--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাত এতিয়া দুই পুৰণি বন্ধুৰ মিলন ঘটিছে। তেওঁলোক হৈছে লোক জনশক্তি পাৰ্টিৰ সাংসদ চিৰাগ পাছৱান আৰু  বিজেপিৰ সাংসদ কংগনা ৰাণাৱত। কংগনাৰ সৈতে থকা বন্ধুত্বৰ কথা ক’বলৈ গৈ চিৰাগে কয় যে  সংসদত তেওঁ কংগনাক  বিচাৰি ফুৰিছিল। অৱশেষত কংগনা সংসদলৈ আহিবলৈ সক্ষম হ’ল।  চিৰাগে  কয় যে দুয়োৰে বলীউডৰ পৰাই ভাল বন্ধুত্ব আছে, কিন্তু যোৱা কেইবছৰমানৰ পৰা তেওঁলোকে ইজনে-সিজনক লগ কৰিব পৰা নাছিল, সেয়েহে তেওঁলোকে লগ হ’ব বিচাৰিছিল।

এক সাক্ষাৎকাৰত চিৰাগ পাছোৱানেও কংগনা ৰাণৱতৰ সৈতে  থকা তেওঁৰ বন্ধুত্বৰ লগতে নিজৰ ৰাজনৈতিক তথা বলীউড যাত্ৰাৰ বিষয়ে  কয়।চিৰাগে কয়-  কংগনা মোৰ ভাল বন্ধু। বলীউডত থকাৰ দিনৰে পৰাই  কংগনাৰ সৈতে মোৰ ভাল বন্ধুত্ব  গঢ় লৈ উঠিছিল।  মই তেওঁক সংসদত বিচাৰি আছিলো, তেওঁক লগ কৰিবলৈ। যোৱা ২-৩ বছৰ ধৰি মই বহুত ব্যস্ত আছিলো বাবে আমাৰ মাজত যোগাযোগ  হেৰাই গৈছিল। তেওঁ আৰু কয় যে বহু সময়ত কংগনা ৰাজনৈতিকভাৱে শুদ্ধ নহয়, কিন্তু তেওঁৰ কথা কোৱাৰ ধৰণ আৰু তেওঁ ক’ত কি ক’ব আৰু কেতিয়া ক’ব লাগে সেয়া জানে। 
বলীউড যাত্ৰাৰ কথা কওঁতে চিৰাগ পাছোৱানে কয় - সেয়া এক বেলেগ সময় আছিল। কঠিন আছিল নে সহজ আছিল নাজানো, কিন্তু সময় সঁচাকৈয়ে  বেলেগ আছিল। তেওঁ কয়, ‘মোৰ পৰিয়ালৰ কোনো লোক কেতিয়াও বলীউডলৈ যোৱা নাই আৰু মোৰ সাতটা বংশৰ লোকৰো  ছবিৰ সৈতে কোনো সম্পৰ্ক নাই। এনে পৰিস্থিতিত মই বলীউডত প্ৰৱেশ কৰা বংশৰ প্ৰথম প্ৰজন্ম, কিন্তু অতি সোনকালেই বুজিলোঁ যে এয়া এক দুৰ্যোগ। দেশখনে এই কথা গম পোৱাৰ আগতেই মই বুজিলোঁ যে মই দুৰ্যোগৰহে সৃষ্টি কৰিছো।

চিৰাগ পাছোৱানে আৰু কয়- মেক-আপ কৰা আৰু সংলাপ মুখস্থ কৰাটো মই কৰিব পৰা কাম নাছিল। সকলোৱে  নিশ্চয় মোক দেখিছে যে সংসদত বা ৰেলীত কথা কওঁতে মই কোনো কথা লিখি আনি সেয়া নপঢ়ো।সেই মুহূৰ্তত মনলৈ যি আহে তাকেই কওঁ।
,


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন