--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ কোম্পানী মাইক্ৰ’ছফটে ক্ৰয় কৰিব পাৰে চুটি ভিডিঅ’ প্লেটফৰ্ম টিকটক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টিকটক ক্ৰয়ৰ বাবে মাইক্ৰ’ছফটে আলোচনাত মিলিত হৈছে বুলি মন্তব্য কৰিছে। লগতে তেওঁ কয় যে টিকটক বিক্ৰীৰ বাবে নিবিদা থাকিব লাগে। উল্লেখ্য যে টিকটক চীনৰ কোম্পানী বাইটডান্সৰ মালিকানাধীন। যদি তেওঁলোকে আমেৰিকাত টিকটকৰ ব্যৱহাৰ অব্যাহত ৰাখিব বিচাৰে তেন্তে ইয়াক আমেৰিকাৰে কোনো কোম্পানীক বিক্ৰী কৰিব লাগিব।

বহু কোম্পানীয়ে টিকটক ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে: ট্ৰাম্প

ট্ৰাম্পক যেতিয়া মাইক্ৰ’ছফটে টিকটকৰ বাবে নিবিদা দিবলৈ সাজু হৈছে নেকি বুলি সোধা হৈছিল, তেতিয়া তেওঁ হ’ব বুলি উত্তৰ দিছিল। ট্ৰাম্পে লগতে কয় যে বহু কোম্পানীয়ে টিকটকৰ প্ৰতি আগ্ৰহী। বাইটডান্সেও ২০২০ চনত টিকটক বিক্ৰীৰ বাবে মাইক্ৰ’ছফ্টৰ সৈতে যোগাযোগ কৰিছিল। তেতিয়া এই চুক্তি চূড়ান্ত কৰিব পৰা নগ’ল। ইয়াৰ পিছত চীনা কোম্পানীটোৱেও অৰেকললৈ একেধৰণৰ প্ৰস্তাৱ লৈছিল যদিও ইয়াতো চুক্তি চূড়ান্ত কৰিব পৰা নগ’ল। এতিয়া যদি এই চুক্তি হয় তেন্তে টিকটকৰ মূল কোম্পানী বাইটডান্সেৰ ইয়াত সংখ্যালঘু অংশীদাৰিত্ব থাকিব, আনহাতে আমেৰিকান কোম্পানীটোৱে আধাতকৈ অধিক অংশীদাৰিত্ব লাভ কৰিব।


টিকটক বিক্ৰী কৰিবলৈ বাধ্য হ’ল কিয় ?

আচলতে বাইটডান্সৰ বিৰুদ্ধে টিকটক ব্যৱহাৰকাৰীৰ তথ্য চীন চৰকাৰৰ সৈতে ভাগ-বতৰা কৰাৰ অভিযোগ উত্থাপন হৈছিল। আমেৰিকাৰ আদালতেও এই অভিযোগ সত্য বুলি বিবেচনা কৰি টিকটকক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি ঘোষণা কৰে। এই সময়সীমাৰ পাছত বিক্ৰী কৰিব নোৱাৰা টিকটকক যোৱা ১৯ জানুৱাৰীত কিছু ঘন্টাৰ বাবে নিষিদ্ধ কৰা হৈছিল যদিও নতুন ৰাষ্ট্ৰপতি ট্ৰাম্পে কোম্পানীটোক কিছু ৰেহাই প্ৰদান কৰে। ইয়াৰ পিছত আমেৰিকাত পুনৰ টিকটক আৰম্ভ হ’ল।

ভাৰততো ইয়াৰ ব্যতিক্ৰম নহয় ৷ যদি মাইক্ৰ’ছফটৰ চিইঅ’ সত্য নাডেলাই টিকটক ক্ৰয় কৰে তেন্তে টিকটক ভাৰতলৈ পুনৰ ঘূৰি আহিবনে ? এই সন্দৰ্ভত বৰ্তমান ভাৰতীয়ৰ মনত প্ৰশ্ন উত্থাপন হৈছে ৷ 


ক্ৰেতাৰ তালিকাত আছে বহুতো ডাঙৰ নাম 

মাইক্ৰ’ছফ্টৰ উপৰিও আন বহু ডাঙৰ কোম্পানী তথা ব্যক্তিত্বই টিকটক ক্ৰয় কৰিবলৈ আগ্ৰহী। ইয়াৰ ভিতৰত আছে আমেৰিকাৰ কোটিপতি ইলন মাস্ক, ইউটিউবাৰ মিষ্টাৰবিষ্ট, অৰেকলৰ মুৰব্বী লেৰী এলিছন আৰু কোটিপতি বিনিয়োগকাৰী ফ্ৰেংক মেকক’ৰ্ট আদিৰ নাম।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ