--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:হিকটি হৈছে এটা হঠাৎ হোৱা সমস্যা৷ ইয়াৰ অভিজ্ঞতা নথকা মানুহ বিৰল৷ অসমীয়া লোকবিশ্বাস মতে, হিকটি আহিলে মানুহজনক আঁতৰৰ পৰা কোনোবাই স্মৰণ কৰা বুলি কয়৷ কিন্তু বিজ্ঞানসন্মত কাৰণ হিচাপে ডাইফ্ৰাম, অৰ্থাৎ পেটৰ আৰু বুকুৰ মাজৰ মাংসপেশীৰ আকস্মিক সংকোচন হ’লে বায়ুনলীৰ উৰ্ধ্বাংশত অৱস্থিত শ্বাসৰন্ধ্ৰ জাপ খাই যোৱাৰ ফলত হিকটিৰ সৃষ্টি হয়৷ 

হিকটি এনে এটা সমস্যা যি তৎক্ষণাৎ বন্ধ হ’ব পাৰে বা নিয়মিতভাৱে হৈও থাকিব পাৰে৷ কেতিয়াবা হিকটি বছৰ বছৰ ধৰিও থাকি যাব পাৰে৷ গতিকে হিকটি ৰোগ নহয় বুলি অৱহেলা কৰিব নালাগে৷ ইয়াৰ উপৰি হিকটিৰ অন্য কাৰণ হৈছে– খৰধৰকৈ বেছি মাত্ৰাত ভোজন কৰিলে, ধূমপান বা মদ্যপান, শীতল পানীয় ওপৰা-উপৰিকৈ গ্ৰহণ, জ্বলা-মছলাযুক্ত খাদ্য খালে হিকটি আহিব পাৰে৷ সাধাৰণতে আমাৰ হিকটি আহিলে অলপ অলপকৈ পানী খোৱা, পাতল খাদ্য যেনে বিস্কুট বা আন তেনেজাতীয় বস্তু খোৱা, খুব মিহিকৈ আদা চকলিয়াই খালে হিকটি বন্ধ হয়৷ 

দীঘলকৈ উশাহ টানি কেইছেকেণ্ডমান ধৰি ৰাখিলেও হিকটি অহা বন্ধ হয়৷ আঁঠুকেইটা বুকুলৈ চপাই মূৰটো সন্মুখলৈ হাওলালে হিকটি বন্ধ হোৱা দেখা যায়৷ কেতিয়াবা আকৌ হিকটি অহাৰ সময়ত মনটো আন কথালৈ মনোযোগ দিলেও বন্ধ নোহোৱা বুলি বিশ্বাস৷ সঘনাই হিকটি আহি থাকিলে আমি চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰী৷

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ