--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ আজি অন্তিমটো দিন, বছৰটোক সুন্দৰকৈ বিদায় আৰু নৱবৰ্ষক বিশাল উদযাপনৰ সৈতে স্বাগতম জনাবলৈ সকলোৱে উৎসাহিত হৈ পৰিছে ৷ সমূহ অসমবাসীৰ এই উদযাপনৰ সময়ত তেওঁলোকৰ প্ৰিয় চিনেমাসমূহৰ গীতবোৰতকৈ আন একোৱেই উন্মাদ নকৰে । এই বছৰ আমি আপোনাৰ পাৰ্টী প্লেলিষ্টৰ বাবে উপযুক্ত গীতৰ এক ভাণ্ডাৰ লৈ আনিছো । 

১)যুদ্ধ

অসমৰ সকলোকে নাচিবলৈ বাধ্য কৰোৱা এটি অসমীয়া গীত হৈছে যুদ্ধ ৷ প্ৰাণদ্বীপ আৰু ৰিদিপ্তা শৰ্মাৰ কণ্ঠত এই গীতটি সকলোৰে প্ৰিয় ৷ কথা শোণিত গগৈৰ আৰু বিজয় শংকৰৰ সংগীত ৷ গীতটিত অভিনয় কৰিছে ত্ৰিদ্বীপ লাহন, চুমকী কছাৰী, নিৰুপম শইকীয়া, শিল্পীশিখা বৰাই ৷ গীতটিয়ে ইতিমধ্যে ইউটিউবত ২৯ মিলিয়ন দৰ্শক অতিক্ৰম কৰিছে ৷

২)মনবন্ধু- স্বৰ্গৰথ

এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডৰ বেনাৰত ড০ সঞ্জীৱ নাৰায়ণ আৰু ডা: অক্ষতা নাৰায়ণে প্ৰযোজনা কৰা ৰাজেশ ভূঞা পৰিচালিত ছবি স্বৰ্গৰথৰ এটি গীত- মনবন্ধু ৷ গীতটিত কন্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই ৷ গীতটিৰ সংগীত অনুৰাগ শইকীয়াৰ ৷ শান্তনু ৰৌমৰীয়াৰ কথা আৰু ৰাজেশ ভূঞা দ্বাৰা পৰিচালিত এই গীতৰ দৃশ্যত নাগাৰা নামেৰে জনপ্ৰিয় হোৱা শিল্পী কৰিশ্মা নাথকো বিশেষ ৰূপত দেখা গৈছিল। এই গীতটিৰে আপোনাৰ সন্ধিয়া জীপাল কৰক ৷

৩)বাও লাগিব

সকলোৰে মুখে মুখে থকা এই বৰ্ষৰ এটি গীত ‘বাও লাগিব’ ৷ গীতটিত কণ্ঠদান কৰিছে নীলাভ নীতাই ৷ কথা আৰু সুৰ দেৱজিৎ বৰাৰ ৷ গীতটিৰ সংগীত প্ৰনয় দত্তৰ ৷ গীতটিত অভিনয় কৰিছে নীল তামূলী আৰু নীলাভ নীতাই ৷ গীতটিয়ে ইতিমধ্যে ইউটিউবত ১৫ মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

৪)পাগল মন

জনম কাশ্যপৰ কণ্ঠত পাগল মন শীৰ্ষক গীতটি এই বৰ্ষৰ অন্যতম জনপ্ৰিয় গীত ৷ নিপন কুমাৰৰ কথা আৰু অভিলেখ বৰদলৈৰ সুৰেৰে পাগল মন গীতটি বৰ্তমান অসমবাসীৰ মুখে মুখে ৷ গীতটিত অভিনয় কৰিছে প্ৰীয়ম পল্লৱী আৰু জনম কাশ্যপে ৷

৫) দে ভগৱান

সুব্ৰত কাকতিৰ পৰিচালনাৰে জনপ্ৰিয় বোলছবি বিদুৰভাইৰ প্ৰথমটো গীত ‘দে ভগৱান’ ৷ বৰ্তমান ডেকাৰ পৰা বুঢ়ালৈকে গুণগুণাই থকা এই গীতটিৰে আপুনিও আজিৰ নিশা জীপাল কৰি ৰাখিব পাৰে ৷ গীতটিত কণ্ঠদান কৰিছে দীক্ষু শৰ্মাই, সুব্ৰত কাকতিৰ কথা আৰু সংগীত প্ৰনয় দত্তৰ ৷  

    
নৱবৰ্ষৰ বাবে আপুনি বিশাল অনুষ্ঠানৰেই আয়োজন কৰক বা অন্তৰংগ সমাৱেশৰে আয়োজন কৰক, এই গীতসমূহৰ সৈতে সকলোৱে মিলি এটা অবিস্মৰণীয় সন্ধিয়া উদযাপন কৰিব পাৰিব । 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি