--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ যৌতুকৰ বাবে সংঘটিত হ'ল এক নৃশংস হত্যাকাণ্ড। ৪বছৰীয়া এগৰাকী কণমানি কন্যাক পৃথিৱীত এৰি স্বামীৰ অত্যাচাৰত চকু মুদিলে মাতৃয়ে। মৃত্যুৰ আগত স্বামীৰ পৰাই পালে যমৰ যাতনা। মানৱৰূপী দানৱৰ ভয়ংকৰ কাণ্ডৰ ৰহস্য উদঙালে ৪ বছৰীয়া সন্তানে । মাতৃ হত্যাৰ সবিশেষ ঘটনাক ছবি আঁকি দেখুৱালে কণমানিগৰাকীয়ে। সংবাদ মাধ্যমৰ সন্মুখত পিতৃয়ে মাকক কেনেদৰে হত্যা কৰিছিল সেয়াও এটা এটাকৈ সকলো কথা  কৈ গ'ল কন্যাই। 

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ঝান্সীত সন্দেহজনক পৰিস্থিতিত এগৰাকী মহিলাৰ মৃত্যু হয়। ২৭ বছৰীয়া মহিলাগৰাকীয়ে আত্মহত্যা কৰা বুলি দাবী তুলিছিল স্বামীগৃহই। পাছত মহিলাগৰাকীৰ পৰিয়ালে চিকিৎসালয়ত উপস্থিত হৈ সৃষ্টি কৰে হুলস্থুলীয়া পৰিস্থিতিৰ। পৰিয়ালৰ অভিযোগ যে যৌতুকৰ বাবেই  কন্যাক হত্যা কৰিছে শহুৰ পৰিয়ালে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকক শান্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। লগতে উপযুক্ত তদন্তৰো আশ্বাস দিয়ে আৰক্ষীয়ে।‌


এতিয়া মৃত মহিলাগৰাকীৰ জীয়ৰীয়ে অংকন‌ কৰা ছবি চাই হতবাক হৈছে সকলো। সন্দেহজনক মৃত্যুৰ কাহিনী ওলাল মহিলাগৰাকীৰ চাৰি বছৰীয়া কন্যাই অংকন কৰা ছবিখনৰ পৰাহে। ছবিখনত স্পষ্ট--- পুৰুষজনে মহিলাগৰাকীক কেনেকৈ মাৰপিট কৰিছিল আৰু কেনেকৈ আত্মহত্যৰ ৰূপ দিছিল সমগ্ৰ ঘটনাক৷


৪ বছৰীয়া কণমানিজনীয়ে সংবাদ মাধ্যমৰ আগত কৈ গ'ল - আগতে দেউতাই মোৰ মাক বহুত মাৰপিট কৰিছিল। কালিও মাক বহুত মাৰিলে, লাঠিৰে মাৰিছিল৷ তাৰ পাছত ডিঙি চেপি ধৰিলে। মই দেউতাক কৈছিলো মোৰ মাক মাৰিলে মই তোমাৰ হাতখন ভাঙি দিম, তাৰ পিছত দেউতাই মোৰ মুখখন বন্ধ কৰি দিলে। তাৰ পাছত দেউতাই মাক ওলমাই দিছিল। 



২০১৯ চনত ঝান্সীত বাস কৰা সন্দীপ বুধৌলিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল সোণালী নামৰ মহিলাগৰাকী। মৃত মহিলাগৰাকীৰ পিতৃয়ে জনোৱা মতে, বিয়াত নগদ ২০ লাখ টকা যৌতুক হিচাপে দিয়া হৈছিল।কন্যাৰ শহুৰেকে যৌতুক হিচাপে লগত গাড়ী বিচাৰিছিল। গাড়ী নিদিয়াৰ বাবেই জীয়ৰীক মাৰপিট কৰিছিল স্বামীগৃহই। 



এতিয়া হত্যাকাৰীৰ কঠোৰ শাস্তি  বিচাৰিছে সকলোৱে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ