--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী পুৰুষে মহিলাক অত্যন্ত ভয় কৰে। তেওঁ মহিলাক ইমানেই ভয় কৰে যে ৫৫ বছৰ ধৰি নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছে। বৰ্তমান পুৰুষজনৰ বয়স ৭১ বছৰ। দক্ষিণ আফ্ৰিকাৰ এই মানুহজনৰ নাম কলিটক্স নজামউইতা। তেওঁ নাৰীক ইমানেই ভয় কৰে যে তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ তেওঁ নিজৰ ঘৰৰ চাৰিওফালে ১৫ ফুট ওখকৈ বেৰ দি থৈছে।
A Man's Phobia of Women Results in His Isolation for 55 Years
বিশ্বৰ বহু মানুহে বহু বস্তু ভয় খায়। কোনো কোনোৱে পানীলৈ ভয় কৰে, কোনোবাই ধূলিক ভয় কৰে আৰু কোনোবাই জুইক ভয় কৰে আৰু কোনোবাই সাধাৰণ পোক-পৰুৱাকো ভয় কৰে। এইবোৰক ফ’বিয়া বুলি কোৱা হয়। কিন্তু কাৰোবাৰ মহিলাৰ প্ৰতি ভয় থকাৰ কথা শুনিছেনে? কলিটক্স নজামউইতাৰ মহিলাৰ প্ৰতি আছে অত্যন্ত ফ’বিয়া। যাৰ বাবে তেওঁ নিজকে ৫৫ বছৰৰো অধিক সময় ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছে, যাতে তেওঁ কোনোদিন মহিলাৰ মুখামুখি হ'বলগীয়া নহয়। 
No woman no cry
তেওঁ নাৰীক ইমানেই ভয় কৰে যে ১৬ বছৰ বয়সৰ পৰা অৰ্থাৎ ৫৫ বছৰ ধৰি নিজকে ঘৰত আবদ্ধ কৰি ৰাখিছে। আৰু মহিলাসকলে যাতে তেওঁৰ পৰা আঁতৰি থাকে তাৰ বাবে তেওঁ নিজৰ ঘৰৰ চাৰিওফালে ১৫ ফুট উচ্চতাত বেৰ লগাইছে।

এগৰাকী মহিলা চুবুৰীয়াই কয় যে "ভয়ৰ মাজতো আজি তেওঁ জীয়াই আছে কেৱল নাৰীৰ কাৰণে। তেওঁ মহিলাক ভয় কৰিলেও আমিয়েই তেওঁক খাদ্য দিওঁ। কলিটক্সে আমাক দেখিলে ভয় কৰে আৰু আমি ওচৰলৈ আহিলে ভাল নাপায় গতিকে আমি তাৰ ঘৰত বস্তু দলিয়াই দিওঁ আৰু আমি চকুৰ আঁতৰ হলেই তেওঁ আহি খাদ্যবস্তু তুলি লয়। কলিটক্সে আমাক তেওঁৰ ওচৰলৈ আহিবলৈ নিদিয়ে, কিন্তু তথাপিও আমি যি দিওঁ তেওঁ দূৰৰ পৰাই লৈ খায়।"
Takut Perempuan, Jejaka 71 Tahun Asal Afrika Sembunyi Dalam Rumah Selama 55  Tahun, Gynophobia? - Jawa Pos
মহিলাগৰাকীয়ে লগতে যে যেতিয়াই কলিটক্সে নিজৰ ঘৰৰ সীমাৰ ওচৰত কোনো মহিলাক দেখে তেতিয়াই ঘৰৰ ভিতৰলৈ দৌৰি গৈ ভিতৰত সোমাই থাকে। কেলিটক্স গাইনোফ’বিয়া নামৰ মানসিক অৱস্থাত ভুগিছে ​​বুলি ধাৰণা কৰা হৈছে। এনে অৱস্থাত এজন ব্যক্তিৰ নাৰী প্ৰতি এক অদ্ভুত ভয় থাকে।
Callitxe Nzamwita: The Man Living in Isolation for 55 Years Due to Fear of  Women | Viral News, Times Now
গাইনোফ’বিয়াৰ লক্ষণসমূহৰ ভিতৰত নাৰীক দেখিলেই অত্যন্ত ভয় লাগে। এই উদ্বেগ আৰু ভয়ৰ অৱস্থাৰ বাবে এই ফ’বিয়াই দৈনন্দিন জীৱনতো যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। এই ফ’বিয়াত ভুগি থকা লোকসকলৰ পেনিক এটেক, বুকুখন টানি ধৰা, অত্যধিক ঘাম ওলোৱা, দ্ৰুত হৃদস্পন্দন আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ সম্ভাৱনা থাকে। আন আন লক্ষণসমূহ হ’ল পেট বেয়া হোৱা আৰু মহিলাৰ ওচৰত ৰৈ থাকিলে বা মহিলাৰ কথা ভাবিলে অজ্ঞান অনুভৱ কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement