--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰ ঘটনা!পঞ্জাৱৰ গুৰদাসপুৰৰ আৰক্ষী চকীত গ্ৰেনেড নিক্ষেপ কৰাৰ অভিযোগত তিনিজন সন্ত্ৰাসবাদীক বিচাৰি পঞ্জাৱ আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে যৌথ অভিযান চলাইছিল। উত্তৰ প্ৰদেশৰ পিলিভীত আৰক্ষীৰ সৈতে হোৱা এই মুখামুখি সংঘৰ্ষত তিনিওজন অপৰাধী নিহত হোৱা বুলি জানিব পৰা গৈছে। 

প্ৰাপ্ত খবৰ অনুসৰি অপৰাধী গুৰবিন্দৰ সিং, বীৰেন্দ্ৰ সিং আৰু যছনপ্ৰীত সিং আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। তেওঁলোক নিষিদ্ধ গোট খালিস্তান কমাণ্ডো ফৰ্চৰ সদস্য আছিল। তিনিওজনেই পঞ্জাৱৰ গুৰদাসপুৰৰ বাসিন্দা। তেওঁলোকৰ পৰা উদ্ধাৰ হৈছে দুটা এ কে ৪৭ ৰাইফল আৰু একাধিক পিষ্টল। আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও অপৰাধীয়ে গুলীচালনা আৰম্ভ কৰাত আৰক্ষীয়েও গুলিচলাবলৈ বাধ্য হয়। 

যোৱা বুধবাৰে গুৰদাসপুৰৰ এটা পৰিত্যক্ত আৰক্ষী আউটপোষ্টত আৰক্ষীৰ আউটপোষ্টত গ্ৰেনেড বিস্ফোৰণ হয়। যদিও বিস্ফোৰণত কোনো লোক আহত হোৱা নাই, আৰক্ষীৰ আৰক্ষীচকীৰ যথেষ্ট ক্ষতিসাধন হয়। নিষিদ্ধ খালিস্তানী গোটটোৱে ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি উত্তৰ প্ৰদেশ আৰু বিহাৰৰ আৰক্ষী জোৱানসকলে শিখৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ প্ৰতিবাদত আৰক্ষীৰ আউটপোষ্টত গ্ৰেনেড আক্ৰমণ সংঘটিত কৰা বুলি সদৰি কৰিছিল। ভৱিষ্যতেও শিখ অপমানৰ বিৰুদ্ধে থিয় দিব বুলি সকীয়াই দিয়ে নিষিদ্ধ গোটটোৱে।

বিগত কেইসপ্তাহমানৰ পৰা পঞ্জাৱৰ কেইবাটাও আৰক্ষী ঘাটিত বাৰে বাৰে আক্ৰমণ চলাই আহিছে নিষিদ্ধ সংগঠনটোৱে। এমাহ নৌহওঁতেই গুৰদাসপুৰ আক্ৰমণৰ পঞ্চমটো আক্ৰমণ।সেই ঘটনাৰ সৈতে জড়িত খলিস্তানী উগ্ৰপন্থীক বিচাৰি আছিল এই আৰক্ষীয়ে এই অভিযান চলাইছিল।এই অভিযানত সোমবাৰে পিলভীটত আৰক্ষীৰ গুলীচালনাত নিহত হয় সেই ‘ৱাণ্টেড’ অভিযুক্তসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু