--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ দেহত অলৌকিক শক্তি থকা বুলি দাবী কৰিলে এজন যুৱকে। সেই কথা সহপাঠীসকলক প্ৰমাণ কৰি দেখুৱাবলৈ পঞ্চম মহলাৰ পৰা জঁপিয়ালে যুৱকজনে।

তেওঁৰ ‘অতিপ্ৰাকৃতিক’ শক্তি আছে বুলি সহপাঠীসকলক কেইবাবাৰো ক’লে। এইবাৰ সেই শক্তি প্ৰমাণ কৰিবলৈ যুৱকজনে হোষ্টেলৰ পাঁচ মহলাৰ পৰা জঁপিয়াই দিলে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। 

চিকিৎসকে জনোৱা মতে, যুৱকজনৰ হাত-ভৰি ভাঙি গৈছে। মূৰত গুৰুতৰভাৱে আঘাত পাইছে। সোমবাৰে সন্ধিয়া তামিলনাডুৰ কইম্বাটুৰৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি আহত যুৱকজনৰ নাম এ প্ৰভু। বিটেকৰ তৃতীয় বৰ্ষৰ ছাত্ৰ। হোষ্টেলৰ সহপাঠীৰ পৰা আৰক্ষীয়ে জানিব পাৰিলে যে প্ৰভুৱে প্ৰায়ে তেওঁলোকক কৈছিল যে তেওঁৰ ‘অলৌকিক’ ক্ষমতা আছে। আৰু সেই শক্তিৰে তেওঁ যিকোনো ওখ ঠাইৰ পৰা জঁপিয়াই পৰিব পাৰে। তেওঁ দাবী কৰিছিল যে তেওঁ জঁপিয়াই দিলেও তেওঁৰ একো নহ’ব। সহপাঠীসকলে তেওঁৰ কথাবোৰ বিশ্বাস কৰিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু প্ৰভুৱে নিজৰ শক্তি প্ৰমাণ কৰিবলৈ উঠিপৰি লাগিছিল।

আৰক্ষীয়ে এই কথাও জানিব পাৰিলে যে প্ৰভুৱে সহপাঠীসকলক দাবী কৰিছিল যে তেওঁ তান্ত্ৰিক মন্ত্ৰৰ সহায়ত এই ‘অলৌকিক’ শক্তি লাভ কৰিছে। সোমবাৰে সন্ধিয়া ৬:৩০ মান বজাত প্ৰভু হোষ্টেলৰ পঞ্চম মহলালৈ যায়। আৰু বহুতো যুৱক আছিল তাত। তেওঁলোকে নিজৰ মাজতে কথা পাতি আছিল। হঠাৎ সকলোৰে সন্মুখত প্ৰভুৱে পঞ্চম মহলাৰ পৰা জপিয়াই দিয়ে। প্ৰভুৰ এই কাণ্ডত তেওঁৰ সহপাঠীসকল আতংকিত হৈ পৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এ প্ৰভুক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম