--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনৈতিক সমীকৰণ সলনি হৈ যাব পৰা এটা ৰাজনৈতিক অঘটন সংঘটিত হ’ব পাৰে ১৮ জুলাইত৷ কোনেও নভবা ধৰণে কোনেও চিন্তাও নকৰাকৈ সাধাৰণতে চৰ্চাত নথকা এগৰাকী ব্যক্তি হ’ব পাৰে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি৷ আৰু সেই ইংগিতেই পোৱা গৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তৎপৰতাত৷ মমতাই চেষ্টা কৰিছে পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকী অন্তত: বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ আহক৷ তাৰ বাবে ব্যাপক ৰণকৌশল আৰু নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে বংগকন্যাই৷ কালি নতুন দিল্লীত ১৭টা বিৰোধী দলৰ সন্মিলনত মমতা বেনাৰ্জীয়ে ফাৰুক আব্দুল্লা আৰু গোপালকৃষ্ণ গান্ধীৰ নাম ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে প্ৰস্তাৱ কৰে৷ 

বিৰোধীৰ সভাত উপস্থিত আছিল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, এনচিপি, ডিএমকে, আৰজেডি আৰু বাঁওপন্থী দলসমূহৰ নেতাসকল৷ ভাৰতীয় সংবিধান ক্লাবত অনুষ্ঠিত বৈঠকত টিএমচি, কংগ্ৰেছ, চিপিআই, চিপিএম, চিপিআইএম, আৰএছপি, শিৱসেনা, এনচিপি, মল্লিকাৰ্জুন খাৰ্গে, আৰজেডি, এছপি, নেচনেল কনফাৰেন্স, পিডিপি, জেডি(এছ), ডিএমকে, আৰএলডি, আইইউএমএল আৰু জেএমএম-এ অংশগ্ৰহণ কৰে। এনচিপিৰ শাৰদ পাৱাৰ আৰু প্ৰফুল পেটেল, কংগ্ৰেছৰ জয়ৰাম ৰমেশ আৰু ৰণদীপ সুৰজেৱালা, জেডি(এছ)ৰ এইচ ডি দেৱগৌড়া আৰু এইচ ডি কুমাৰস্বামী, এছপিৰ অখিলেশ যাদৱ, পিডিপিৰ মেহবুবা মুফতি, নেচনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লা হ'ল বৈঠকৰ বিশিষ্ট নেতাসকলৰ ভিতৰত অন্যতম৷

পিছে ৰ’ব, ইমান সহজনে মমতাৰ এই যাত্ৰা? মমতা বেনাৰ্জীয়ে নাম প্ৰস্তাৱ কৰাৰ পাছৰে পৰা পূৰ্বততৈও অধিক সক্ৰিয়তাৰে বিষয়টোত নামি পৰিছে শাসকীয় বিজেপি৷ মমতা বেনাৰ্জীৰ গান্ধী আৰু আব্দুল্লা প্ৰস্তাৱক বিৰোধী দলৰ সমৰ্থন আৰু অসমৰ্থনৰ ওপৰতে নিৰ্ভৰ কৰিছে এতিয়া, কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি?

খবৰ ওলাইছে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ৰাজনাথ সিং৷ উত্তৰ প্ৰদেশৰ নেতাগৰাকীক ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰি উত্তৰ প্ৰদেশত নিষ্কণ্টক হৈ থাকিব খুজিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে ১৮ জুনত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচন৷সন্দৰ্ভত কালি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অন্যান্য বিৰোধী নেতাসকলৰ সৈতে কথা পাতিছিল। সূত্ৰ অনুসৰি, চৰকাৰে বিৰোধীৰ সৈতে সহমত গঠন কৰিবলৈ চেষ্টা কৰিব আৰু এই পৰ্যায়ত কোনো নাম আলোচনা কৰা হোৱা নাছিল। আন নেতাসকলৰ ভিতৰত আছে কংগ্ৰেছৰ মল্লিকাৰ্জুন খাৰ্গে, বিজেডিৰ মুৰব্বী নবীন পাটনায়ক আৰু সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱ। সিঙে এজন সহযোগী  বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতেও কথা পাতিছিল, যাৰ বিজেপিৰ সৈতে সম্পৰ্ক ২০২০ চনৰ বিধানসভা নিৰ্বাচনৰ পৰা এক কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। এইবোৰ হৈছে প্ৰাথমিক আলোচনা য’ত বিকল্পবোৰ অন্বেষণ কৰা হৈছে বুলি সূত্ৰই জনায়। 

বিজেপি সংসদীয় পৰিষদেও বৈঠকত মিলিত হ’ব আৰু ২৬ জুনৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জাৰ্মানী ভ্ৰমণৰ পূৰ্বে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হ’ব আৰু ঘোষণা কৰা হ’ব।

ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ বিৰোধীৰ আলোচনাৰ মাজতে ৰাজনাথ সিঙৰ নাম ব্যাপক চৰ্চালৈ  আহিছে। উল্লেখ্য যে, বেনাৰ্জীৰ নিৰ্দেশত কালি দিল্লীত বিৰোধী নেতাৰ এটা দলে এই বিষয়টো আলোচনা কৰিবলৈ মিলিত হৈছিল। অৱশ্যে পাঁচটা গুৰুত্বপূৰ্ণ দল বৈঠকত অনুপস্থিত আছিল, য’ত প্ৰবীণ ৰাজনৈতিক নেতা শাৰদ পাৱাৰে নিৰ্বাচনৰ বাবে বিৰোধী প্ৰাৰ্থীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ