--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাশিৱৰাত্ৰিলৈ মাজত মাথো কিছুদিন বাকী ৷এনে সময়তে উত্তৰ প্ৰদেশৰ হাপুৰ জিলাত মাটি খননত উদ্ধাৰ হৈছে এটা শিৱলিংগ । এই খবৰ বিয়পি পৰাৰ লগে লগে বৃহৎ সংখ্যক ভক্তই ভোলে বাবাৰ চৰণত পৰি পূজা-অৰ্চনা কৰিবলৈ আৰম্ভ কৰিছে ।

আচলতে এই ঘটনা হাপুৰৰ বাবুগড় অঞ্চলৰ ৰাছুলপুৰ গাঁৱৰ। স্থানীয় ৰাইজে যেতিয়া ৰাসুলপুৰ গাঁৱত অৱস্থিত এখন হাবিত মাটিত এদ’ম সাপৰ দল দেখা পাইছিল, তেতিয়া গাঁওখনত বিভিন্ন ধৰণৰ আলোচনা হ’বলৈ ধৰিলে। ইফালে সাপ পোৱা ঠাইখন খনন কৰাৰ সময়ত তাত প্ৰায় এক ফুটৰ শিৱলিংগ উদ্ধাৰ হয়।


ভক্তৰ সমাগম

গাঁওখনত খননৰ সময়ত শিৱলিংগ পোৱাৰ খবৰটো বনজুইৰ দৰে বিয়পি পৰিল।শিৱলিংগ পূজা আৰু দুগ্ধ স্নান কৰিবলৈ দূৰ-দূৰণিৰ পৰা ভক্তৰ বিপুল সমাগম ঘটিছে ।

আচলতে ঘটনাটো কি?

বাবুগড়ৰ ৰাছুলপুৰ গাঁৱৰ বাসিন্দা ৰাজেন্দ্ৰ সিঙে জনোৱা মতে, বৃহস্পতিবাৰে (২০ ফেব্ৰুৱাৰী) পুৱা তেওঁ মাত্ৰ দৈনন্দিন কাম-কাজৰ বাবে ওলাই আহে, তেতিয়াই গাঁৱৰ এটা ঠাইত মাটিত একেলগে সাপৰ দ’ম এটা দেখি এই বিষয়ে তেওঁ গাঁৱৰ মানুহক অৱগত কৰাত বৃহৎ সংখ্যক গাঁৱৰ মানুহ তাত সমবেত হয় আৰু তাৰ পৰা সাপ খেদি মাটি টুকুৰা খান্দিবলৈ আৰম্ভ কৰে।

ৰাজেন্দ্ৰ সিঙে কয় যে খননৰ সময়ত মাটিৰ তলৰ পৰা এটা শিৱলিংগ উদ্ধাৰ কৰা হৈছে। শিৱলিংগ পোৱাৰ পাছত বৃহৎ সংখ্যক ভোলে বাবাৰ ভক্তৰ গাঁওখনলৈ আগমনি ঘটিছে।


উল্লেখ্য যে, এইবাৰ মহাশিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীত। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশত মহাশিৱৰাত্ৰি পালন কৰা হয়। মহাশিৱৰাত্ৰিক হিন্দু ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে গণ্য কৰা হয়। এই দিনটোত বৃহৎ সংখ্যক ভক্তই ভগৱান শিৱক পূজা কৰে।

এনে পৰিস্থিতিত মহাশিৱৰাত্ৰিৰ পূৰ্বে হাপুৰৰ বাবুগড় অঞ্চলত শিৱলিংগৰ আৱিষ্কাৰ চৰ্চাৰ বিষয় হৈ পৰিছে। স্থানীয় ৰাইজে এই ধৰণে শিৱলিংগৰ আৱিষ্কাৰক এক শুভ লক্ষণ হিচাপে বিবেচনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু