--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : যৌন অভিপ্ৰায় অবিহনে শিশুৰ গাল স্পৰ্শ কৰিলে যৌন নিৰ্যাতনৰ অপৰাধ হিচাপে এতিয়াৰ পৰা বিবেচনা কৰা নহ’ব। বোম্বে উচ্চ ন্যায়ালয়ে এগৰাকী ৮ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এজন ৪৬ বছৰীয়া লোকক জামিন প্ৰদানৰ সময়ত এই মন্তব্য কৰে। শিশু সুৰক্ষা আইনৰ ধাৰা ৭-ৰ অধীনত এই নীতি নিৰ্ধাৰণ কৰা হৈছে বুলি উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰে। উল্লেখ্য যে, ২৭ আগষ্টত ন্যায়াধীশ সন্দীপ সিন্ধে বিচাৰপীঠে বিগত বৰ্ষৰ জুলাই মাহত থানে জিলাৰ ৰাবোদী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহম্মদ আহমেদ উল্লাক জামিন প্ৰদান কৰিছিল। ৰেকৰ্ডত থকা সামগ্ৰীৰ প্ৰাথমিক মূল্যাংকনে যৌন অভিপ্ৰায়ৰ কোনো প্ৰামাণিক স্বাক্ষৰ বহন নকৰা বুলি ন্যায়াধীশ সিন্ধেই স্পষ্টকৈ মত প্ৰকাশ কৰে।


আৱেদনকাৰীৰ মতে, উল্লাই ছোৱালীজনীক তেওঁৰ মাংসৰ দোকানৰ ভিতৰলৈ মাতিছিল আৰু তাইৰ গাল স্পৰ্শ কৰিছিল। এগৰাকী স্থানীয় মহিলাই অভিযুক্তজনক কিশোৰীগৰাকীক তেওঁৰ দোকানলৈ লৈ যোৱা দেখিছিল। মহিলাগৰাকীয়ে থানে আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ভাৰতীয় দণ্ডবিধি আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল উল্লাৰ বিৰুদ্ধে। এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হোৱা অভিযুক্তজনে প্ৰায় এটা বছৰে নৱী মুম্বাইৰ তালোজা কাৰাগাৰত বন্দী হৈ আছিল। অৱশ্যে উল্লাই তেওঁৰ জামিন আবেদনত তেওঁৰ বিৰুদ্ধে থকা অভিযোগ অস্বীকাৰ কৰে আৰু আজি বোম্বে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে তেওঁক জামিন প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক