--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাত থকা নিষেধাজ্ঞাৰ ম্যাদ হ্রাস কৰা বা প্ৰত্যাহাৰ কৰা নেতাৰ তালিকা নির্বাচন আয়োগৰ পৰা বিচাৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে কালি অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱা নেতাৰ বিৰুদ্ধে আজীৱন নিষেধাজ্ঞা আৰোপৰ অনুৰোধ জনোৱা এখন আৱেদনৰ শুনানি লোৱাৰ সময়ত আয়োগলৈ জাননী জাৰি কৰি এই তথ্য বিচাৰে।

 আয়োগক দুসপ্তাহৰ ভিতৰত এই তথ্য দাখিল কৰিবলৈ কোৱা হৈছে। ইফালে নির্বাচন আয়োগে সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ নিৰ্বাচনৰ সৈতে জড়িত হৈ থকা বিষয়াসকলক ৰাজনৈতিক দলসমূহৰ সৈতে নিয়মীয়া বৈঠকত মিলিত হোৱাৰ নির্দেশ দিয়ে। 

ইয়াৰ লগতে ৰাজনৈতিক দলসমূহে উত্থাপন কৰা বিষয়সুহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰিবলৈও কোৱা হৈছে। ইয়াত অনুষ্ঠিত মুখ্য নির্বাচন বিষয়াৰ দুদিনীয়া সন্মিলনত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এই নির্দেশ দিয়ে। আনহাতে, মিছা বা ভুৱা অভিযোগক অকণো গুৰুত্ব নিদিয়াৰ বাবে বুথ পৰ্যায়ৰ পৰা আন নির্বাচন বিষয়াসকলক প্রশিক্ষণ দিবলৈও ৰাজ্যসমূহৰ মুখ্য নির্বাচন বিষয়াসকলক নির্দেশ দিয়া হয়।


উৎসঃ দৈনিক জনমভূমি

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ