--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰে পুনৰ গঠন কৰিলে নিটি আয়োগ। নিটি  আয়োগত চৰকাৰে এইবাৰ বিজেপিৰ মিত্ৰজোঁটৰ লোকক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।  নতুন মন্ত্ৰীসভা গঠনৰ পিছতে বহু নতুন মুখৰ অন্তৰ্ভুক্তিৰে নীতি আয়োগ পুনৰ গঠন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অংশীদাৰ দলসমূহৰ মন্ত্ৰীসকলে তাত অতিৰিক্ত গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে।

মঙলবাৰে নিশা নিটি আয়োগৰ পুনৰ্গঠন সন্দৰ্ভত এক অধিসূচনা প্ৰকাশ কৰে  কেবিনেট সচিবালয়ে। বিজেপিৰ উপৰি অংশীদাৰ দলৰ কেইবাজনকো  সদস্যৰ তালিকাত স্থান দিয়া হৈছে। নতুন অধিসূচনা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঠাইত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক নিটি আয়োগৰ সদস্য কৰা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহ, কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণো সদস্যৰ তালিকাত আছে। জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক বিশেষ আমন্ত্ৰিত সদস্য হিচাবে ৰখা হৈছে। এই তালিকাত জনতা দল ইউনাইটেডৰ ৰাজীৱ ৰঞ্জন সিং ওৰফে লল্লন সিং, হিন্দুস্তানী আম মৰ্চাৰ জিতন ৰাম মাঝি, পিপলছ শক্তিৰ চিৰাগ পাছোৱান, জনতা দল চেকুলাৰৰ এইচ ডি কুমাৰস্বামী আৰু টিডিপিৰ কে আৰ নাইডুও আছে।

নিটি আয়োগত কেবিনেট সদস্যসকলৰ লগতে দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু বিষয়াসকলো আছে। পূৰ্বৰ দৰেই নিটি আয়োগৰ ভাইচ চেয়াৰমেন হ’ব সুমন কে বেৰী আৰু সদস্যৰ তালিকাত ভি কে সৰস্বত, ৰমেশ চান্দ, ভি কে পল আৰু অৰবিন্দ বীৰমণি আদি ব্যক্তিসকল আছে। ইয়াৰ উপৰি বীৰেন্দ্ৰ কুমাৰ, জুৱেল ওৰাম, অন্নপূৰ্ণা দেৱী আৰু ইন্দ্ৰজিৎ সিং বিশেষ আমন্ত্ৰিত হিচাবে আছে। 

মন কৰিবলগীয়া যে নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত পূৰ্বৰ পৰিকল্পনা আয়োগ ভংগ  কৰি নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বা নিটি আয়োগ গঠন কৰিছিল। অৱশ্যে মমতা বেনাৰ্জী আৰু দেশৰ কেইবাগৰাকীও নেতাই পৰিকল্পনা আয়োগ পুনৰ গঠনৰ  বাবে বাৰে বাৰে দাবী উত্থাপন কৰি আহিছে। কাৰণ পৰিকল্পনা আয়োগত ৰাজ্যসমূহৰ মতামতক গুৰুত্ব দিয়া হৈছিল যদিও নিটি আয়োগত তেনে বিশেষ সুবিধা নাই। নতুন ব্যৱস্থাত নীতিগত সিদ্ধান্ত বা পৰামৰ্শ ৰাজ্যসমূহলৈ নিৰ্দেশনা হিচাপে প্ৰেৰণ কৰা হয়। দেশৰ উন্নয়ন সম্পৰ্কীয় পৰিকল্পনাৰ খচৰা প্ৰস্তুত আৰু ৰূপায়ণত নিটি আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক