--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুদ্ব মানেই সন্ত্ৰাস। এই সন্ত্ৰাসে বিধ্বস্ত কৰা ইউক্ৰেইনত এতিয়াও মাৰ যোৱা নাই সন্ত্ৰাসময় পৰিস্থিতিৰ। যোৱা ফেব্ৰুৱাৰীতে ৰাছিয়াই আক্ৰমণ কৰাৰ পিছত ইউক্ৰেইনত এতিয়াও সমাপ্ত হোৱা নাই যুদ্ধ। এই যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা পৰাৰ উদ্দেশ্যে ইউক্ৰেইনৰ পৰা স্বদেশলৈ উভতি আহিছিল হাজাৰ হাজাৰ ভাৰতীয় লোক। দেশখনত শিক্ষাগ্ৰহণ কৰি থকা ভাৰতৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সাং নকৰাকৈয়ে প্ৰাণ ৰক্ষাৰ তাগিদাত স্বদেশলৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল। ইয়াৰ ফলত এই ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত প্ৰায় সন্দেহৰ মাজত সোমাই পৰিছে। শিক্ষা সম্পূৰ্ণ নোহোৱাৰ ফলত এই শিক্ষাৰ্থীসকল তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে।

ইউক্ৰেইনত এতিয়াও যুদ্ধৰ সমাপ্তি নোহোৱাৰ বাবে শিক্ষাৰ্থীসকল দেশখনলৈ পুনৰ ঘূৰি যোৱাৰ কোনো সম্ভাৱনা গঢ় লৈ উঠা নাই। উল্লেখ্য যে দেশখনত অধ্যয়নৰ বাবে যোৱা অধিকাংশ ভাৰতীয় শিক্ষাৰ্থীয়েই চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰে। এই শিক্ষাৰ্থীসকলে তেওঁলোকৰ ডিগ্ৰী যাতে সম্পূৰ্ণ কৰিব পাৰে আৰু অনুশীলন কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰক দেশতে তেওঁলোকক চিকিৎসা মহাবিদ্যালয়ত স্থান দিয়াৰ বাবে দাবী জনাই আহিছে। যোৱা কেইমাহমান ধৰি ইউক্ৰেইনৰ পৰা উভতি অহা শিক্ষাৰ্থীসকলে ভাৰত চৰকাৰক এই দাবী জনাই অহাৰ লগতে প্ৰতিবাদো সাব্যস্ত কৰিছে।

কিন্তু এই পৰ্যন্ত কোনো সমাধানৰ পথ নোলোৱাত পুনৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে সাজু হৈছে এই ছাত্ৰ-ছাত্ৰীসকল। ইউক্ৰেইনৰ পৰা ভাৰতলৈ উভতি অহা প্ৰায় ১৫,০০০ এমবিবিএছ শিক্ষাৰ্থীয়ে তেওঁলোকৰ অভিভাৱকৰ সৈতে মঙ্গলবাৰে নতুন দিল্লীৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ (এনএমচি) কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব।

অসম আৰু মিজোৰামকে ধৰি ১৮ খন ৰাজ্যৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলে 'পেৰেণ্টচ্ এচ’চিয়েশ্যন অৱ ইউক্ৰেইন এমবিবিএছ ষ্টুডেণ্টছ ইণ্ডিয়া'ৰ বেনাৰত এই প্ৰতিবাদৰ বাবে একত্ৰিত হ’ব। প্ৰতিবাদৰ নেতৃত্ব বহন কৰা ছোনিয়া লুম্বাই জানিবলৈ দিয়া মতে মঙ্গলবাৰে পুৱা ১০ বজাত এনএমচি কাৰ্যালয় খণ্ড, দ্বাৰকাত প্ৰতিবাদী শিক্ষাৰ্থী তথা অভিভাৱক সকল একত্ৰিত হ'ব আৰু ইয়াৰ পিছত স্বাস্থ্য ভৱনৰ কাৰ্যালয়লৈ যাত্ৰা কৰিব।

উল্লেখ্য যে শিক্ষাৰ্থীসকলৰ এই বিষয়টো ইতিমধ্যে উচ্চতম ন্যায়ালয়তো উত্থাপন কৰা হৈছে। এটা সংগঠনে দাখিল কৰা আৱেদনৰ আধাৰত উচ্চতম ন্যায়ালয়ে এনএমচিক ভাৰতৰ চিকিৎসা মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক শৈক্ষিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ অনুমতি দিয়াৰ বাবে এখন আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল।

শীৰ্ষ আদালতে এনএমচিক উত্তৰ দাখিল কৰাৰ বাবে ২৯ জুনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল যদিও সময়সীমা অতিক্ৰম কৰাৰ পিছতো এই পৰ্যন্ত এনএমচি- এ এই পৰ্যন্ত বিষয়টোৰ সন্দৰ্ভত কোনো প্ৰতিবেদন দাখিল কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু