--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী পুৰুষে মহিলাক অত্যন্ত ভয় কৰে। তেওঁ মহিলাক ইমানেই ভয় কৰে যে ৫৫ বছৰ ধৰি নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছে। বৰ্তমান পুৰুষজনৰ বয়স ৭১ বছৰ। দক্ষিণ আফ্ৰিকাৰ এই মানুহজনৰ নাম কলিটক্স নজামউইতা। তেওঁ নাৰীক ইমানেই ভয় কৰে যে তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ তেওঁ নিজৰ ঘৰৰ চাৰিওফালে ১৫ ফুট ওখকৈ বেৰ দি থৈছে।
A Man's Phobia of Women Results in His Isolation for 55 Years
বিশ্বৰ বহু মানুহে বহু বস্তু ভয় খায়। কোনো কোনোৱে পানীলৈ ভয় কৰে, কোনোবাই ধূলিক ভয় কৰে আৰু কোনোবাই জুইক ভয় কৰে আৰু কোনোবাই সাধাৰণ পোক-পৰুৱাকো ভয় কৰে। এইবোৰক ফ’বিয়া বুলি কোৱা হয়। কিন্তু কাৰোবাৰ মহিলাৰ প্ৰতি ভয় থকাৰ কথা শুনিছেনে? কলিটক্স নজামউইতাৰ মহিলাৰ প্ৰতি আছে অত্যন্ত ফ’বিয়া। যাৰ বাবে তেওঁ নিজকে ৫৫ বছৰৰো অধিক সময় ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছে, যাতে তেওঁ কোনোদিন মহিলাৰ মুখামুখি হ'বলগীয়া নহয়। 
No woman no cry
তেওঁ নাৰীক ইমানেই ভয় কৰে যে ১৬ বছৰ বয়সৰ পৰা অৰ্থাৎ ৫৫ বছৰ ধৰি নিজকে ঘৰত আবদ্ধ কৰি ৰাখিছে। আৰু মহিলাসকলে যাতে তেওঁৰ পৰা আঁতৰি থাকে তাৰ বাবে তেওঁ নিজৰ ঘৰৰ চাৰিওফালে ১৫ ফুট উচ্চতাত বেৰ লগাইছে।

এগৰাকী মহিলা চুবুৰীয়াই কয় যে "ভয়ৰ মাজতো আজি তেওঁ জীয়াই আছে কেৱল নাৰীৰ কাৰণে। তেওঁ মহিলাক ভয় কৰিলেও আমিয়েই তেওঁক খাদ্য দিওঁ। কলিটক্সে আমাক দেখিলে ভয় কৰে আৰু আমি ওচৰলৈ আহিলে ভাল নাপায় গতিকে আমি তাৰ ঘৰত বস্তু দলিয়াই দিওঁ আৰু আমি চকুৰ আঁতৰ হলেই তেওঁ আহি খাদ্যবস্তু তুলি লয়। কলিটক্সে আমাক তেওঁৰ ওচৰলৈ আহিবলৈ নিদিয়ে, কিন্তু তথাপিও আমি যি দিওঁ তেওঁ দূৰৰ পৰাই লৈ খায়।"
Takut Perempuan, Jejaka 71 Tahun Asal Afrika Sembunyi Dalam Rumah Selama 55  Tahun, Gynophobia? - Jawa Pos
মহিলাগৰাকীয়ে লগতে যে যেতিয়াই কলিটক্সে নিজৰ ঘৰৰ সীমাৰ ওচৰত কোনো মহিলাক দেখে তেতিয়াই ঘৰৰ ভিতৰলৈ দৌৰি গৈ ভিতৰত সোমাই থাকে। কেলিটক্স গাইনোফ’বিয়া নামৰ মানসিক অৱস্থাত ভুগিছে ​​বুলি ধাৰণা কৰা হৈছে। এনে অৱস্থাত এজন ব্যক্তিৰ নাৰী প্ৰতি এক অদ্ভুত ভয় থাকে।
Callitxe Nzamwita: The Man Living in Isolation for 55 Years Due to Fear of  Women | Viral News, Times Now
গাইনোফ’বিয়াৰ লক্ষণসমূহৰ ভিতৰত নাৰীক দেখিলেই অত্যন্ত ভয় লাগে। এই উদ্বেগ আৰু ভয়ৰ অৱস্থাৰ বাবে এই ফ’বিয়াই দৈনন্দিন জীৱনতো যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। এই ফ’বিয়াত ভুগি থকা লোকসকলৰ পেনিক এটেক, বুকুখন টানি ধৰা, অত্যধিক ঘাম ওলোৱা, দ্ৰুত হৃদস্পন্দন আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ সম্ভাৱনা থাকে। আন আন লক্ষণসমূহ হ’ল পেট বেয়া হোৱা আৰু মহিলাৰ ওচৰত ৰৈ থাকিলে বা মহিলাৰ কথা ভাবিলে অজ্ঞান অনুভৱ কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি