ডিজিটেল ডেস্ক: ফিফা বিশ্বকাপত যোৱাবাৰৰ চেম্পিয়ন আর্জেণ্টিনাই পুনৰ হাতত ৰখাৰ অভিযান জয়েৰে আৰম্ভ কৰিছে। আলজেৰিয়াৰ বিৰুদ্ধে গ্রুপ পৰ্যায়ৰ মেচত আর্জেণ্টিনাৰ ৩৮ বছৰীয়া ছুপাৰষ্টাৰ লায়নেল মেছিয়ে চমকপ্রদ খেল প্রদর্শন কৰি সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হয়। ৩৮ বছৰীয়া ছুপাৰষ্টাৰ মেছিয়ে নিজৰ ২০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচত আৰু অভিলেখ সংখ্যক ষষ্ঠখন বিশ্বকাপত এনেধৰণৰ দুৰ্দান্ত খেল প্রদর্শন কৰে যি ফুটবল প্রেমীৰ বাবে দীর্ঘ দিনলৈ স্মৰণীয় হৈ ৰ'ব।
কেনছাছ চিটিৰ গেহা ফিল্ড এট এৰোহেড ষ্টেডিয়ামৰ ৬৯,০৪৫জন দৰ্শকৰ সন্মুখত মেছিয়ে এই মেচখনত অনবদ্য হেটত্রিকেৰে আর্জেণ্টিনাই আলজেৰিয়াক ৩-০ গ'লৰ ব্যৱধানত পৰাজিত কৰে। ইয়াৰ লগে লগে তেওঁ বিশ্বকাপত তেওঁ নিজৰ গ'লৰ সংখ্যা ১৬টালৈ বৃদ্ধি কৰে আৰু জার্মানিৰ মহান স্ট্রাইকাৰ মিৰোশ্লাভ ক্ল'জৰ সৰ্বকালৰ অভিলেখ স্পর্শ কৰে।
মেছিয়ে বিশ্বকাপত প্ৰথমবাৰ হেটত্রিক অৰ্জন কৰে। ইয়াৰ লগে লগে বিশ্বকাপত হেটত্ৰিক কৰা আটাইতকৈ বয়োজ্যেষ্ঠ খেলুৱৈ ৰূপে পৰিগণিত হয়। এই ক্ষেত্ৰত তেওঁ পর্তুগালৰ তাৰকা ক্রিষ্টিয়ানো ৰ'নাল্ডোক পিছ পেলায়। খেলৰ ১৭ মিনিটত ৰড্রিগো ডি পলৰ এটা দর্শনীয় থ্র'ত মেছিয়ে সুন্দৰভাৱে বল আয়ত্ত কৰে আৰু আলজেৰিয়াৰ ডিফেণ্ডাৰৰ চাপৰ মাজত বল নেটত প্ৰৱেশ কৰোৱায়।
মেছিৰ এই শ্বটটোৰ কোনো উত্তৰ নাছিল গ'লকীপাৰ লুকা জিদানৰ হাতত। এই গ'লটো কেইবাটাও দিশৰ পৰা আছিল বিশেষ। মেছিয়ে আজিৰ পৰা ঠিক ২০ বছৰৰ আগতে, অর্থাৎ ২০০৬ চনৰ ১৬ জুনত ছার্বিয়া আৰু মণ্টেনেগ্ৰোৰ বিৰুদ্ধে বিশ্বকাপত প্রথমটো গ'ল দিছিল। সেইখন আছিল তেওঁৰ প্ৰথম বিশ্বকাপ আৰু কালি তেওঁৰ জীৱনৰ বোধহয় অন্তিমখন বিশ্বকাপত একে দিনাই গ'ল দি এক ইতিহাসৰ ৰচনা কৰে। ইফালে, সুকীয়া সুকীয়া ছখন পুৰুষ বিশ্বকাপৰ প্ৰতিখনতে গ'ল দিয়া তেওঁ বিশ্বৰ প্ৰথমজন খেলুৱৈ।
আনহাতে, কালিৰ খেলখনত খেলিবলৈ খেলপথাৰত নমাৰ লগে লগে মেছি ষষ্ঠখন বিশ্বকাপত খেলা প্রথমজন খেলুৱৈ ৰূপেও পৰিগণিত হয়। অৱশ্যে, পর্তুগীজ খেলুৱৈ ৰ'নাল্ডোৱেও এইবাৰ ষষ্ঠখন বিশ্বকাপত খেলিব। উল্লেখযোগ্য যে মেচখনত মেছি আৰু আলজেৰিয়াৰ ফাৰিছ শ্বাইবী উভয়ৰে প্ৰথমটো গ'ল অফছাইড ঘোষণা কৰা হৈছিল। ইয়াৰ পাছত মেছিয়ে ৩০ গজ দূৰত্বৰ পৰা বল আয়ত্ত কৰি এটা সুন্দৰ ধেনুভিৰীয়া শ্বটেৰে প্ৰথমটো গ'ল দিয়ে।
আনহাতে, মেক এলিষ্টাৰৰ তীব্র শ্বটত গ'লকীপাৰ জিদানে বল সম্পূর্ণৰূপে আয়ত্ত কৰিব নোৱাৰিলে। ইয়াৰ সুযোগ লৈ মেছিয়ে দ্বিতীয়টো গ'ল দিয়ে। ইয়াৰ পাছত তেওঁ চিৰ পৰিচিত শৈলীৰে বক্সৰ বাহিৰৰ পৰা এটা ধেনুভিৰীয়া কোবাল শ্বট মাৰি হেটত্রিক সম্পূর্ণ কৰে। মেছিয়ে এই হেটত্ৰিকটোৰ জৰিয়তে কেইবাটাও অভিলেখ গঢ়ে। বিশ্বকাপত তেওঁ মুঠ ১৬টা গ'ল দিয়াৰ লগতে ৮টাত সহায় কৰে আৰু মুঠ ২৪টা গ'লত তেওঁৰ অৱদান আগবঢ়াই ব্রাজিলৰ মহান খেলুৱৈ পেলেৰ অভিলেখ ভংগ কৰে। পেলেৰ ২১টা গ'লত অৱদান আছিল। মেছিয়ে একেৰাহে ছখন বিশ্বকাপত গ'ল দিয়া প্রথমজন খেলুৱৈ। ইয়াৰ লগতে পেনাল্টি বক্সৰ বাহিৰৰ পৰা তেওঁ দিয়া গ'লৰ সংখ্যা পাঁচটালৈ বৃদ্ধি পালে আৰু বিগত ছটা দশকত যুটীয়াভাৱে সর্বাধিক। তেওঁ ক্লাব আৰু দেশৰ হৈ এতিয়ালৈকে মুঠ ৯১১টা গ'ল দিয়ে।
ইফালে, আর্জেন্টিনাই এই মেচখনত জয়ী হৈ আন এক পৰম্পৰা ভংগ কৰে। আর্জেন্টিনাই ইয়াৰ আগতে ১৯৮২ আৰু ১৯৯০ চনত খিতাপ জয় কৰাৰ পাছত খেলা গ্রুপ পৰ্যায়ৰ প্ৰথমখন মেচতে পৰাজিত হৈছিল। ২০০খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা মেছি বিশ্বৰ তৃতীয়জন খেলুৱৈ। তেওঁৰ আগতে এই কৃতিত্ব অর্জন কৰে ৰ'নাল্ডো (২২৮) আৰু কুৱেইটৰ বদেৰ আল-মুতৱাই। মেছিয়ে বিশ্বকাপত সর্বাধিক ২০খন মেচত দলক নেতৃত্ব দিয়ে। এই ক্ষেত্ৰত তেওঁৰ পাছতে আছে মেক্সিকোৰ ৰাফে মার্কেজ (১৭)। ইফালে মেছিৰ প্ৰথম বিশ্ব কাপ আৰু অন্তিম বিশ্বকাপৰ মাজত থকা ২০ বছৰৰ ব্যৱধানো এক অভিলেখ।
উৎস: দৈনিক জনমভূমি