--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মেটাৰ চি ইঅ' মার্ক জুকাৰবার্গে কোম্পানীটোৰ অভ্যন্তৰীণ কাম-কাজক নতুন আকাৰ দিবলৈ নাটকীয়ভাৱে সমগ্র প্রযুক্তি পদ্ধতিত কৃত্রিম বুদ্ধিমত্তা (AI) প্রয়োগৰ বাবে শতাধিক বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে।

ডিজিটেল ডেস্ক: প্রযুক্তি খণ্ডৰ অগ্ৰণী কোম্পানী মেটাই চলিত বৰ্ষৰ ২০ মে'ত ইয়াৰ প্ৰথমলানি চাকৰি ছাটাই অভিযান চলাব। কোম্পানীটোৰ সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি, ফেচবুক আৰু ইনষ্টাগ্রামৰ মালিকে মেটাৰ গোলকীয় কর্মশক্তিৰ ২০% হ্রাস কৰাৰ পৰিকল্পনা কৰিছে। 


অহা দিনসমূহত আৰু অধিক কৰ্মচাৰীক চাটাই কৰিবলৈ পৰিকল্পনা কৰা মেটাই প্ৰাৰম্ভিকতে ইয়াৰ ৮০০০ কৰ্মচাৰীক ছাটাই কৰিব। আনহাতে, কোম্পানীটোৰ তিনিটা সূত্ৰই প্ৰকাশ কৰা মতে, চলিত বৰ্ষৰ দ্বিতীয়ার্ধত মেটাই দ্বিতীয়টো কৰ্মচাৰী ছাটাই অভিযান চলাব। কৃত্রিম বুদ্ধিমত্তাৰ সক্ষমতা থকাৰ বিষয়ত কৰ্মচাৰীসকলৰ বিকাশ লক্ষ্য কৰি কোম্পানীটোৰ কার্যবাহীসকলে তেওঁলোকৰ সিদ্ধান্ত ল'ব। 


উল্লেখযোগ্য যে যোৱা মাহত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰয়টাৰ্ছে বাতৰি প্ৰকাশ কৰিছিল যে মেটাই ইয়াৰ ২০ শতাংশ কৰ্মচাৰীক ছাটাই কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু মেটাই সেই সময়ত বাতৰিটো অস্বীকাৰ কৰিছিল। ইফালে, মেটাৰ চি ইঅ' মার্ক জুকাৰবার্গে কোম্পানীটোৰ অভ্যন্তৰীণ কাম-কাজক নতুন আকাৰ দিবলৈ নাটকীয়ভাৱে সমগ্র প্রযুক্তি পদ্ধতিত কৃত্রিম বুদ্ধিমত্তা (এ আই) প্রয়োগৰ বাবে শতাধিক বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। প্রযুক্তি খণ্ডত চলিত বর্ষত বিশেষকৈ মার্কিন কোম্পানীসমূহে ব্যাপক স্তৰত এ আই অৱলম্বন কৰিছে। 


প্রণিধানযোগ্য যে শেহতীয়া মাহবোৰত এমাজন ডট কমেও অনুৰূপ ধৰণে ইয়াৰ কৰ্প'ৰেট কৰ্মশক্তি হ্রাস কৰি ৩০ হাজাৰ কৰ্মচাৰীক ছাটাই কৰিছে। এমাজনে ইয়াৰ গোলকীয় কর্মশক্তিৰ প্রায় ১০ শতাংশ ইতিমধ্যে হ্রাস কৰিছে। আনহাতে, ফিনটেক কোম্পানীয়েও যোৱা ফেব্ৰুৱাৰীত ইয়াৰ কৰ্মশক্তিৰ আধা সংখ্যক কৰ্মচাৰীক ছাটাই কৰিছিল। এই দুয়োটা কোম্পানীতে কাৰ্যবাহীসকলে কৃত্রিম বুদ্ধিমত্তাৰ সক্ষমতা অর্জন কৰিব নোৱাৰা বাবেই চাকৰি হেৰুৱাব লগা হৈছিল। 


চলিত বৰ্ষত মেটাৰ কৰ্মচাৰী ছাটাই অভিযানে সামাজিক মাধ্যমৰ অগ্ৰণী কোম্পানীটোৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব। ২০২২ চনৰ শেষত আৰু ২০২৩ বৰ্ষৰ আৰম্ভণিত মেটাই 'সক্ষমতাৰ বৰ্ষ' ঘোষণা কৰি প্ৰায় ২১ হাজাৰ চাকৰি কৰ্তন কৰিছিল। অৱশ্যে, সেই সময়ত কোম্পানীটোত কভিড মহামাৰীৰ প্ৰভাৱ পৰিছিল। বর্তমান সময়ত কোম্পানীটো বিত্তীয়ভাৱে সক্ষম যদিও এ আই সহায়ক কর্মশক্তিৰ বিষয়ত ব্যাপক পৰিসৰত সক্ষমতা আনিবলৈ কম সংখ্যক দক্ষ কাৰ্যবাহীৰে কাম-কাজ চলোৱাৰ বাবে মেটাই এই পদক্ষেপ ল'ব বুলি কোম্পানীটোৰ সূত্ৰই প্ৰকাশ কৰিছে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু