--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যুৱকজনে কয় যে এই সেই বিলৰ পৰা কৃষ্ণ আৰু ৰাধাৰ মূৰ্তি কেনেকৈ তেওঁ উদ্ধাৰ কৰিব পাৰিলে সেয়া তেওঁ জ্ঞাত নহয়। সমগ্ৰ ঘটনা এক অলৌকিক ক্ৰিয়াৰ জৰিয়তে সম্পন্ন হয়।

ডিজিটেল ডেস্ক: অভয়াপুৰীত সংঘটিত হৈছে এক অলৌকিক ঘটনা। সপোনত দেখা অনুসৰি উদ্ধাৰ হ’ল কৃষ্ণ-ৰাধাৰ মূৰ্তি। ঘটনাৰ স্থান অভয়াপুৰীৰ দেওহাটী ভাটিপাৰা।


ৰাধা-কৃষ্ণৰ মূৰ্তি উদ্ধাৰ হোৱা পাছতে উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। প্ৰভূৰ দৰ্শন পাবলৈ ভক্তৰ সমাগম।


অভয়াপুৰীৰ দেওহাটী ভাটিপাৰা গাঁৱৰ জীৱেশ্বৰ ৰায় নামৰ যুৱকজনে পঞ্চমী দৌল উৎসৱৰ দিনাৰ পৰা চাৰিটা সপোন দেখে আৰু এই সপোনৰ পম খেদি পদপাৰা বিলত প্ৰথমে এপাহ পদুম ফুলৰ কাষতে কৃষ্ণৰ মূৰ্তি লাভ কৰে যদিও হঠাৎ পদুম ফুলপাহ অদৃশ্য হৈ পৰে। পিছত মূৰ্তিটো ঘৰলৈ আনি তেওঁ পূজা-অৰ্চনা আগবঢ়ায়। 


সপোনত পোৱা প্ৰভুৰ আদেশ মতেই কালি একেটা স্থানতে ৰাধাৰ মূৰ্তিও লাভ কৰে যুৱকজনে। এই খবৰ বিয়পি পৰাত দূৰ-দূৰণিৰ পৰা ভক্তৰ আগমন ঘটে । 


যুৱকজনে কয় যে এই সেই বিলৰ পৰা কৃষ্ণ আৰু ৰাধাৰ মূৰ্তি কেনেকৈ তেওঁ উদ্ধাৰ কৰিব পাৰিলে সেয়া তেওঁ জ্ঞাত নহয়। সমগ্ৰ ঘটনা এক অলৌকিক ক্ৰিয়াৰ জৰিয়তে সম্পন্ন হয়।


প্ৰভূৰ নিৰ্দেশমতেই আজি ভাটিপাৰাৰ জগন্নাথ মন্দিৰত অঞ্চলটোৰ ৰাইজে সুঁৱেৰি উৎসৱ পালন কৰে। দূৰ দূৰণিৰ পৰা ঘটিছে ভক্তৰ আগমন। উদুলি মুদুলি হৈ পৰিছে অভয়াপুৰীৰ দেওহাটী ভাটিপাৰা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু