--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাশিৱৰাত্ৰিলৈ মাজত মাথো কিছুদিন বাকী ৷এনে সময়তে উত্তৰ প্ৰদেশৰ হাপুৰ জিলাত মাটি খননত উদ্ধাৰ হৈছে এটা শিৱলিংগ । এই খবৰ বিয়পি পৰাৰ লগে লগে বৃহৎ সংখ্যক ভক্তই ভোলে বাবাৰ চৰণত পৰি পূজা-অৰ্চনা কৰিবলৈ আৰম্ভ কৰিছে ।

আচলতে এই ঘটনা হাপুৰৰ বাবুগড় অঞ্চলৰ ৰাছুলপুৰ গাঁৱৰ। স্থানীয় ৰাইজে যেতিয়া ৰাসুলপুৰ গাঁৱত অৱস্থিত এখন হাবিত মাটিত এদ’ম সাপৰ দল দেখা পাইছিল, তেতিয়া গাঁওখনত বিভিন্ন ধৰণৰ আলোচনা হ’বলৈ ধৰিলে। ইফালে সাপ পোৱা ঠাইখন খনন কৰাৰ সময়ত তাত প্ৰায় এক ফুটৰ শিৱলিংগ উদ্ধাৰ হয়।


ভক্তৰ সমাগম

গাঁওখনত খননৰ সময়ত শিৱলিংগ পোৱাৰ খবৰটো বনজুইৰ দৰে বিয়পি পৰিল।শিৱলিংগ পূজা আৰু দুগ্ধ স্নান কৰিবলৈ দূৰ-দূৰণিৰ পৰা ভক্তৰ বিপুল সমাগম ঘটিছে ।

আচলতে ঘটনাটো কি?

বাবুগড়ৰ ৰাছুলপুৰ গাঁৱৰ বাসিন্দা ৰাজেন্দ্ৰ সিঙে জনোৱা মতে, বৃহস্পতিবাৰে (২০ ফেব্ৰুৱাৰী) পুৱা তেওঁ মাত্ৰ দৈনন্দিন কাম-কাজৰ বাবে ওলাই আহে, তেতিয়াই গাঁৱৰ এটা ঠাইত মাটিত একেলগে সাপৰ দ’ম এটা দেখি এই বিষয়ে তেওঁ গাঁৱৰ মানুহক অৱগত কৰাত বৃহৎ সংখ্যক গাঁৱৰ মানুহ তাত সমবেত হয় আৰু তাৰ পৰা সাপ খেদি মাটি টুকুৰা খান্দিবলৈ আৰম্ভ কৰে।

ৰাজেন্দ্ৰ সিঙে কয় যে খননৰ সময়ত মাটিৰ তলৰ পৰা এটা শিৱলিংগ উদ্ধাৰ কৰা হৈছে। শিৱলিংগ পোৱাৰ পাছত বৃহৎ সংখ্যক ভোলে বাবাৰ ভক্তৰ গাঁওখনলৈ আগমনি ঘটিছে।


উল্লেখ্য যে, এইবাৰ মহাশিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীত। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশত মহাশিৱৰাত্ৰি পালন কৰা হয়। মহাশিৱৰাত্ৰিক হিন্দু ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে গণ্য কৰা হয়। এই দিনটোত বৃহৎ সংখ্যক ভক্তই ভগৱান শিৱক পূজা কৰে।

এনে পৰিস্থিতিত মহাশিৱৰাত্ৰিৰ পূৰ্বে হাপুৰৰ বাবুগড় অঞ্চলত শিৱলিংগৰ আৱিষ্কাৰ চৰ্চাৰ বিষয় হৈ পৰিছে। স্থানীয় ৰাইজে এই ধৰণে শিৱলিংগৰ আৱিষ্কাৰক এক শুভ লক্ষণ হিচাপে বিবেচনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ