--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰ ঘটনা!পঞ্জাৱৰ গুৰদাসপুৰৰ আৰক্ষী চকীত গ্ৰেনেড নিক্ষেপ কৰাৰ অভিযোগত তিনিজন সন্ত্ৰাসবাদীক বিচাৰি পঞ্জাৱ আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে যৌথ অভিযান চলাইছিল। উত্তৰ প্ৰদেশৰ পিলিভীত আৰক্ষীৰ সৈতে হোৱা এই মুখামুখি সংঘৰ্ষত তিনিওজন অপৰাধী নিহত হোৱা বুলি জানিব পৰা গৈছে। 

প্ৰাপ্ত খবৰ অনুসৰি অপৰাধী গুৰবিন্দৰ সিং, বীৰেন্দ্ৰ সিং আৰু যছনপ্ৰীত সিং আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। তেওঁলোক নিষিদ্ধ গোট খালিস্তান কমাণ্ডো ফৰ্চৰ সদস্য আছিল। তিনিওজনেই পঞ্জাৱৰ গুৰদাসপুৰৰ বাসিন্দা। তেওঁলোকৰ পৰা উদ্ধাৰ হৈছে দুটা এ কে ৪৭ ৰাইফল আৰু একাধিক পিষ্টল। আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও অপৰাধীয়ে গুলীচালনা আৰম্ভ কৰাত আৰক্ষীয়েও গুলিচলাবলৈ বাধ্য হয়। 

যোৱা বুধবাৰে গুৰদাসপুৰৰ এটা পৰিত্যক্ত আৰক্ষী আউটপোষ্টত আৰক্ষীৰ আউটপোষ্টত গ্ৰেনেড বিস্ফোৰণ হয়। যদিও বিস্ফোৰণত কোনো লোক আহত হোৱা নাই, আৰক্ষীৰ আৰক্ষীচকীৰ যথেষ্ট ক্ষতিসাধন হয়। নিষিদ্ধ খালিস্তানী গোটটোৱে ছ’চিয়েল মিডিয়াত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি উত্তৰ প্ৰদেশ আৰু বিহাৰৰ আৰক্ষী জোৱানসকলে শিখৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ প্ৰতিবাদত আৰক্ষীৰ আউটপোষ্টত গ্ৰেনেড আক্ৰমণ সংঘটিত কৰা বুলি সদৰি কৰিছিল। ভৱিষ্যতেও শিখ অপমানৰ বিৰুদ্ধে থিয় দিব বুলি সকীয়াই দিয়ে নিষিদ্ধ গোটটোৱে।

বিগত কেইসপ্তাহমানৰ পৰা পঞ্জাৱৰ কেইবাটাও আৰক্ষী ঘাটিত বাৰে বাৰে আক্ৰমণ চলাই আহিছে নিষিদ্ধ সংগঠনটোৱে। এমাহ নৌহওঁতেই গুৰদাসপুৰ আক্ৰমণৰ পঞ্চমটো আক্ৰমণ।সেই ঘটনাৰ সৈতে জড়িত খলিস্তানী উগ্ৰপন্থীক বিচাৰি আছিল এই আৰক্ষীয়ে এই অভিযান চলাইছিল।এই অভিযানত সোমবাৰে পিলভীটত আৰক্ষীৰ গুলীচালনাত নিহত হয় সেই ‘ৱাণ্টেড’ অভিযুক্তসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ