--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম জনমে জনমে হওক বা নহওক প্ৰেম জীৱনে মৰণে কৰিম বুলি শপত খাইছিল এহাল প্ৰেমিক-প্ৰেমিকাই। প্ৰেমে পূৰ্ণতা নোপোৱাত দুয়ো সিদ্ধান্ত ল'লে যে দুয়ো একেলগে নদীত জঁপিয়াই আত্মহত্যা কৰিব। ভবামতেই কাম। নদীৰ পাৰ পোৱাৰ পাছতেই প্ৰেমিকাই দলঙৰ পৰা নদীত জাপ দিয়ে। পাছে প্ৰতিজ্ঞা পালন নকৰিলে প্ৰেমিকে। প্ৰেমিকাই নদীত জাপ দিয়াৰ পাছতেই সেই স্থানৰ পৰা পলায়ন কৰে প্ৰেমিকে। ভাগ্যক্ৰমে প্ৰেমিকাই সাঁতুৰিব জানিছিল। প্ৰেমিকে ঠগা দেখি সাঁতুৰি সাঁতুৰি পাৰত উঠে প্ৰেমিকা। এই কথাত ক্ষুব্ধ হৈ প্ৰেমিকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিলে প্ৰেমিকাই। 

ঘটনা অনুসৰি এগৰাকী ৩২ বছৰীয়া বিবাহিতা মহিলা ৩০ বছৰীয়া এজন যুৱকৰ প্ৰেমত পৰিছিল। দুয়োৰে প্ৰেম ইমানেই বাঢ়ি গ’ল যে জীৱনে-মৰণে দুয়ো একেলগে থকাৰ প্ৰতিজ্ঞা ল’লে। এই প্ৰেমত অথন্তৰ ঘটিল তেতিয়া, যেতিয়া মহিলাগৰাকীয়ে সন্তানসহ পুনেলৈ ফুৰিবলৈ গৈছিল। সেই সময়ছোৱাতে প্ৰেমিকজনে বিয়া পাতে অন্য এগৰাকী যুৱতীক। পুনেৰ পৰা যেতিয়া মহিলাগৰাকী ঘূৰি আহিছিল তেতিয়া প্ৰেমিকৰ বিয়াৰ খবৰ পাই তেওঁ পাগলী হোৱাদি হ'ল। মহিলাগৰাকীয়ে প্ৰেমিকক নৱ বিবাহিতা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ কয় আৰু কাজিয়া আৰম্ভ কৰে। ন-কইনাক বিবাহ বিচ্ছেদ দি তেওঁক বিয়া পাতিবলৈ জোৰ দি ধৰে মহিলাগৰাকীয়ে। ইয়াকে লৈ দুয়োৰে মাজত কাজিয়া বাঢ়ি গ’ল। 

অৱশেষত দুয়ো সিদ্ধান্ত ল’লে যে এনেদৰে কাজিয়া কৰি থকাতকৈ মৰি থকাই ভাল। সিদ্ধান্ত অনুসৰি দুয়ো নদীৰ পাৰলৈ যায়। তাৰপাছতেই প্ৰেমিকাই নদীত জাপ দিয়ে কিন্তু প্ৰেমিকে জাপ নিদিলে। প্ৰেমিকাই জাপ মৰাৰ পাছতই সেই স্থানত এক মিনিটো নোৰোৱাকৈ প্ৰেমিকে পলায়ন কৰে। প্ৰেমিকে একেলগে নদীত জাপ নিদিয়া বাবে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে মহিলাগৰাকীয়ে। থানাত এজাহাৰ দাখিল কৰাৰ পিছতে এতিয়া এই বিষয়টো ভাইৰেল হৈ পৰিছে। এই প্ৰেমৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু