--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইলন মাস্কৰ মহাকাশ অভিযান স্পেছএক্সৰ মহাকাশযান ষ্টাৰশ্বিপক বৃহস্পতিবাৰে মহাকাশলৈ উৎক্ষেপণৰ কেইবা মিনিটৰ পাছতেই যান্ত্রিক বিজুতি ঘটি বিকল হৈ পৰে আৰু বিস্ফোৰিত হৈ খণ্ড খণ্ডকৈ তললৈ পৰি যায়। ছাউথ ফ্লৰিজ আৰু বাহামাছৰ আকাশত বিস্ফোৰণৰ পাছত মহাকাশযান ষ্টাৰশ্বিপৰ স্ফুলিংগ সিঁচৰতি হৈ পৰে। 

আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় বিমান পৰিবহণ প্রশাসনে মিয়ামি, ফর্ট লডাৰডালে, পাম বীচ্চ আৰু অৰলেণ্ডৰ বিমান বন্দৰত বৃহস্পতিবাৰে সন্ধিয়া ৮ বজা পর্যন্ত মহাকাশযানখনৰ ধ্বংসাৱশেষৰ বাবে স্বাভাৱিক জীৱন-যাত্ৰা বন্ধ কৰি দিয়ে। ষ্টাৰশ্বিপ মহাকাশ যানখনৰ মহাকাশলৈ উৎক্ষেপণ কৰাৰ অভিযানৰ পোনপটীয়া দৃশ্য সম্প্ৰচাৰ হৈ থকাৰ সময়তে মহাকাশযানখনে নিয়ন্ত্ৰণ হেৰুৱায় আৰু বিস্ফোৰণ হৈ খণ্ড-বিখণ্ড হৈ পৰে। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ষ্টাৰশ্বিপ মহাকাশযানখন উৎক্ষেপণৰ বাবে পৰীক্ষণৰ সময়ত বিকল হৈ বিস্ফোৰণ হৈছিল আৰু ইয়াৰ ধ্বংসাৱশেষ তুৰস্ক আৰু চাইকছত পৰিছিল। প্ৰায় দুমাহৰ পাছত পুনৰ উৎক্ষেপণৰ বাবে পৰীক্ষা চলাওঁতে বৃহস্পতিবাৰে আকৌ ষ্টাৰশ্বিপখন বিকল হৈ ধ্বংস হয়।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ