--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যুৱকজনে কয় যে এই সেই বিলৰ পৰা কৃষ্ণ আৰু ৰাধাৰ মূৰ্তি কেনেকৈ তেওঁ উদ্ধাৰ কৰিব পাৰিলে সেয়া তেওঁ জ্ঞাত নহয়। সমগ্ৰ ঘটনা এক অলৌকিক ক্ৰিয়াৰ জৰিয়তে সম্পন্ন হয়।

ডিজিটেল ডেস্ক: অভয়াপুৰীত সংঘটিত হৈছে এক অলৌকিক ঘটনা। সপোনত দেখা অনুসৰি উদ্ধাৰ হ’ল কৃষ্ণ-ৰাধাৰ মূৰ্তি। ঘটনাৰ স্থান অভয়াপুৰীৰ দেওহাটী ভাটিপাৰা।


ৰাধা-কৃষ্ণৰ মূৰ্তি উদ্ধাৰ হোৱা পাছতে উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। প্ৰভূৰ দৰ্শন পাবলৈ ভক্তৰ সমাগম।


অভয়াপুৰীৰ দেওহাটী ভাটিপাৰা গাঁৱৰ জীৱেশ্বৰ ৰায় নামৰ যুৱকজনে পঞ্চমী দৌল উৎসৱৰ দিনাৰ পৰা চাৰিটা সপোন দেখে আৰু এই সপোনৰ পম খেদি পদপাৰা বিলত প্ৰথমে এপাহ পদুম ফুলৰ কাষতে কৃষ্ণৰ মূৰ্তি লাভ কৰে যদিও হঠাৎ পদুম ফুলপাহ অদৃশ্য হৈ পৰে। পিছত মূৰ্তিটো ঘৰলৈ আনি তেওঁ পূজা-অৰ্চনা আগবঢ়ায়। 


সপোনত পোৱা প্ৰভুৰ আদেশ মতেই কালি একেটা স্থানতে ৰাধাৰ মূৰ্তিও লাভ কৰে যুৱকজনে। এই খবৰ বিয়পি পৰাত দূৰ-দূৰণিৰ পৰা ভক্তৰ আগমন ঘটে । 


যুৱকজনে কয় যে এই সেই বিলৰ পৰা কৃষ্ণ আৰু ৰাধাৰ মূৰ্তি কেনেকৈ তেওঁ উদ্ধাৰ কৰিব পাৰিলে সেয়া তেওঁ জ্ঞাত নহয়। সমগ্ৰ ঘটনা এক অলৌকিক ক্ৰিয়াৰ জৰিয়তে সম্পন্ন হয়।


প্ৰভূৰ নিৰ্দেশমতেই আজি ভাটিপাৰাৰ জগন্নাথ মন্দিৰত অঞ্চলটোৰ ৰাইজে সুঁৱেৰি উৎসৱ পালন কৰে। দূৰ দূৰণিৰ পৰা ঘটিছে ভক্তৰ আগমন। উদুলি মুদুলি হৈ পৰিছে অভয়াপুৰীৰ দেওহাটী ভাটিপাৰা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ