--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰে পুনৰ গঠন কৰিলে নিটি আয়োগ। নিটি  আয়োগত চৰকাৰে এইবাৰ বিজেপিৰ মিত্ৰজোঁটৰ লোকক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।  নতুন মন্ত্ৰীসভা গঠনৰ পিছতে বহু নতুন মুখৰ অন্তৰ্ভুক্তিৰে নীতি আয়োগ পুনৰ গঠন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অংশীদাৰ দলসমূহৰ মন্ত্ৰীসকলে তাত অতিৰিক্ত গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে।

মঙলবাৰে নিশা নিটি আয়োগৰ পুনৰ্গঠন সন্দৰ্ভত এক অধিসূচনা প্ৰকাশ কৰে  কেবিনেট সচিবালয়ে। বিজেপিৰ উপৰি অংশীদাৰ দলৰ কেইবাজনকো  সদস্যৰ তালিকাত স্থান দিয়া হৈছে। নতুন অধিসূচনা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঠাইত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক নিটি আয়োগৰ সদস্য কৰা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহ, কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণো সদস্যৰ তালিকাত আছে। জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক বিশেষ আমন্ত্ৰিত সদস্য হিচাবে ৰখা হৈছে। এই তালিকাত জনতা দল ইউনাইটেডৰ ৰাজীৱ ৰঞ্জন সিং ওৰফে লল্লন সিং, হিন্দুস্তানী আম মৰ্চাৰ জিতন ৰাম মাঝি, পিপলছ শক্তিৰ চিৰাগ পাছোৱান, জনতা দল চেকুলাৰৰ এইচ ডি কুমাৰস্বামী আৰু টিডিপিৰ কে আৰ নাইডুও আছে।

নিটি আয়োগত কেবিনেট সদস্যসকলৰ লগতে দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু বিষয়াসকলো আছে। পূৰ্বৰ দৰেই নিটি আয়োগৰ ভাইচ চেয়াৰমেন হ’ব সুমন কে বেৰী আৰু সদস্যৰ তালিকাত ভি কে সৰস্বত, ৰমেশ চান্দ, ভি কে পল আৰু অৰবিন্দ বীৰমণি আদি ব্যক্তিসকল আছে। ইয়াৰ উপৰি বীৰেন্দ্ৰ কুমাৰ, জুৱেল ওৰাম, অন্নপূৰ্ণা দেৱী আৰু ইন্দ্ৰজিৎ সিং বিশেষ আমন্ত্ৰিত হিচাবে আছে। 

মন কৰিবলগীয়া যে নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত পূৰ্বৰ পৰিকল্পনা আয়োগ ভংগ  কৰি নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বা নিটি আয়োগ গঠন কৰিছিল। অৱশ্যে মমতা বেনাৰ্জী আৰু দেশৰ কেইবাগৰাকীও নেতাই পৰিকল্পনা আয়োগ পুনৰ গঠনৰ  বাবে বাৰে বাৰে দাবী উত্থাপন কৰি আহিছে। কাৰণ পৰিকল্পনা আয়োগত ৰাজ্যসমূহৰ মতামতক গুৰুত্ব দিয়া হৈছিল যদিও নিটি আয়োগত তেনে বিশেষ সুবিধা নাই। নতুন ব্যৱস্থাত নীতিগত সিদ্ধান্ত বা পৰামৰ্শ ৰাজ্যসমূহলৈ নিৰ্দেশনা হিচাপে প্ৰেৰণ কৰা হয়। দেশৰ উন্নয়ন সম্পৰ্কীয় পৰিকল্পনাৰ খচৰা প্ৰস্তুত আৰু ৰূপায়ণত নিটি আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন