--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশচাৰী সুনীতা উইলিয়ামছে ৯ মাহৰ অন্তত তেওঁৰ সহযোগী বাচ্চ উইলম’ৰৰ সৈতে পৃথিৱীলৈ উভতি আহিছে। মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত স্পেচএক্স ড্ৰেগন মহাকাশযানেৰে ধৰাত উপস্থিত হয় ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাচ্চ উইলম’ৰ। 

উল্লেখ্য যে, ভাৰতীয় সময় অনুসৰি ১৯ মাৰ্চৰ পুৱতি নিশা প্ৰায় ৩:২৭ বজাত ফ্লোৰিডাৰ সমুদ্ৰ পৃষ্ঠত অৱতৰণ কৰিলে ইলন মাস্কৰ SpaceXৰ Dragon। 

সুনীতা নিৰাপদে ঘূৰি অহাৰ বাবে অহৰহ প্ৰাৰ্থনা কৰি আছিল বিশ্ববাসীয়ে। এতিয়া তেওঁলোকৰ সফল অৱতৰণত সকলোতে বৈছে আনন্দৰ বন্যা। সুনীতাৰ পৃথিৱী পদাৰ্পণত মূল শিপাৰ গাঁও গুজৰাটৰ মেহছানাত বিশাল আতচবাজীৰে আৱতৰীয়া দীপাৱলী উদযাপন কৰা হৈছে। 

এনে সুখৰ মুহূৰ্ততে সুনীতাৰ ভগ্নী ফাল্গুনী পাণ্ডিয়াই এক বিশেষ কথা ব্যক্ত কৰিছে। ফাল্গুনীয়ে কয় যে ''সুনীতা উইলিয়ামছ অত্যন্ত ঈশ্বৰবিশ্বাসী। তেওঁ আধ্যাত্মিকতাত বিশ্বাস ৰাখে। ভগৱান গণেশক সুনীতাই নিজৰ বাবে লাকী বুলি গণ্য কৰে। সুনীতা উইলিয়ামছে ভগৱান গণেশৰ মূৰ্তি এটা লগত লৈ মহাকাশ কেন্দ্ৰলৈ গৈছিল আৰু গোটেই ৯ মাহ নিজৰ লগত ৰাখিছিল। ভগৱান গণেশ সদায় তেওঁৰ লগত আছে। ইয়াৰ পূৰ্বেও মহাকাশ ভ্ৰমণৰ সময়ত সুনীতাই ভাগৱত গীতা, শিৱ আৰু ঔমক কঢ়িয়াই লৈ গৈছিল।''

উল্লেখ্য যে সুনীতা উইলিয়ামছৰ পূৰ্বপুৰুষৰ গাঁও গুজৰাটৰ মেহছানাৰ ঝুলাছানত। মেহছানা সুনীতাৰ পিতৃ দীপক পাণ্ডিয়াৰ পূৰ্বপুৰুষৰ গাঁও। তেওঁৰ আত্মীয়-স্বজন ইয়াতেই থাকে। সুনীতাৰ ভাৰতৰ প্ৰতিও বৰ ভালপোৱা আছে। ভাৰতলৈও বহুবাৰ আহিছে। ফাল্গুনী পাণ্ডিয়াই কয় যে পৃথিৱীলৈ উভতি অহাৰ পিছত সুনীতাই ভাৰতলৈ অহাৰ পৰিকল্পনা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ