--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বন্ধুত্ব দিৱসৰ বাস্তু উপায়ঃ ৭ আগষ্টত ভাৰতত বন্ধুত্ব দিৱস পালন কৰা হ’ব। জানেনে কি কি ভুলৰ বাবে বন্ধুত্বত ফাঁট মেলিব পাৰে আৰু বন্ধুবৰ্গক কি উপহাৰ দিব নালাগে?

 প্ৰত্যেকৰে জীৱনত এনেকুৱা এজন ব্যাক্তি থাকে, যিয়ে প্ৰতিটো ভাল-বেয়া, সুখ-দুখৰ সময়ত ছাঁৰ দৰে আমাৰ লগত থাকে, আমাৰ যত্ন লয়। পৰিয়ালৰ পাছত বন্ধুৱে একমাত্ৰ সংগী যাৰ সৈতে আমি মনৰ কথা পাতিব পাৰো, মত বিনিময় কৰিব পৰো। বন্ধু অহিবনে আমি অকলশৰীয়া হৈ পৰো, জীৱনটো আধৰুৱা যেন অনুভৱ হয়। বন্ধু এজনেই নহওঁক কিয় সঁচা হ’ব লাগে?

 বন্ধুত্বৰ মাজত কেতিয়াবা কাজিয়া হোৱাতো স্বাভাৱিক, কিন্তু যদি এনে পৰিস্থিতি বাৰে বাৰে সৃষ্টি এনেকুৱা পৰিস্থিতি বাস্তু দোষৰ বাবে হ’ব পাৰে। বাস্তুৰ বাবে বন্ধুত্বৰ মাজত একো কাৰণ নোহোৱাকৈ সৃষ্টি হোৱা সমস্যাবোৰৰ বাবে বহু পুৰণি বন্ধুত্বৰ সম্পৰ্ক ভাঙি যোৱাৰ পৰ্যায় আহি পৰে। আহক জানো বাস্তুৰ কি ভুলৰ বাবে বন্ধুত্বৰ সম্পৰ্কত বিচ্ছেদ আহি পৰে। এই ভুলবোৰ সোনকালে শুধৰাই লওঁক নহ’লে আপোনাৰ ভাল বন্ধুজন আপোনাৰ শত্ৰু হৈ পৰিব।

 ১. মূখ্য দুৱাৰঃ-ঘৰৰ মূখ্য দুৱাৰৰ লেতেৰা বাস্তু দোষৰ কাৰণ হ’ব পাৰে। শাস্ত্ৰৰ মতে মুখ্য দুৱাৰৰ ওচৰ-পাঁজৰৰ ঠাইবোৰ চাফা কৰি নাৰাখিলে বন্ধুত্বৰ মাজত সমস্যাৰ সৃষ্টি কৰে। মূখ্যদ্বাৰত লেতেৰা কাপোৰ নাৰাখিব, ইয়ে বন্ধুৰ সম্পৰ্কত মতভেদ আনে, এই স্থান সদায় পৰিষ্কাৰ কৰি ৰখা উচিত।

 ২. বিনিময়ঃ-বাস্তুশাস্ত্ৰত ক’লা ৰঙটোক অশুভ বুলি ধৰা হয়। বন্ধুৰ মাজৰ ক’লা ৰঙৰ বস্তু আদান-প্ৰদান ভাল বুলি মানি নলয়। ক’লা ৰঙে ৰাহুক প্ৰভাৱিত কৰে যি বন্ধুৰ বাবে শুভ নহয়। সেইটো ক’লা ৰঙৰ কাপোৰ বা বেলেগ উপহাৰো হ’ব পাৰে।

 ৩. উপহাৰঃ-বন্ধুত্ব দিৱসত বন্ধুসকলক বহুতো উপহাৰ দিয়া হয়। নিজৰ বন্ধুক কেতিয়াও ভুলতেও ৰুমাল আৰু পাৰফিউম উপহাৰ নিদিব। বাস্তুৰ মতে ই অশুভ, ইয়ে বন্ধুত্বৰ মাজত বিশ্বাস কমাই আৰু সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰে।

 ৪. শনিবাৰঃ-বাস্তুৰ মতে শনিবাৰে বন্ধুৰ লগত লেন-দেন কৰাৰ পৰা বিৰত থাকক। কাৰণ নোহোৱাকে মতবিৰোধ নকৰিব, তেনে কৰিলে বিবাদৰ সৃষ্টি হ’ব পাৰে। সৰু কথাত এটাই ভয়ানক ৰূপ ল’ব পাৰে, সেইবাবে বন্ধুৰ সৈতে নম্ৰ ব্যৱহাৰ কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ