--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুজৰাটৰ আহমেদাবাদস্থিত বীৰ সাৱৰকাৰ একুৱেটিক কমপ্লেক্সত চলি থকা প্রতিযোগিতাখনত দ্বিতীয় শীর্ষ পদকটো জয়ৰ বেলিকা জাহ্নৱীয়ে সময় লয় ২ মিনিট ০৫
  • ৯৩ ছেকেণ্ড।

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম কন্যা। সাঁতোৰবিদ জাহ্নৱী কাশ্যপে ৭৯সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপৰ মহিলাৰ ২০০ মিটাৰ ফ্রীষ্টাইল ইভেন্টত ৰূপৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।


গুজৰাটৰ আহমেদাবাদস্থিত বীৰ সাৱৰকাৰ একুৱেটিক কমপ্লেক্সত চলি থকা প্রতিযোগিতাখনত দ্বিতীয় শীর্ষ পদকটো জয়ৰ বেলিকা জাহ্নৱীয়ে সময় লয় ২ মিনিট ০৫.৯৩ ছেকেণ্ড। 


এইটো ইভেন্টত কৰ্ণাটকৰ অলিম্পিয়ান ধিনিধি দেশিংগুয়ে ২ মিনিট ০৩.০৭ ছেকেণ্ড সময়েৰে স্বর্ণ পদক লাভ কৰে। ব্ৰঞ্জৰ পদক জিকে মহাৰাষ্ট্ৰৰ অদিতি সতীশ হেগড়েয়ে ২ মিনিট ০৬.৪৫ ছেকেণ্ড সময় লৈ। 


ইতিপূৰ্বে ৰাষ্ট্ৰীয় সাঁতোৰ প্রতিযোগিতাখনত প্রথম দিনা (১৬ জুন) মহিলাৰ ২০০ মিটাৰ বাটাৰফ্লাইত অসমৰ প্ৰতিভাৱান সাঁতোৰবিদ আস্থা চৌধুৰীয়ে অসাধাৰণ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক অর্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। আস্থাই ২:১৮.৩৭ছেকেণ্ড সময়েৰে শীর্ষস্থান দখল কৰে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু