--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বন্ধুত্ব দিৱসৰ বাস্তু উপায়ঃ ৭ আগষ্টত ভাৰতত বন্ধুত্ব দিৱস পালন কৰা হ’ব। জানেনে কি কি ভুলৰ বাবে বন্ধুত্বত ফাঁট মেলিব পাৰে আৰু বন্ধুবৰ্গক কি উপহাৰ দিব নালাগে?

 প্ৰত্যেকৰে জীৱনত এনেকুৱা এজন ব্যাক্তি থাকে, যিয়ে প্ৰতিটো ভাল-বেয়া, সুখ-দুখৰ সময়ত ছাঁৰ দৰে আমাৰ লগত থাকে, আমাৰ যত্ন লয়। পৰিয়ালৰ পাছত বন্ধুৱে একমাত্ৰ সংগী যাৰ সৈতে আমি মনৰ কথা পাতিব পাৰো, মত বিনিময় কৰিব পৰো। বন্ধু অহিবনে আমি অকলশৰীয়া হৈ পৰো, জীৱনটো আধৰুৱা যেন অনুভৱ হয়। বন্ধু এজনেই নহওঁক কিয় সঁচা হ’ব লাগে?

 বন্ধুত্বৰ মাজত কেতিয়াবা কাজিয়া হোৱাতো স্বাভাৱিক, কিন্তু যদি এনে পৰিস্থিতি বাৰে বাৰে সৃষ্টি এনেকুৱা পৰিস্থিতি বাস্তু দোষৰ বাবে হ’ব পাৰে। বাস্তুৰ বাবে বন্ধুত্বৰ মাজত একো কাৰণ নোহোৱাকৈ সৃষ্টি হোৱা সমস্যাবোৰৰ বাবে বহু পুৰণি বন্ধুত্বৰ সম্পৰ্ক ভাঙি যোৱাৰ পৰ্যায় আহি পৰে। আহক জানো বাস্তুৰ কি ভুলৰ বাবে বন্ধুত্বৰ সম্পৰ্কত বিচ্ছেদ আহি পৰে। এই ভুলবোৰ সোনকালে শুধৰাই লওঁক নহ’লে আপোনাৰ ভাল বন্ধুজন আপোনাৰ শত্ৰু হৈ পৰিব।

 ১. মূখ্য দুৱাৰঃ-ঘৰৰ মূখ্য দুৱাৰৰ লেতেৰা বাস্তু দোষৰ কাৰণ হ’ব পাৰে। শাস্ত্ৰৰ মতে মুখ্য দুৱাৰৰ ওচৰ-পাঁজৰৰ ঠাইবোৰ চাফা কৰি নাৰাখিলে বন্ধুত্বৰ মাজত সমস্যাৰ সৃষ্টি কৰে। মূখ্যদ্বাৰত লেতেৰা কাপোৰ নাৰাখিব, ইয়ে বন্ধুৰ সম্পৰ্কত মতভেদ আনে, এই স্থান সদায় পৰিষ্কাৰ কৰি ৰখা উচিত।

 ২. বিনিময়ঃ-বাস্তুশাস্ত্ৰত ক’লা ৰঙটোক অশুভ বুলি ধৰা হয়। বন্ধুৰ মাজৰ ক’লা ৰঙৰ বস্তু আদান-প্ৰদান ভাল বুলি মানি নলয়। ক’লা ৰঙে ৰাহুক প্ৰভাৱিত কৰে যি বন্ধুৰ বাবে শুভ নহয়। সেইটো ক’লা ৰঙৰ কাপোৰ বা বেলেগ উপহাৰো হ’ব পাৰে।

 ৩. উপহাৰঃ-বন্ধুত্ব দিৱসত বন্ধুসকলক বহুতো উপহাৰ দিয়া হয়। নিজৰ বন্ধুক কেতিয়াও ভুলতেও ৰুমাল আৰু পাৰফিউম উপহাৰ নিদিব। বাস্তুৰ মতে ই অশুভ, ইয়ে বন্ধুত্বৰ মাজত বিশ্বাস কমাই আৰু সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰে।

 ৪. শনিবাৰঃ-বাস্তুৰ মতে শনিবাৰে বন্ধুৰ লগত লেন-দেন কৰাৰ পৰা বিৰত থাকক। কাৰণ নোহোৱাকে মতবিৰোধ নকৰিব, তেনে কৰিলে বিবাদৰ সৃষ্টি হ’ব পাৰে। সৰু কথাত এটাই ভয়ানক ৰূপ ল’ব পাৰে, সেইবাবে বন্ধুৰ সৈতে নম্ৰ ব্যৱহাৰ কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু