--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম জনমে জনমে হওক বা নহওক প্ৰেম জীৱনে মৰণে কৰিম বুলি শপত খাইছিল এহাল প্ৰেমিক-প্ৰেমিকাই। প্ৰেমে পূৰ্ণতা নোপোৱাত দুয়ো সিদ্ধান্ত ল'লে যে দুয়ো একেলগে নদীত জঁপিয়াই আত্মহত্যা কৰিব। ভবামতেই কাম। নদীৰ পাৰ পোৱাৰ পাছতেই প্ৰেমিকাই দলঙৰ পৰা নদীত জাপ দিয়ে। পাছে প্ৰতিজ্ঞা পালন নকৰিলে প্ৰেমিকে। প্ৰেমিকাই নদীত জাপ দিয়াৰ পাছতেই সেই স্থানৰ পৰা পলায়ন কৰে প্ৰেমিকে। ভাগ্যক্ৰমে প্ৰেমিকাই সাঁতুৰিব জানিছিল। প্ৰেমিকে ঠগা দেখি সাঁতুৰি সাঁতুৰি পাৰত উঠে প্ৰেমিকা। এই কথাত ক্ষুব্ধ হৈ প্ৰেমিকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিলে প্ৰেমিকাই। 

ঘটনা অনুসৰি এগৰাকী ৩২ বছৰীয়া বিবাহিতা মহিলা ৩০ বছৰীয়া এজন যুৱকৰ প্ৰেমত পৰিছিল। দুয়োৰে প্ৰেম ইমানেই বাঢ়ি গ’ল যে জীৱনে-মৰণে দুয়ো একেলগে থকাৰ প্ৰতিজ্ঞা ল’লে। এই প্ৰেমত অথন্তৰ ঘটিল তেতিয়া, যেতিয়া মহিলাগৰাকীয়ে সন্তানসহ পুনেলৈ ফুৰিবলৈ গৈছিল। সেই সময়ছোৱাতে প্ৰেমিকজনে বিয়া পাতে অন্য এগৰাকী যুৱতীক। পুনেৰ পৰা যেতিয়া মহিলাগৰাকী ঘূৰি আহিছিল তেতিয়া প্ৰেমিকৰ বিয়াৰ খবৰ পাই তেওঁ পাগলী হোৱাদি হ'ল। মহিলাগৰাকীয়ে প্ৰেমিকক নৱ বিবাহিতা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ কয় আৰু কাজিয়া আৰম্ভ কৰে। ন-কইনাক বিবাহ বিচ্ছেদ দি তেওঁক বিয়া পাতিবলৈ জোৰ দি ধৰে মহিলাগৰাকীয়ে। ইয়াকে লৈ দুয়োৰে মাজত কাজিয়া বাঢ়ি গ’ল। 

অৱশেষত দুয়ো সিদ্ধান্ত ল’লে যে এনেদৰে কাজিয়া কৰি থকাতকৈ মৰি থকাই ভাল। সিদ্ধান্ত অনুসৰি দুয়ো নদীৰ পাৰলৈ যায়। তাৰপাছতেই প্ৰেমিকাই নদীত জাপ দিয়ে কিন্তু প্ৰেমিকে জাপ নিদিলে। প্ৰেমিকাই জাপ মৰাৰ পাছতই সেই স্থানত এক মিনিটো নোৰোৱাকৈ প্ৰেমিকে পলায়ন কৰে। প্ৰেমিকে একেলগে নদীত জাপ নিদিয়া বাবে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে মহিলাগৰাকীয়ে। থানাত এজাহাৰ দাখিল কৰাৰ পিছতে এতিয়া এই বিষয়টো ভাইৰেল হৈ পৰিছে। এই প্ৰেমৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ