--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'গ্রেট পেট্রিয়'টিক ৱাৰ'ৰ বিজয়ৰ ৮০সংখ্যক বাৰ্ষিকীৰ উপলক্ষ্যত মস্কোৰ ৰে'ড স্কোৱাৰত অহা ৯ মে'ত আয়োজিত পেৰেডত অংশ ল'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।

ৰাছিয়ান সংবাদ মাধ্যম টাছে বুধবাৰে এই কথা প্রকাশ কৰি কয় যে দেশখনৰ সামৰিক বাহিনীৰ সূত্ৰই প্রধানমন্ত্রী মোদীৰ ৰাছিয়া ভ্ৰমণৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে। সামৰিক সূত্ৰৰ উদ্ধৃতি দি টাছে কয় যে ৰে'ড স্কোৱাৰত অনুষ্ঠিত হ'বলগীয়া পেৰেডত ভাৰতীয় সশস্ত্র বাহিনীৰ এটা অংশয়ো পেৰেডত অংশগ্রহণ কৰিব আৰু অনুশীলনৰ বাবে কমেও এমাহৰ পূৰ্বে ৰাছিয়াত উপস্থিত হ'ব। 

পেৰেডত অংশ লোৱাৰ বাবে ভাৰতীয় সেনাৰ লোকক পঠিয়াব নে নাই সেই বিষয়ত ভাৰতৰ সৈতে আলোচনা চলি আছে বুলি সূত্ৰটোৱে সদৰী কৰে। ৰাছিয়াৰ বিদেশ মন্ত্রী ছার্গেই লাভৰ'ভে কয় যে ৯ মে'ত মস্কোত হ'বলগীয়া অনুষ্ঠানটোৰ বাবে বহুকেইখন দেশে তেওঁলোকৰ অংশগ্ৰহণৰ নিশ্চিতি প্রদান কৰিছে। 

উল্লেখযোগ্য যে বিগত বৰ্ষৰ অক্টোবৰ মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ আমন্ত্রণক্রমে ১৬সংখ্যক ব্রীকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্রধানমন্ত্রী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল। পুটিনৰ আমন্ত্রণক্রমে ১৬সংখ্যক ব্রীকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্রধানমন্ত্রী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ