--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ যৌতুকৰ বাবে সংঘটিত হ'ল এক নৃশংস হত্যাকাণ্ড। ৪বছৰীয়া এগৰাকী কণমানি কন্যাক পৃথিৱীত এৰি স্বামীৰ অত্যাচাৰত চকু মুদিলে মাতৃয়ে। মৃত্যুৰ আগত স্বামীৰ পৰাই পালে যমৰ যাতনা। মানৱৰূপী দানৱৰ ভয়ংকৰ কাণ্ডৰ ৰহস্য উদঙালে ৪ বছৰীয়া সন্তানে । মাতৃ হত্যাৰ সবিশেষ ঘটনাক ছবি আঁকি দেখুৱালে কণমানিগৰাকীয়ে। সংবাদ মাধ্যমৰ সন্মুখত পিতৃয়ে মাকক কেনেদৰে হত্যা কৰিছিল সেয়াও এটা এটাকৈ সকলো কথা  কৈ গ'ল কন্যাই। 

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ঝান্সীত সন্দেহজনক পৰিস্থিতিত এগৰাকী মহিলাৰ মৃত্যু হয়। ২৭ বছৰীয়া মহিলাগৰাকীয়ে আত্মহত্যা কৰা বুলি দাবী তুলিছিল স্বামীগৃহই। পাছত মহিলাগৰাকীৰ পৰিয়ালে চিকিৎসালয়ত উপস্থিত হৈ সৃষ্টি কৰে হুলস্থুলীয়া পৰিস্থিতিৰ। পৰিয়ালৰ অভিযোগ যে যৌতুকৰ বাবেই  কন্যাক হত্যা কৰিছে শহুৰ পৰিয়ালে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকক শান্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। লগতে উপযুক্ত তদন্তৰো আশ্বাস দিয়ে আৰক্ষীয়ে।‌


এতিয়া মৃত মহিলাগৰাকীৰ জীয়ৰীয়ে অংকন‌ কৰা ছবি চাই হতবাক হৈছে সকলো। সন্দেহজনক মৃত্যুৰ কাহিনী ওলাল মহিলাগৰাকীৰ চাৰি বছৰীয়া কন্যাই অংকন কৰা ছবিখনৰ পৰাহে। ছবিখনত স্পষ্ট--- পুৰুষজনে মহিলাগৰাকীক কেনেকৈ মাৰপিট কৰিছিল আৰু কেনেকৈ আত্মহত্যৰ ৰূপ দিছিল সমগ্ৰ ঘটনাক৷


৪ বছৰীয়া কণমানিজনীয়ে সংবাদ মাধ্যমৰ আগত কৈ গ'ল - আগতে দেউতাই মোৰ মাক বহুত মাৰপিট কৰিছিল। কালিও মাক বহুত মাৰিলে, লাঠিৰে মাৰিছিল৷ তাৰ পাছত ডিঙি চেপি ধৰিলে। মই দেউতাক কৈছিলো মোৰ মাক মাৰিলে মই তোমাৰ হাতখন ভাঙি দিম, তাৰ পিছত দেউতাই মোৰ মুখখন বন্ধ কৰি দিলে। তাৰ পাছত দেউতাই মাক ওলমাই দিছিল। 



২০১৯ চনত ঝান্সীত বাস কৰা সন্দীপ বুধৌলিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল সোণালী নামৰ মহিলাগৰাকী। মৃত মহিলাগৰাকীৰ পিতৃয়ে জনোৱা মতে, বিয়াত নগদ ২০ লাখ টকা যৌতুক হিচাপে দিয়া হৈছিল।কন্যাৰ শহুৰেকে যৌতুক হিচাপে লগত গাড়ী বিচাৰিছিল। গাড়ী নিদিয়াৰ বাবেই জীয়ৰীক মাৰপিট কৰিছিল স্বামীগৃহই। 



এতিয়া হত্যাকাৰীৰ কঠোৰ শাস্তি  বিচাৰিছে সকলোৱে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু