--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘‘সোনকালে আহা বাবু য়াৰ...মন গৈ আছে।’’ এই আপত্তিজনক মেছেজ এগৰাকী যাত্ৰীলৈ প্ৰেৰণ কৰিলে এগৰাকী উবেৰ চালকে। গ্ৰাহক যাত্ৰীগৰাকী আছিল এগৰাকী মহিলা। মহিলাগৰাকী পেছাত অধিবক্তা।

দিল্লীৰ অধিবক্তা তনয়া শৰ্মাই উবেৰৰ চালকজনৰ অভদ্ৰতা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত তেওঁৰ কাহিনী শ্বেয়াৰ কৰে। ইয়াকে লৈ আকৌ এবাৰ মহিলাৰ সুৰক্ষা সন্দৰ্ভত বিতৰ্ক আৰম্ভ হৈছে। তনয়াই কয় যে তেওঁ উবেৰ এপৰ জৰিয়তে কেব বুকিং কৰিছিল, বুকিং কৰাৰ কেইমিনিটমানৰ ভিতৰতে ড্ৰাইভাৰে তেওঁক অশ্লীল মেছেজ পঠিয়াবলৈ আৰম্ভ কৰে।

এই ঘটনাৰ লগে লগে তনয়াই বুকিং বাতিল কৰি উবেৰ কোম্পানীক অভিযোগ কৰে। 

এই কাণ্ড সংঘটিত হৈছিল দিল্লীৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চলত, যাক তনয়াই তেওঁৰ জীৱনৰ আটাইতকৈ বিৰক্তিকৰ অভিজ্ঞতা বুলি অভিহিত কৰিছে। এই বাৰ্তাৰ সৈতে জড়িত স্ক্ৰীণ শ্বটটোও তেওঁ শ্বেয়াৰ কৰে।

তনয়াই লিংকডইনত লিখিছে যে ‘‘আমি একবিংশ শতিকাত জীয়াই আছোঁ, কিন্তু আজিও মহিলাসকলে এনে ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই আচৰণ এতিয়াও কিয় হৈ আছে মই বুজিব পৰা নাই।’’

তনয়াৰ এই পোষ্ট ভাইৰেল হোৱাৰ লগে লগে মানুহৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ‘‘এইটো অতি লজ্জাজনক। মহিলাৰ সুৰক্ষা নিশ্চিত কৰাটো কোম্পানীসমূহৰ প্ৰধান দায়িত্ব হ’ব লাগে।’’

ঘটনাটো ভাইৰেল হোৱাৰ পিছতেই উবেৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত চালকজনক নিজৰ প্লেটফৰ্মৰ পৰা নিষিদ্ধ কৰে। তনয়াই তেওঁৰ ফ’ল’-আপ পোষ্টত এই পদক্ষেপটো নিশ্চিত কৰি লিখিছে যে ‘‘মই ধন্য যে মানুহে মোক সমৰ্থন কৰিলে। 

উবেৰ কোম্পানীয়ে চালকজনক নিষেধাজ্ঞা আৰোপ কৰিছে যাতে তেওঁ আন কাৰোৰে লগত এই কাম কৰিব নোৱাৰে। এনেবোৰ বিষয়ক অধিক গুৰুত্বসহকাৰে লোৱাটো মই বিচাৰো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ