--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুদ্ব মানেই সন্ত্ৰাস। এই সন্ত্ৰাসে বিধ্বস্ত কৰা ইউক্ৰেইনত এতিয়াও মাৰ যোৱা নাই সন্ত্ৰাসময় পৰিস্থিতিৰ। যোৱা ফেব্ৰুৱাৰীতে ৰাছিয়াই আক্ৰমণ কৰাৰ পিছত ইউক্ৰেইনত এতিয়াও সমাপ্ত হোৱা নাই যুদ্ধ। এই যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা পৰাৰ উদ্দেশ্যে ইউক্ৰেইনৰ পৰা স্বদেশলৈ উভতি আহিছিল হাজাৰ হাজাৰ ভাৰতীয় লোক। দেশখনত শিক্ষাগ্ৰহণ কৰি থকা ভাৰতৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সাং নকৰাকৈয়ে প্ৰাণ ৰক্ষাৰ তাগিদাত স্বদেশলৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল। ইয়াৰ ফলত এই ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত প্ৰায় সন্দেহৰ মাজত সোমাই পৰিছে। শিক্ষা সম্পূৰ্ণ নোহোৱাৰ ফলত এই শিক্ষাৰ্থীসকল তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে।

ইউক্ৰেইনত এতিয়াও যুদ্ধৰ সমাপ্তি নোহোৱাৰ বাবে শিক্ষাৰ্থীসকল দেশখনলৈ পুনৰ ঘূৰি যোৱাৰ কোনো সম্ভাৱনা গঢ় লৈ উঠা নাই। উল্লেখ্য যে দেশখনত অধ্যয়নৰ বাবে যোৱা অধিকাংশ ভাৰতীয় শিক্ষাৰ্থীয়েই চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰে। এই শিক্ষাৰ্থীসকলে তেওঁলোকৰ ডিগ্ৰী যাতে সম্পূৰ্ণ কৰিব পাৰে আৰু অনুশীলন কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰক দেশতে তেওঁলোকক চিকিৎসা মহাবিদ্যালয়ত স্থান দিয়াৰ বাবে দাবী জনাই আহিছে। যোৱা কেইমাহমান ধৰি ইউক্ৰেইনৰ পৰা উভতি অহা শিক্ষাৰ্থীসকলে ভাৰত চৰকাৰক এই দাবী জনাই অহাৰ লগতে প্ৰতিবাদো সাব্যস্ত কৰিছে।

কিন্তু এই পৰ্যন্ত কোনো সমাধানৰ পথ নোলোৱাত পুনৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে সাজু হৈছে এই ছাত্ৰ-ছাত্ৰীসকল। ইউক্ৰেইনৰ পৰা ভাৰতলৈ উভতি অহা প্ৰায় ১৫,০০০ এমবিবিএছ শিক্ষাৰ্থীয়ে তেওঁলোকৰ অভিভাৱকৰ সৈতে মঙ্গলবাৰে নতুন দিল্লীৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ (এনএমচি) কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব।

অসম আৰু মিজোৰামকে ধৰি ১৮ খন ৰাজ্যৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলে 'পেৰেণ্টচ্ এচ’চিয়েশ্যন অৱ ইউক্ৰেইন এমবিবিএছ ষ্টুডেণ্টছ ইণ্ডিয়া'ৰ বেনাৰত এই প্ৰতিবাদৰ বাবে একত্ৰিত হ’ব। প্ৰতিবাদৰ নেতৃত্ব বহন কৰা ছোনিয়া লুম্বাই জানিবলৈ দিয়া মতে মঙ্গলবাৰে পুৱা ১০ বজাত এনএমচি কাৰ্যালয় খণ্ড, দ্বাৰকাত প্ৰতিবাদী শিক্ষাৰ্থী তথা অভিভাৱক সকল একত্ৰিত হ'ব আৰু ইয়াৰ পিছত স্বাস্থ্য ভৱনৰ কাৰ্যালয়লৈ যাত্ৰা কৰিব।

উল্লেখ্য যে শিক্ষাৰ্থীসকলৰ এই বিষয়টো ইতিমধ্যে উচ্চতম ন্যায়ালয়তো উত্থাপন কৰা হৈছে। এটা সংগঠনে দাখিল কৰা আৱেদনৰ আধাৰত উচ্চতম ন্যায়ালয়ে এনএমচিক ভাৰতৰ চিকিৎসা মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক শৈক্ষিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ অনুমতি দিয়াৰ বাবে এখন আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল।

শীৰ্ষ আদালতে এনএমচিক উত্তৰ দাখিল কৰাৰ বাবে ২৯ জুনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল যদিও সময়সীমা অতিক্ৰম কৰাৰ পিছতো এই পৰ্যন্ত এনএমচি- এ এই পৰ্যন্ত বিষয়টোৰ সন্দৰ্ভত কোনো প্ৰতিবেদন দাখিল কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাৰতীয় শিক্ষার্থী দলৰ চমক
বৰক্ষেত্ৰীৰ আদাট্টাৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰত লক্ষাধিক টকাৰ চুৰিকাণ্ড
ইতিহাস ৰচি স্পেইনৰ বিশ্বজয়
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement