--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: য়েমেনত হুথী বিদ্ৰোহীক লক্ষ্য কৰি আমেৰিকাই ভয়ংকৰ আক্ৰমণ চলোৱাৰ পাছত প্রতিশোধ কল্পে ৪৮ ঘণ্টাৰ ভিতৰত ইৰান সমর্থিত হুথী বিদ্রোহীয়ে আমেৰিকাৰ যুদ্ধ বিমান কঢ়িওৱা এটা গোটৰ বিৰুদ্ধে তৃতীয়টো আক্রমণ সংঘটিত কৰে। হুথী বিদ্রোহীয়ে টেলিগ্রামত প্রকাশ কৰে যে তেওঁলোকে ইউ এছ হেৰী এছ গোটক ক্ষেপণাস্ত্ৰ আৰু ড্ৰনেৰে আক্রমণ কৰে। 

উত্তৰ লোহিত সাগৰ অঞ্চলত আমেৰিকাৰ জাহাজত এইটো তৃতীয়টো আক্রমণ হুথী বিদ্রোহীৰ। শনিবাৰে য়েমেনৰ ছানা, ছাড়া আৰু অন্য প্রদেশসমূহত হুথী বিদ্রোহীক লক্ষ্য কৰি আমেৰিকাই চলোৱা বিধ্বংসী আক্রমণৰ পাছতেই বিদ্রোহী গোটটোৱে লোহিত সাগৰত মার্কিন জাহাজসমূহক আক্রমণৰ লক্ষ্য কৰি লয়।

হুথী বিদ্রোহীয়ে দাবী কৰা অনুসৰি, আমেৰিকাৰ আক্রমণত শিশু-মহিলাসহ ৫৩ লোকৰ মৃত্যু হৈছিল আৰু ১০০ জনতকৈ অধিক লোক আহত হৈছিল। ইফালে, ৱাশ্বিংটনৰ পৰা পোৱা বাতৰি অনুসৰি, আন্তঃৰাষ্ট্ৰীয় জাহাজ পৰিবহণ পথত যদি য়েমেনৰ হুথী বিদ্রোহীবোৰে আমেৰিকাৰ জাহাজক আক্রমণ কৰাটো বন্ধ নকৰে তেনেহ'লে ইৰানৰ পৰিণাম বিষম হ'ব বুলি আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পে ইৰানক সতর্ক কৰি দিয়ে। ট্রাম্পে কয় যে হুথী বিদ্রোহীয়ে চলোৱা প্রতিটো গুলীৰ বাবে ইৰান জগৰীয়া। উল্লেখযোগ্য যে তেহৰানে হুথী বিদ্রোহীবোৰক সমর্থন জনাই অহাৰ বাবে ট্রাম্প ইৰানৰ ওপৰত খর্গহস্ত হৈ পৰিছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ