--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুজৰাটৰ আহমেদাবাদস্থিত বীৰ সাৱৰকাৰ একুৱেটিক কমপ্লেক্সত চলি থকা প্রতিযোগিতাখনত দ্বিতীয় শীর্ষ পদকটো জয়ৰ বেলিকা জাহ্নৱীয়ে সময় লয় ২ মিনিট ০৫
  • ৯৩ ছেকেণ্ড।

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম কন্যা। সাঁতোৰবিদ জাহ্নৱী কাশ্যপে ৭৯সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপৰ মহিলাৰ ২০০ মিটাৰ ফ্রীষ্টাইল ইভেন্টত ৰূপৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।


গুজৰাটৰ আহমেদাবাদস্থিত বীৰ সাৱৰকাৰ একুৱেটিক কমপ্লেক্সত চলি থকা প্রতিযোগিতাখনত দ্বিতীয় শীর্ষ পদকটো জয়ৰ বেলিকা জাহ্নৱীয়ে সময় লয় ২ মিনিট ০৫.৯৩ ছেকেণ্ড। 


এইটো ইভেন্টত কৰ্ণাটকৰ অলিম্পিয়ান ধিনিধি দেশিংগুয়ে ২ মিনিট ০৩.০৭ ছেকেণ্ড সময়েৰে স্বর্ণ পদক লাভ কৰে। ব্ৰঞ্জৰ পদক জিকে মহাৰাষ্ট্ৰৰ অদিতি সতীশ হেগড়েয়ে ২ মিনিট ০৬.৪৫ ছেকেণ্ড সময় লৈ। 


ইতিপূৰ্বে ৰাষ্ট্ৰীয় সাঁতোৰ প্রতিযোগিতাখনত প্রথম দিনা (১৬ জুন) মহিলাৰ ২০০ মিটাৰ বাটাৰফ্লাইত অসমৰ প্ৰতিভাৱান সাঁতোৰবিদ আস্থা চৌধুৰীয়ে অসাধাৰণ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক অর্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। আস্থাই ২:১৮.৩৭ছেকেণ্ড সময়েৰে শীর্ষস্থান দখল কৰে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ