--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘লাডলী বেহেনা’ আঁচনি ঘোষণাৰ  মাজতে ভোটগ্ৰহণমুখী মহাৰাষ্ট্ৰত আন এক ডাঙৰ ঘোষণা। শিন্দে চৰকাৰে এই বুলি ঘোষণা কৰিছে  যে মহিলাৰ উপৰি চৰকাৰে প্ৰতিমাহে পুৰুষকো আৰ্থিক সাহায্য প্ৰদান কৰিব। মুখ্যমন্ত্ৰী একনাথ শিণ্ডেই এই ঘোষণা কৰে। পুৰুষৰ বাবে মুকলি কৰা  এই প্ৰকল্পৰ নাম 'লাডলা ভাই যোজনা' ৰখা হৈছে। 

য’ত স্নাতক উত্তীৰ্ণ ছাত্ৰক  প্ৰতিমাহে ১০ হাজাৰ টকা দিয়া হ’ব।আছাৰী একাদশী উপলক্ষে মুখ্যমন্ত্ৰী একনাথ শিন্দেই পূব মহাৰাষ্ট্ৰৰ বিত্তল মন্দিৰত  পূজা-অৰ্চনা  কৰে। শিৱসেনাৰ নেতাগৰাকীয়ে  এখন সভাতো অংশগ্ৰহণ কৰে । সেই সভাতেই  তেওঁ ঘোষণা কৰে যে মহাৰাষ্ট্ৰ চৰকাৰে ল’ৰাৰ বাবেও নতুন আঁচনি আৰম্ভ কৰিবলৈ ওলাইছে। এই আঁচনিখনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰতিজন যুৱকক প্ৰতিমাহে ৬ হাজাৰ টকা ভাট্টা প্ৰদান কৰা হ’ব। ডিপ্লমা কৰা সকলে মাহে ৮০০০ টকা আৰু প্ৰতিজন স্নাতক যুৱকক ১০ হাজাৰ টকা দিব। 

অৱশ্যে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ইতিমধ্যে মহাৰাষ্ট্ৰৰ ‘লাডলী বেহেনা’ প্ৰকল্পক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কেৱল মহিলাসকলক আৰ্থিক সাহায্য প্ৰদানৰ  সন্দৰ্ভত তেওঁ কৈ আহিছে  যে এই আঁচনি কেৱল মহাৰাষ্ট্ৰৰ নিবনুৱা যুৱক-যুৱতীসকলক  দিয়া উচিত। কাৰণ আজিকালি কৰ্মক্ষেত্ৰত পুৰুষ-মহিলাৰ কোনো পাৰ্থক্য দেখা নাযায়। ফলত মহিলাসকলে পালে পুৰুষেও পাব লাগে। এই প্ৰকল্পত তৃতীয় লিংগকো অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় থাকৰেই।এনে দাবীৰ মাজতে শিন্দে  চৰকাৰে পুৰুষৰ বাবেও আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী