--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মেটাৰ চি ইঅ' মার্ক জুকাৰবার্গে কোম্পানীটোৰ অভ্যন্তৰীণ কাম-কাজক নতুন আকাৰ দিবলৈ নাটকীয়ভাৱে সমগ্র প্রযুক্তি পদ্ধতিত কৃত্রিম বুদ্ধিমত্তা (AI) প্রয়োগৰ বাবে শতাধিক বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে।

ডিজিটেল ডেস্ক: প্রযুক্তি খণ্ডৰ অগ্ৰণী কোম্পানী মেটাই চলিত বৰ্ষৰ ২০ মে'ত ইয়াৰ প্ৰথমলানি চাকৰি ছাটাই অভিযান চলাব। কোম্পানীটোৰ সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি, ফেচবুক আৰু ইনষ্টাগ্রামৰ মালিকে মেটাৰ গোলকীয় কর্মশক্তিৰ ২০% হ্রাস কৰাৰ পৰিকল্পনা কৰিছে। 


অহা দিনসমূহত আৰু অধিক কৰ্মচাৰীক চাটাই কৰিবলৈ পৰিকল্পনা কৰা মেটাই প্ৰাৰম্ভিকতে ইয়াৰ ৮০০০ কৰ্মচাৰীক ছাটাই কৰিব। আনহাতে, কোম্পানীটোৰ তিনিটা সূত্ৰই প্ৰকাশ কৰা মতে, চলিত বৰ্ষৰ দ্বিতীয়ার্ধত মেটাই দ্বিতীয়টো কৰ্মচাৰী ছাটাই অভিযান চলাব। কৃত্রিম বুদ্ধিমত্তাৰ সক্ষমতা থকাৰ বিষয়ত কৰ্মচাৰীসকলৰ বিকাশ লক্ষ্য কৰি কোম্পানীটোৰ কার্যবাহীসকলে তেওঁলোকৰ সিদ্ধান্ত ল'ব। 


উল্লেখযোগ্য যে যোৱা মাহত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰয়টাৰ্ছে বাতৰি প্ৰকাশ কৰিছিল যে মেটাই ইয়াৰ ২০ শতাংশ কৰ্মচাৰীক ছাটাই কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু মেটাই সেই সময়ত বাতৰিটো অস্বীকাৰ কৰিছিল। ইফালে, মেটাৰ চি ইঅ' মার্ক জুকাৰবার্গে কোম্পানীটোৰ অভ্যন্তৰীণ কাম-কাজক নতুন আকাৰ দিবলৈ নাটকীয়ভাৱে সমগ্র প্রযুক্তি পদ্ধতিত কৃত্রিম বুদ্ধিমত্তা (এ আই) প্রয়োগৰ বাবে শতাধিক বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। প্রযুক্তি খণ্ডত চলিত বর্ষত বিশেষকৈ মার্কিন কোম্পানীসমূহে ব্যাপক স্তৰত এ আই অৱলম্বন কৰিছে। 


প্রণিধানযোগ্য যে শেহতীয়া মাহবোৰত এমাজন ডট কমেও অনুৰূপ ধৰণে ইয়াৰ কৰ্প'ৰেট কৰ্মশক্তি হ্রাস কৰি ৩০ হাজাৰ কৰ্মচাৰীক ছাটাই কৰিছে। এমাজনে ইয়াৰ গোলকীয় কর্মশক্তিৰ প্রায় ১০ শতাংশ ইতিমধ্যে হ্রাস কৰিছে। আনহাতে, ফিনটেক কোম্পানীয়েও যোৱা ফেব্ৰুৱাৰীত ইয়াৰ কৰ্মশক্তিৰ আধা সংখ্যক কৰ্মচাৰীক ছাটাই কৰিছিল। এই দুয়োটা কোম্পানীতে কাৰ্যবাহীসকলে কৃত্রিম বুদ্ধিমত্তাৰ সক্ষমতা অর্জন কৰিব নোৱাৰা বাবেই চাকৰি হেৰুৱাব লগা হৈছিল। 


চলিত বৰ্ষত মেটাৰ কৰ্মচাৰী ছাটাই অভিযানে সামাজিক মাধ্যমৰ অগ্ৰণী কোম্পানীটোৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব। ২০২২ চনৰ শেষত আৰু ২০২৩ বৰ্ষৰ আৰম্ভণিত মেটাই 'সক্ষমতাৰ বৰ্ষ' ঘোষণা কৰি প্ৰায় ২১ হাজাৰ চাকৰি কৰ্তন কৰিছিল। অৱশ্যে, সেই সময়ত কোম্পানীটোত কভিড মহামাৰীৰ প্ৰভাৱ পৰিছিল। বর্তমান সময়ত কোম্পানীটো বিত্তীয়ভাৱে সক্ষম যদিও এ আই সহায়ক কর্মশক্তিৰ বিষয়ত ব্যাপক পৰিসৰত সক্ষমতা আনিবলৈ কম সংখ্যক দক্ষ কাৰ্যবাহীৰে কাম-কাজ চলোৱাৰ বাবে মেটাই এই পদক্ষেপ ল'ব বুলি কোম্পানীটোৰ সূত্ৰই প্ৰকাশ কৰিছে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ