--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাৰীসকলে জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সৈতে জৰ্জৰিত হৈ থাকে। বহু সময়ত তেওঁলোকে বহুত কাম অকলে চম্ভালিবলগীয়া হয়। আনকি বহু মহিলাই তেওঁলোকে নিজৰ কৰ্মস্থলীৰ লগতে সংসাৰৰ গুৰুত্ব দায়িত্বও পালন কৰিবলগীয়া পৰিস্থিতিত পৰা দেখা যায়। এনে পৰিস্থিতিত তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি কমকৈ মনোযোগ দিয়া দেখা যায়। ইয়াৰ ফলত তেওঁলোক স্বাস্থ্যজনিত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰে।

আচলতে পৰিৱৰ্তিত জীৱনশৈলীয়ে জীৱনৰ ওপৰত বহু ধৰণৰ প্ৰভাৱ পেলায়। সেয়েহে ব্যস্ততাভৰা জীৱনত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হৈ থকা প্ৰয়োজন। সময়ৰ অভাৱ এতিয়া বেছিভাগ কৰ্মৰত মহিলাই বাহিৰত খাদ্য খায়। কিন্তু এই খাদ্যবোৰ একেবাৰেই স্বাস্থসন্মত নহয়। যাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাত ভোগে। এনে পৰিস্থিতিত মহিলাসকলে খাদ্যৰ তালিকাত এইবিধা খাদ্য ৰাখিব পাৰে।

 ১. দৈঃ-আমাৰ বহুতৰে প্ৰিয় খাদ্য দৈ। দৈত প্ৰচুৰ পৰিমাণে লেক্ট’বেচিলি থাকে। দৈয়ে পেট সুস্থ কৰি ৰাখে। আনকি দৈয়ে যোনিৰ সংক্ৰমণ আৰু স্তন কেন্সাৰৰ পৰা মহিলাসকলক ৰক্ষা কৰিব পাৰে।

 ২. গাখীৰঃ-দৰাচলতে মহিলাসকলৰ বেছিভাগেই কেলছিয়াম আৰু ভিটামিন ‘ডি’ৰ অভাৱ ভোগা দেখা যায়। সেয়েহে নিয়মিতভাৱে মহিলাসকলে গাখীৰ সেৱন কৰিলে বহুতো সমস্যা সহজে সমাধান পাব পৰা যায়।

 ৩. বিলাহীঃ-বিলাহীত লাইকোপেন নামৰ এবিধ পদাৰ্থ থাকে। এই পদাৰ্থই মানুহক স্তন কেন্সাৰৰ বিৰুদ্ধে জয়ী হোৱাত সহায় কৰে। ইয়াৰ উপৰি হৃদৰোগ আৰু এন্টিঅক্সিডেন্টৰ পৰাও ৰক্ষা কৰে।

 ৪. আমলখিঃ-আমলখি এবিধ অন্যতম গুৰুত্বপূৰ্ণ ফল। ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন-‘চি’ পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

 ৫. জামুকঃ- গৰমত পোৱা এবিধ অতি সোৱাদযুক্ত আৰু মিঠা ফল। ইয়াৰ বহুতো উপকাৰিতা দেখিবলৈ পোৱা যায়। জামুকে কেৱল আমাৰ হজম শক্তি ঠিক কৰাই নহয় ছালো উন্নত কৰাৰ কাম কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু