--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মালক্ষ্মীৰ পূজাৰ বাবে শুক্ৰবাৰৰ দিনটো বিশেষ ফলদায়ক বুলি মানি লোৱা হয়, মা লক্ষ্মীৰ কৃপাত ধন, সম্পত্তি পোৱা যায়। শুক্রবাৰৰ দিনটো শুক্ৰগ্ৰহৰ নামত সমৰ্পিত। কোৱা হয় যে এই দিনটোত সকলো শুভ কাম সম্পন্ন হয়। জানো আঁহক শুক্ৰবাৰৰ দিনটোত কি কি কাম কৰিব নালাগে :

মালক্ষ্মী বিধিগত পূজাৰ দ্বাৰা প্ৰসন্ম হয়। কিন্তু এনে কিছুমান কাম আছে যিবোৰত লক্ষ্মী মা সন্তুষ্ট নহয়। জানি বুজি বা নজনাকে কৰা কিছুমান কামৰ বাবে লক্ষ্মী মা অসন্তুষ্ট হয় যাৰ ফল আপোনাৰ লগতে ঘৰৰ সদস্যবোৰেও সমস্যাৰ সন্মুখীন হব লগা হয় । তেনে ক্ষেত্ৰত ঘৰত ধনৰ অভাৱ হয় আৰু দৰিদ্ৰতাই দেখা দিয়ে। আহক জানো শুক্রবাৰৰ দিনটোত কি কি কাম কৰিব নালাগে।

ঘৰৰ দুৱাৰ

শাস্ত্ৰৰ মতে পূজাৰ সময়ত ঘৰৰ মূল দুৱাৰ পুৱা-গধূলি সদায় খুলি ৰাখিব লাগে। বিশ্বাস কৰা হয় যে মালক্ষ্মী ভ্ৰমণৰ বাবে ওলাই আহে আৰু ঘৰৰ দুৱাৰ বন্ধ দেখিলে উভতি যায়। যদি লক্ষ্মী মাৰ আশীৰ্বাদ বিচাৰিছে গধূলি বন্তি জ্বলোৱা সময়ত ঘৰৰ দুৱাৰ বন্ধ নকৰিব ৷

ধাৰ লোৱা

শুক্ৰবাৰৰ দিনটোত ধাৰ লোৱাটো অশুভ বুলি কোৱা হয়। মানি লোৱা হয় যে এই দিনটোত কৰোবাৰ পৰা ধাৰ ললে আৰু ধাৰ দিলে লক্ষ্মী মা অসন্তুষ্ট হয়, কয় যে এই দিনটোত কাৰোবাক ধাৰ দিয়া টকা উভটাই পোৱা নাযায়।যদি কৰোবাৰ পৰা ধাৰ লোৱা হয় সেই টকা উভতাই দিয়াৰ ক্ষেত্ৰত সমস্যা হয়।

মহিলাৰ অনাদৰ

মহিলাসকল প্ৰত্যেক দিনায়ে সন্মানৰ পাত্ৰ। শুক্রবাৰৰ দিনা মহিলা, ছোৱালী আৰু ক্লীৱ লিংগসকলক কেতিয়াও অপমান কৰিব নালাগে। প্রত্যোক মহিলা দেৱী স্বৰূপ।তেওঁলোকক অপমান কৰা মানে দেৱীক অনাদৰ কৰা বুজাই। এনে কৰিলে ধনবান ব্যক্তিও দৰিদ্ৰতাৰ কবলত পৰে৷

চেনি

শুক্ৰবাৰৰ দিনটোত যিকোনো বস্তু দান কৰা শুভ, কিন্তু চেনি দান কৰাটো শুভ নহয়। চেনিৰ সম্বন্ধ শুক্রগ্ৰহৰ লগত আছে। শুক্রবাৰৰ দিনটোত চেনি দান কৰিলে সুখ-শান্তি আৰু সমৃদ্ধি নোহোৱা হয় আৰু টকা-পইচা হ্রাস হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু