--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাৰীসকলে জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সৈতে জৰ্জৰিত হৈ থাকে। বহু সময়ত তেওঁলোকে বহুত কাম অকলে চম্ভালিবলগীয়া হয়। আনকি বহু মহিলাই তেওঁলোকে নিজৰ কৰ্মস্থলীৰ লগতে সংসাৰৰ গুৰুত্ব দায়িত্বও পালন কৰিবলগীয়া পৰিস্থিতিত পৰা দেখা যায়। এনে পৰিস্থিতিত তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি কমকৈ মনোযোগ দিয়া দেখা যায়। ইয়াৰ ফলত তেওঁলোক স্বাস্থ্যজনিত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰে।

আচলতে পৰিৱৰ্তিত জীৱনশৈলীয়ে জীৱনৰ ওপৰত বহু ধৰণৰ প্ৰভাৱ পেলায়। সেয়েহে ব্যস্ততাভৰা জীৱনত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হৈ থকা প্ৰয়োজন। সময়ৰ অভাৱ এতিয়া বেছিভাগ কৰ্মৰত মহিলাই বাহিৰত খাদ্য খায়। কিন্তু এই খাদ্যবোৰ একেবাৰেই স্বাস্থসন্মত নহয়। যাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাত ভোগে। এনে পৰিস্থিতিত মহিলাসকলে খাদ্যৰ তালিকাত এইবিধা খাদ্য ৰাখিব পাৰে।

 ১. দৈঃ-আমাৰ বহুতৰে প্ৰিয় খাদ্য দৈ। দৈত প্ৰচুৰ পৰিমাণে লেক্টবেচিলি থাকে। দৈয়ে পেট সুস্থ কৰি ৰাখে। আনকি দৈয়ে যোনিৰ সংক্ৰমণ আৰু স্তন কেন্সাৰৰ পৰা মহিলাসকলক ৰক্ষা কৰিব পাৰে।

 ২. গাখীৰঃ-দৰাচলতে মহিলাসকলৰ বেছিভাগেই কেলছিয়াম আৰু ভিটামিন ‘ডি’ৰ অভাৱ ভোগা দেখা যায়। সেয়েহে নিয়মিতভাৱে মহিলাসকলে গাখীৰ সেৱন কৰিলে বহুতো সমস্যা সহজে সমাধান পাব পৰা যায়।

 ৩. বিলাহীঃ-বিলাহীত লাইকোপেন নামৰ এবিধ পদাৰ্থ থাকে। এই পদাৰ্থই মানুহক স্তন কেন্সাৰৰ বিৰুদ্ধে জয়ী হোৱাত সহায় কৰে। ইয়াৰ উপৰি হৃদৰোগ আৰু এন্টিঅক্সিডেন্টৰ পৰাও ৰক্ষা কৰে।

 ৪. আমলখিঃ-আমলখি এবিধ অন্যতম গুৰুত্বপূৰ্ণ ফল। ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন-‘চি’ পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

 ৫. জামুকঃ- গৰমত পোৱা এবিধ অতি সোৱাদযুক্ত আৰু মিঠা ফল। ইয়াৰ বহুতো উপকাৰিতা দেখিবলৈ পোৱা যায়। জামুকে কেৱল আমাৰ হজম শক্তি ঠিক কৰাই নহয় ছালো উন্নত কৰাৰ কাম কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ