--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাত এতিয়া দুই পুৰণি বন্ধুৰ মিলন ঘটিছে। তেওঁলোক হৈছে লোক জনশক্তি পাৰ্টিৰ সাংসদ চিৰাগ পাছৱান আৰু  বিজেপিৰ সাংসদ কংগনা ৰাণাৱত। কংগনাৰ সৈতে থকা বন্ধুত্বৰ কথা ক’বলৈ গৈ চিৰাগে কয় যে  সংসদত তেওঁ কংগনাক  বিচাৰি ফুৰিছিল। অৱশেষত কংগনা সংসদলৈ আহিবলৈ সক্ষম হ’ল।  চিৰাগে  কয় যে দুয়োৰে বলীউডৰ পৰাই ভাল বন্ধুত্ব আছে, কিন্তু যোৱা কেইবছৰমানৰ পৰা তেওঁলোকে ইজনে-সিজনক লগ কৰিব পৰা নাছিল, সেয়েহে তেওঁলোকে লগ হ’ব বিচাৰিছিল।

এক সাক্ষাৎকাৰত চিৰাগ পাছোৱানেও কংগনা ৰাণৱতৰ সৈতে  থকা তেওঁৰ বন্ধুত্বৰ লগতে নিজৰ ৰাজনৈতিক তথা বলীউড যাত্ৰাৰ বিষয়ে  কয়।চিৰাগে কয়-  কংগনা মোৰ ভাল বন্ধু। বলীউডত থকাৰ দিনৰে পৰাই  কংগনাৰ সৈতে মোৰ ভাল বন্ধুত্ব  গঢ় লৈ উঠিছিল।  মই তেওঁক সংসদত বিচাৰি আছিলো, তেওঁক লগ কৰিবলৈ। যোৱা ২-৩ বছৰ ধৰি মই বহুত ব্যস্ত আছিলো বাবে আমাৰ মাজত যোগাযোগ  হেৰাই গৈছিল। তেওঁ আৰু কয় যে বহু সময়ত কংগনা ৰাজনৈতিকভাৱে শুদ্ধ নহয়, কিন্তু তেওঁৰ কথা কোৱাৰ ধৰণ আৰু তেওঁ ক’ত কি ক’ব আৰু কেতিয়া ক’ব লাগে সেয়া জানে। 
বলীউড যাত্ৰাৰ কথা কওঁতে চিৰাগ পাছোৱানে কয় - সেয়া এক বেলেগ সময় আছিল। কঠিন আছিল নে সহজ আছিল নাজানো, কিন্তু সময় সঁচাকৈয়ে  বেলেগ আছিল। তেওঁ কয়, ‘মোৰ পৰিয়ালৰ কোনো লোক কেতিয়াও বলীউডলৈ যোৱা নাই আৰু মোৰ সাতটা বংশৰ লোকৰো  ছবিৰ সৈতে কোনো সম্পৰ্ক নাই। এনে পৰিস্থিতিত মই বলীউডত প্ৰৱেশ কৰা বংশৰ প্ৰথম প্ৰজন্ম, কিন্তু অতি সোনকালেই বুজিলোঁ যে এয়া এক দুৰ্যোগ। দেশখনে এই কথা গম পোৱাৰ আগতেই মই বুজিলোঁ যে মই দুৰ্যোগৰহে সৃষ্টি কৰিছো।

চিৰাগ পাছোৱানে আৰু কয়- মেক-আপ কৰা আৰু সংলাপ মুখস্থ কৰাটো মই কৰিব পৰা কাম নাছিল। সকলোৱে  নিশ্চয় মোক দেখিছে যে সংসদত বা ৰেলীত কথা কওঁতে মই কোনো কথা লিখি আনি সেয়া নপঢ়ো।সেই মুহূৰ্তত মনলৈ যি আহে তাকেই কওঁ।
,


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক