--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া চলচ্চিত্ৰৰ আছে এক বৰ্ণিল ইতিহাস। ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত ‘জয়মতী’ চলচ্চিত্ৰই মুকলি কৰিছিল এখন নতুন দুৱাৰ। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ চতুৰ্থখন সবাক চলচ্চিত্ৰ হিচাবে চিহ্নিত ‘জয়মতী’ৰ সমসাময়িকভাৱে দেশৰ অন্যান্য প্ৰান্ততো ঠন ধৰি উঠিছিল বিভিন্ন আঞ্চলিক ভাষাৰ সবাক চলচ্চিত্ৰৰ উদ্যোগসমূহ। সেয়াই আছিল আৰম্ভণি। 

চাওঁতে চাওঁতে আজি বছৰটোৰ অন্তিমটো দিনত আমি উপনীত হৈছোহি ৷ চৌপাশে নতুনক আদৰাৰ প্ৰস্তুতি ৷ আজিৰ এই ক্ষণত উপস্থিত হৈ পিছলৈ ঘূৰি চালে অনুভৱ হয় এই বৰ্ষটো অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এটা উল্লেখনীয় বছৰ হিচাপে পৰিগণিত হৈছে ৷ 

২০২৪ বৰ্ষত অসমীয়া সংস্কৃতিক শিখৰলৈ লৈ যোৱাত সহায় কৰিলে কেইবাখনো অসমীয়া চিনেমাই ৷ চলিত বৰ্ষটোত মুক্তি লাভ কৰিলে ২৫ খনকৈ ছবি । চলিত বৰ্ষটোত মুক্তি পোৱা ছবিৰ সংখ্যা ২৫ খন ৷ এই সংখ্যা সঁচাই প্ৰশংসনীয় ৷ পিছে ২৫ খনেই যে ছবিগৃহত তুলপাৰ লগালে তেনে নহয় ৷ বেছিভাগ ছবিয়েই বিফল হ’ল ব্যৱসায়িকভাৱে ৷ বহু ছবিত মনোৰঞ্জনৰ লগতে সামাজিক বাৰ্তাও আছিল ৷

UFO Moviez India Ltd ৰ মহা প্ৰবন্ধক সৌৰভ দত্তই কয়, “আমি যদি ব্যৱসায়ৰ ফালৰ পৰা ক’বলৈ যাওঁ তেন্তে এই বর্ষৰ সৰ্বাধিক ব্যৱসায় কৰা ছবিখন হৈছে ‘বিদুৰভাই’ । সেই ছবিখনে প্ৰায় ১২.৫ কোটি টকাৰ ব্যৱসায় কৰিছে । তাৰ পিছত মুক্তি পোৱা ছবিসমূহে ‘বিদুৰভাই’ ৰ সমপৰ্যায়লৈ যাবলৈ সক্ষম নহ’ল যদিও ‘লোকেল কুংফু 3’, ‘চিকাৰ’, ‘অভিমন্যু’ এই ছবিকেইখনে এটা পৰ্যায়লৈ ব্যৱসায় কৰিছে ৷” 

২০২৪ ত মুক্তিৰ দিন ধাৰ্য কৰাৰ পাছতো পিছুৱাই দিয়া হ’ল এইকেইখন ছবি

তথ্য অনুসৰি ৰুদ্ৰখনো এইটো বছৰতে মুক্তি পোৱাৰ কথা আছিল । লগতে ‘ভাইমন দা’, ‘পথ-উপপথ’ এই ছবি কেইখনো এই বছৰতে মুক্তি পোৱাৰ কথা আছিল কিন্তু এইকেইখনৰ মুক্তিৰ দিন ২০২৫ লৈ পিছুৱাই দিয়া হৈছে । লগতে ৬ ডিচেম্বৰত হিমজ্যোতি তালুকদাৰৰ ‘তাৰিখ’ ছবিখনৰ মুক্তিৰ দিন আছিল । কিন্তু ৫ ডিচেম্বৰত ‘পুষ্পা ২’ খন মুক্তি লাভ কৰাৰ বাবে এই ছবিখনৰো মুক্তি দিন পিছুৱাই দিয়া হয় ।


২০২৪ত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ল কেবাখনো অসমীয়া ছবি-তথ্যচিত্ৰ ৷ আৰ্জিলে বহু বঁটা-সুনাম ৷

ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত তিনিখনকৈ অসমীয়া ছবি

৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত তিনিখনকৈ অসমীয়া ছবি । ভাৰতীয় পেনোৰামাই বাচনি কৰা ২০ খন ছবিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে যদুমণি দত্ত পৰিচালিত "জুইফুল" আৰু ড৹ ববী শৰ্মা বৰুৱা পৰিচালিত "ৰ'দৰ পাখি"। আনহাতে মূলসুতিৰ ছবি হিচাপে পেনোৰামাই বাচনি কৰা আন ৫ খন ভাৰতীয় ভাষাৰ ছবিৰ ভিতৰত অন্তৰ্ভুক্ত ৰাজেশ ভূঞা পৰিচালিত "স্বৰ্গৰথ"।

বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ ২' লৈ শ্ৰেষ্ঠ চিনেমাৰ সন্মান

চলিত বৰ্ষত দক্ষিণ কোৰিয়াৰ বুছান চহৰত অনুষ্ঠিত হোৱা ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'শ্ৰেষ্ঠ ছবি'ৰ শিতানত বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হ'ল ৰীমা দাসৰ ছবি 'ভিলেজ ৰকষ্টাৰ ২' এ । ভাৰতীয় ফিচাৰ ফিল্ম হিচাপে ২৯ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে লাভ কৰে 'কিম জিচিঅ'ক বঁটা'। উল্লেখ্য যে, জিচিঅ’ক প্ৰতিযোগিতা শিতানত নিৰ্বাচিত হোৱা আঠখন ছবিৰ ভিতৰত একমাত্ৰ ভাৰতীয় ফিচাৰ হিচাপে চিহ্নিত হৈছিল 'ভিলেজ ৰকষ্টাৰ্ছ ২' । ছবিখনৰ এই সফলতাত উৎসাহিত ছবিখনৰ পৰিচালক ৰীমা দাস ।


চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত অসমীয়া চলচ্চিত্ৰ 'তাৰিখ'

২২ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (CIFF) ২০২৪-ৰ নিৰ্বাচিত হৈছিল অসমীয়া ছবি "তাৰিখ"। ১২ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই মহোৎসৱত ভাৰতীয় পেনাৰোমা শাখাত আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা এইখনেই আছিল উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ছবি । অৰুন্ধতী শর্মা বৰুৱা আৰু ড৹ মুক্তিস্মান হাজৰিকাৰ দ্বাৰা প্ৰযোজিত 'তাৰিখ'ৰ পৰিচালক হৈছে হিমজ্যোতি তালুকদাৰ । ছবিখনৰ এই সফলতাৰ সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছবিখনৰ পৰিচালক হিমজ্যোতি তালুকদাৰে কয়,"আমাৰ বাবে এইটো এক ডাঙৰ সফলতা । বহুত ভাল লাগিছে । আমাৰ উত্তৰ পূব ভাৰতৰ পৰা একমাত্ৰ প্ৰতিনিধি হিচাপে তাৰিখখন নিৰ্বাচিত হৈছে এয়া আমাৰ বাবে খুবেই এটা গৌৰৱৰ বিষয় বুলি ভাৱো ।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ