--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দীপাৱলীক বছৰৰ আটাইতকৈ ডাঙৰ উৎসৱ হিচাপে গণ্য কৰা হয় আৰু সকলোৱে নিজ নিজ পদ্ধতিৰে এই উৎসৱ পালন কৰে। ঘৰ সজাই তোলাৰ উপৰি সোৱাদযুক্ত খাদ্য, সাজ-পোছাক, ফটকা ফুটোৱা আদি এই উৎসৱৰ এটা প্ৰধান অংশ। ফটকা জ্বলোৱাটো এটা সাধাৰণ কথা আৰু শিশুৱে ইয়াক আটাইতকৈ বেছি কৰি ভালপায়। সেয়েহে দীপাৱলী উদযাপনৰ সময়ত কেতিয়াবা ফটকা ফটোৱা সময়ত প্ৰায়ে ছাল জ্বলা-পোৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়। এনে অৱস্থাত মানুহে প্ৰায়ে ঘৰুৱা প্ৰতিকাৰ বিচাৰে। পোৰা ছালত টুথপেষ্ট লগোৱাৰ নিয়মটো মানুহৰ মাজত বিয়পি পৰাৰ বিপৰীতে ছালৰ বিশেষজ্ঞই এই পদ্ধিতক অস্বীকাৰ কৰে। এনে সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক।

 উল্লেখ্য যে বেছিভাগ সময়তে ছালত জ্বলা-পোৰাৰ বাবে ঘাঁ হয়, তেন্তে তাত টুথপেষ্ট নলগাব। বিশেষজ্ঞসকলৰ মতে, এই পদ্ধতিৰ ফলত ছালৰ অধিক ক্ষতি হ’ব পাৰে। কেৱল এয়াই নহয়, ঘৰুৱা উপায়েৰে চেষ্টা কৰাৰ পৰা বিৰত থাকিব লাগে। যেতিয়া ছালখন জ্বলে, বিশেষজ্ঞসকলৰ মতে এনে আঘাতত বীজাণু জমা হ’ব পাৰে। বৰঞ্চ বেণ্ডেজ কৰি আঘাতটো ভাল হ’বলৈ দিব লাগে। ইয়াৰ বাহিৰেও চিকিৎসকৰ পৰামৰ্শ মতে এন্টিবায়টিক সেৱন কৰিব লাগে। যদি ফটকাৰ ফলত সৰু শিশুৰ ছালত আঘাত হয়, তেন্তে এই অৱস্থাত ঘৰুৱা উপায় গ্ৰহণ কৰাৰ পৰিৱৰ্তে পোনপটীয়াকৈ শিশু বিশেষজ্ঞৰ ওচৰলৈ লৈ যাওক। এই ভুলৰ ফলত শিশুৰ ছালৰ অধিক ক্ষতি হ’ব পাৰে।

 ছাল জ্বলিলে এইসমূহ নিয়ম মানি চলক-

* বিশেষজ্ঞসকলৰ মতে যদি আপুনি ছাল পোৰাৰ বাবে ঘৰুৱা উপায় গ্ৰহণ কৰি ভালপায়, তেন্তে এলোভেৰা জেলৰ সহায় লওক। এলোভেৰা জেলত থকা এন্টিবেক্টেৰিয়েল আৰু অন্যান্য উপাদানে আঘাত সোনকালে নিৰাময় কৰে।

* ছাল জ্বলা-পোৰাৰ পৰা হাত সাৰিবলৈ তৎক্ষণাত মৌৰ ঘৰুৱা উপায় গ্ৰহণ কৰক। ইয়াৰ বাবে আপুনি প্ৰথমে আঘাতৰ বাবে ব্যৱহাৰ কৰা বগা বেণ্ডেজত মৌ লগাই পোনে পোনে পোৰা ঠাইত লগাব লাগে। দিনটোত তিনি-চাৰিবাৰ এই কাম কৰাৰ লগতে সময়ে সময়ে বেণ্ডেজ সলনি কৰিব লাগে।

* ছাল জ্বলিলে লগে লগে তাৰ ওপৰত ঠাণ্ডা পানী ঢালিবলৈ আৰম্ভ কৰক। কমেও ১০ মিনিট সময় এই কামটো কৰক। জ্বলা ছালত বৰফ লগোৱা ভুল নকৰিব। বৰফে আপোনাক সকাহ দিব কিন্তু ই আপোনাৰ তেজৰ সোঁত বন্ধ কৰি দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ