--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : যৌন অভিপ্ৰায় অবিহনে শিশুৰ গাল স্পৰ্শ কৰিলে যৌন নিৰ্যাতনৰ অপৰাধ হিচাপে এতিয়াৰ পৰা বিবেচনা কৰা নহ’ব। বোম্বে উচ্চ ন্যায়ালয়ে এগৰাকী ৮ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এজন ৪৬ বছৰীয়া লোকক জামিন প্ৰদানৰ সময়ত এই মন্তব্য কৰে। শিশু সুৰক্ষা আইনৰ ধাৰা ৭-ৰ অধীনত এই নীতি নিৰ্ধাৰণ কৰা হৈছে বুলি উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰে। উল্লেখ্য যে, ২৭ আগষ্টত ন্যায়াধীশ সন্দীপ সিন্ধে বিচাৰপীঠে বিগত বৰ্ষৰ জুলাই মাহত থানে জিলাৰ ৰাবোদী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহম্মদ আহমেদ উল্লাক জামিন প্ৰদান কৰিছিল। ৰেকৰ্ডত থকা সামগ্ৰীৰ প্ৰাথমিক মূল্যাংকনে যৌন অভিপ্ৰায়ৰ কোনো প্ৰামাণিক স্বাক্ষৰ বহন নকৰা বুলি ন্যায়াধীশ সিন্ধেই স্পষ্টকৈ মত প্ৰকাশ কৰে।


আৱেদনকাৰীৰ মতে, উল্লাই ছোৱালীজনীক তেওঁৰ মাংসৰ দোকানৰ ভিতৰলৈ মাতিছিল আৰু তাইৰ গাল স্পৰ্শ কৰিছিল। এগৰাকী স্থানীয় মহিলাই অভিযুক্তজনক কিশোৰীগৰাকীক তেওঁৰ দোকানলৈ লৈ যোৱা দেখিছিল। মহিলাগৰাকীয়ে থানে আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ভাৰতীয় দণ্ডবিধি আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল উল্লাৰ বিৰুদ্ধে। এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হোৱা অভিযুক্তজনে প্ৰায় এটা বছৰে নৱী মুম্বাইৰ তালোজা কাৰাগাৰত বন্দী হৈ আছিল। অৱশ্যে উল্লাই তেওঁৰ জামিন আবেদনত তেওঁৰ বিৰুদ্ধে থকা অভিযোগ অস্বীকাৰ কৰে আৰু আজি বোম্বে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে তেওঁক জামিন প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু