--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ দেহত অলৌকিক শক্তি থকা বুলি দাবী কৰিলে এজন যুৱকে। সেই কথা সহপাঠীসকলক প্ৰমাণ কৰি দেখুৱাবলৈ পঞ্চম মহলাৰ পৰা জঁপিয়ালে যুৱকজনে।

তেওঁৰ ‘অতিপ্ৰাকৃতিক’ শক্তি আছে বুলি সহপাঠীসকলক কেইবাবাৰো ক’লে। এইবাৰ সেই শক্তি প্ৰমাণ কৰিবলৈ যুৱকজনে হোষ্টেলৰ পাঁচ মহলাৰ পৰা জঁপিয়াই দিলে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। 

চিকিৎসকে জনোৱা মতে, যুৱকজনৰ হাত-ভৰি ভাঙি গৈছে। মূৰত গুৰুতৰভাৱে আঘাত পাইছে। সোমবাৰে সন্ধিয়া তামিলনাডুৰ কইম্বাটুৰৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি আহত যুৱকজনৰ নাম এ প্ৰভু। বিটেকৰ তৃতীয় বৰ্ষৰ ছাত্ৰ। হোষ্টেলৰ সহপাঠীৰ পৰা আৰক্ষীয়ে জানিব পাৰিলে যে প্ৰভুৱে প্ৰায়ে তেওঁলোকক কৈছিল যে তেওঁৰ ‘অলৌকিক’ ক্ষমতা আছে। আৰু সেই শক্তিৰে তেওঁ যিকোনো ওখ ঠাইৰ পৰা জঁপিয়াই পৰিব পাৰে। তেওঁ দাবী কৰিছিল যে তেওঁ জঁপিয়াই দিলেও তেওঁৰ একো নহ’ব। সহপাঠীসকলে তেওঁৰ কথাবোৰ বিশ্বাস কৰিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু প্ৰভুৱে নিজৰ শক্তি প্ৰমাণ কৰিবলৈ উঠিপৰি লাগিছিল।

আৰক্ষীয়ে এই কথাও জানিব পাৰিলে যে প্ৰভুৱে সহপাঠীসকলক দাবী কৰিছিল যে তেওঁ তান্ত্ৰিক মন্ত্ৰৰ সহায়ত এই ‘অলৌকিক’ শক্তি লাভ কৰিছে। সোমবাৰে সন্ধিয়া ৬:৩০ মান বজাত প্ৰভু হোষ্টেলৰ পঞ্চম মহলালৈ যায়। আৰু বহুতো যুৱক আছিল তাত। তেওঁলোকে নিজৰ মাজতে কথা পাতি আছিল। হঠাৎ সকলোৰে সন্মুখত প্ৰভুৱে পঞ্চম মহলাৰ পৰা জপিয়াই দিয়ে। প্ৰভুৰ এই কাণ্ডত তেওঁৰ সহপাঠীসকল আতংকিত হৈ পৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এ প্ৰভুক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়