--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ আজি অন্তিমটো দিন, বছৰটোক সুন্দৰকৈ বিদায় আৰু নৱবৰ্ষক বিশাল উদযাপনৰ সৈতে স্বাগতম জনাবলৈ সকলোৱে উৎসাহিত হৈ পৰিছে ৷ সমূহ অসমবাসীৰ এই উদযাপনৰ সময়ত তেওঁলোকৰ প্ৰিয় চিনেমাসমূহৰ গীতবোৰতকৈ আন একোৱেই উন্মাদ নকৰে । এই বছৰ আমি আপোনাৰ পাৰ্টী প্লেলিষ্টৰ বাবে উপযুক্ত গীতৰ এক ভাণ্ডাৰ লৈ আনিছো । 

১)যুদ্ধ

অসমৰ সকলোকে নাচিবলৈ বাধ্য কৰোৱা এটি অসমীয়া গীত হৈছে যুদ্ধ ৷ প্ৰাণদ্বীপ আৰু ৰিদিপ্তা শৰ্মাৰ কণ্ঠত এই গীতটি সকলোৰে প্ৰিয় ৷ কথা শোণিত গগৈৰ আৰু বিজয় শংকৰৰ সংগীত ৷ গীতটিত অভিনয় কৰিছে ত্ৰিদ্বীপ লাহন, চুমকী কছাৰী, নিৰুপম শইকীয়া, শিল্পীশিখা বৰাই ৷ গীতটিয়ে ইতিমধ্যে ইউটিউবত ২৯ মিলিয়ন দৰ্শক অতিক্ৰম কৰিছে ৷

২)মনবন্ধু- স্বৰ্গৰথ

এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডৰ বেনাৰত ড০ সঞ্জীৱ নাৰায়ণ আৰু ডা: অক্ষতা নাৰায়ণে প্ৰযোজনা কৰা ৰাজেশ ভূঞা পৰিচালিত ছবি স্বৰ্গৰথৰ এটি গীত- মনবন্ধু ৷ গীতটিত কন্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই ৷ গীতটিৰ সংগীত অনুৰাগ শইকীয়াৰ ৷ শান্তনু ৰৌমৰীয়াৰ কথা আৰু ৰাজেশ ভূঞা দ্বাৰা পৰিচালিত এই গীতৰ দৃশ্যত নাগাৰা নামেৰে জনপ্ৰিয় হোৱা শিল্পী কৰিশ্মা নাথকো বিশেষ ৰূপত দেখা গৈছিল। এই গীতটিৰে আপোনাৰ সন্ধিয়া জীপাল কৰক ৷

৩)বাও লাগিব

সকলোৰে মুখে মুখে থকা এই বৰ্ষৰ এটি গীত ‘বাও লাগিব’ ৷ গীতটিত কণ্ঠদান কৰিছে নীলাভ নীতাই ৷ কথা আৰু সুৰ দেৱজিৎ বৰাৰ ৷ গীতটিৰ সংগীত প্ৰনয় দত্তৰ ৷ গীতটিত অভিনয় কৰিছে নীল তামূলী আৰু নীলাভ নীতাই ৷ গীতটিয়ে ইতিমধ্যে ইউটিউবত ১৫ মিলিয়ন দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷

৪)পাগল মন

জনম কাশ্যপৰ কণ্ঠত পাগল মন শীৰ্ষক গীতটি এই বৰ্ষৰ অন্যতম জনপ্ৰিয় গীত ৷ নিপন কুমাৰৰ কথা আৰু অভিলেখ বৰদলৈৰ সুৰেৰে পাগল মন গীতটি বৰ্তমান অসমবাসীৰ মুখে মুখে ৷ গীতটিত অভিনয় কৰিছে প্ৰীয়ম পল্লৱী আৰু জনম কাশ্যপে ৷

৫) দে ভগৱান

সুব্ৰত কাকতিৰ পৰিচালনাৰে জনপ্ৰিয় বোলছবি বিদুৰভাইৰ প্ৰথমটো গীত ‘দে ভগৱান’ ৷ বৰ্তমান ডেকাৰ পৰা বুঢ়ালৈকে গুণগুণাই থকা এই গীতটিৰে আপুনিও আজিৰ নিশা জীপাল কৰি ৰাখিব পাৰে ৷ গীতটিত কণ্ঠদান কৰিছে দীক্ষু শৰ্মাই, সুব্ৰত কাকতিৰ কথা আৰু সংগীত প্ৰনয় দত্তৰ ৷  

    
নৱবৰ্ষৰ বাবে আপুনি বিশাল অনুষ্ঠানৰেই আয়োজন কৰক বা অন্তৰংগ সমাৱেশৰে আয়োজন কৰক, এই গীতসমূহৰ সৈতে সকলোৱে মিলি এটা অবিস্মৰণীয় সন্ধিয়া উদযাপন কৰিব পাৰিব । 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ