--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰিদ্ৰ আৰু অসহায় লোকৰ বাবে চৰকাৰে বহু চৰকাৰী আঁচনি প্ৰণয়ন কৰে যদিও বহু সময়ত ধূৰ্ত আৰু প্ৰৱঞ্চনামূলক অভিপ্ৰায়ৰ লোকে এই আঁচনিৰ সুবিধা লয়। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা আচৰিত ঘটনা পোহৰলৈ আহিছে য’ত এজন ব্যক্তিয়ে ছত্তীশগড়ত মহিলাসকলৰ বাবে চলি থকা চৰকাৰী আঁচনিৰ সুবিধা লাভৰ বাবে এক অতি আচহুৱা পদ্ধতি গ্ৰহণ কৰিছে। ব্যক্তিজনে ছানী লিয়নীৰ নামত নিজৰ একাউণ্ট পঞ্জীয়ন কৰি তাত জমা হোৱা ১০০০ টকাৰ ধনৰ সুবিধা ল’বলৈ আৰম্ভ কৰে। 

ছত্তীশগড় চৰকাৰী বিবাহিতা মহিলাৰ আঁচনিত এক চাঞ্চল্যকৰ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে, য’ত এগৰাকী ব্যক্তিয়ে অভিনেত্ৰী ছানী লিয়নীৰ নামত একাউণ্ট খুলি তাত প্ৰতিমাহে ১০০০ টকা জমা হোৱা ধনৰ লাভ উঠাইছিল ৷  বিষয়টো পোহৰলৈ অহাত আৰক্ষী আৰু বিভাগীয় বিষয়াসকল স্তম্ভিত হোৱাৰ বিপৰীতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও চৰকাৰী আঁচনিখনত সংঘটিত কেলেংকাৰীৰ বাবে গাফিলতি কৰা বিষয়াসকলক ক্ষোভিত কৰে।

এই একাউণ্ট পৰিচালনা কৰা ব্যক্তিজনক বীৰেন্দ্ৰ যোশী বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে অধিক ব্যৱস্থা গ্ৰহণৰ বাবে গোচৰ ৰুজু কৰা হৈছে। আঁচনিৰ যোগ্য হিতাধিকাৰীৰ পৰীক্ষণৰ দায়িত্বত থকা বিষয়াসকলকো চিনাক্ত কৰা হৈছে। ছত্তীশগড়ৰ বস্তৰ অঞ্চলৰ তালুৰ গাঁৱত এই জালিয়াতিৰ বাতৰি পোৱা গৈছে, জিলা উপায়ুক্ত হৰিশ এছে মহিলা আৰু শিশু উন্নয়ন বিভাগক বিষয়টোৰ পুংখানুপুংখ তদন্ত কৰি আদায়ৰ বাবে বেংক একাউণ্ট জব্দ কৰিবলৈ কয়।

মাহতাৰী বন্দন যোজনাত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তৎপৰতা বৃদ্ধি পাইছে প্ৰশাসনৰ । বাষ্টাৰৰ কালেক্টৰ হৰিছ এছে মাহতাৰী বন্দন যোজনাৰ গাঁও তালুৰৰ সৈতে জড়িত অনিয়মৰ তদন্ত কৰিবলৈ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা বিষয়াসকলৰ হাতত দায়িত্ব অৰ্পণ কৰে । লগতে সংশ্লিষ্ট আঁচনিৰ গৰাকীৰ বেংক একাউণ্টটো জব্দ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও এই গোচৰটোৰ সৈতে জড়িত গৰাকীৰ বিৰুদ্ধে FIR ৰুজু কৰাৰো নিৰ্দেশনা দিয়ে ৷

বাষ্টাৰ জিলাৰ এগৰাকী বিষয়াই জনোৱা মতে, সংবাদ মাধ্যমৰ জৰিয়তে ছানী লিয়নীয়ে প্ৰতিমাহে মাহতাৰী বন্দন যোজনাৰ অধীনত ১০০০ টকাকৈ পোৱাৰ অভিযোগ লাভ কৰিছিল । যাৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে আবেদনখন গাঁও তালুৰৰ অংগনৱাড়ী কৰ্মী বেদমতী যোশীৰ ID ত পঞ্জীয়ন কৰা হৈছে । গোচৰটোৰ তদন্তত বীৰেন্দ্ৰ যোশী নামৰ এজন ব্যক্তিয়ে প্ৰৱঞ্চনাৰে ধনখিনি নিজৰ একাউণ্টত লৈ আছে বুলি জানিব পৰা গৈছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ