি ভালপায়, তেন্তে এলোভেৰা জেলৰ সহায় লওক। এলোভেৰা জেলত থকা এন্টিবেক্টেৰিয়েল আৰু অন্যান্য উপাদানে আঘাত সোনকালে নিৰাময় কৰে।

* ছাল জ্বলা-পোৰাৰ পৰা হাত সাৰিবলৈ তৎক্ষণাত মৌৰ ঘৰুৱা উপায় গ্ৰহণ কৰক। ইয়াৰ বাবে আপুনি প্ৰথমে আঘাতৰ বাবে ব্যৱহাৰ কৰা বগা বেণ্ডেজত মৌ লগাই পোনে পোনে পোৰা ঠাইত লগাব লাগে। দিনটোত তিনি-চাৰিবাৰ এই কাম কৰাৰ লগতে সময়ে সময়ে বেণ্ডেজ সলনি কৰিব লাগে।

* ছাল জ্বলিলে লগে লগে তাৰ ওপৰত ঠাণ্ডা পানী ঢালিবলৈ আৰম্ভ কৰক। কমেও ১০ মিনিট সময় এই কামটো কৰক। জ্বলা ছালত বৰফ লগোৱা ভুল নকৰিব। বৰফে আপোনাক সকাহ দিব কিন্তু ই আপোনাৰ তেজৰ সোঁত বন্ধ কৰি দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু