--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ এটা বক্তব্যৰ অপব্যাখ্যা কৰি বিপদত পৰিল জি নিউজৰ এংকৰ ৰোহিত ৰঞ্জন।  মঙলবাৰে পুৱাই ছত্তীশগড় আৰক্ষী ৰোহিত ৰঞ্জনৰ ঘৰত উপস্থিত হয়। ছত্তীশগড় আৰক্ষীয়ে পাছে ৰোহিত ৰঞ্জনক গ্ৰেপ্তাৰ কৰিবলৈ নাপালে কিয়নো নয়দা আৰক্ষীয়ে প্ৰথমে তেওঁক গ্ৰেপ্তাৰ কৰে। গাজিয়াবাদৰ পৰা নয়দালৈকে এই হাই ভল্টেজ নাটক সংঘটিত হোৱাৰ পিছত দুখন ৰাজ্যৰ আৰক্ষীৰ মাজত মতভেদ হোৱা দেখা গ’ল। শেষত নয়ডা আৰক্ষীয়ে ৰোহিত ৰঞ্জনক জিম্মাত লৈছিল। ইয়াৰ পূৰ্বে পুৱা সাংবাদিক গৰাকীয়ে নিজেই টুইট কৰি ছত্তীশগড় আৰক্ষী তেওঁৰ ঘৰলৈ অহাৰ বিষয়ে অৱগত কৰাৰ লগতে ইউ পি আৰক্ষীৰ বিষয়াসকলক টেগ কৰি নিয়ম অনুসৰি এয়া শুদ্ধ নেকি বুলি প্ৰশ্ন কৰে। তেওঁ লিখিছিল, ‘স্থানীয় আৰক্ষীক অৱগত নকৰাকৈ ছত্তীশগড় আৰক্ষীয়ে মোক গ্ৰেপ্তাৰ কৰিবলৈ মোৰ ঘৰৰ বাহিৰত থিয় হৈ আছে, এইটো আইনগতভাৱে শুদ্ধ নেকি?’

উল্লেখ্য যে ১ জুলাইত ‘জী নিউজ’ চেনেলত সম্প্ৰচাৰিত হোৱা অনুষ্ঠান 'ডি এন এ'ত এংকৰ ৰোহিত ৰঞ্জনে কেৰেলাত ৰাহুল গান্ধীয়ে দিয়া এটা বক্তব্যক দেশ কঁপাই যোৱা উদয়পুৰৰ হত্যাকাণ্ডৰ সৈতে সংযোগ কৰিছিল। দৰাচলতে ৰাহুল গান্ধীয়ে ৱায়ানাডত থকা তেওঁৰ সংসদীয় কাৰ্যালয় ভাঙি পেলোৱা লোকসকলক ক্ষমা কৰাৰ কথা কৈছিল আৰু তেওঁলোকক শিশু বুলি কৈছিল। কিন্তু ৰাহুল গান্ধীয়ে এই বক্তব্য উদয়পুৰৰ কানহাইলালৰ হত্যাকাৰীক উদ্দ্যেশি কৈছিল বুলি টিভি অনুষ্ঠানটোত প্ৰচাৰ কৰে ৰোহিত ৰঞ্জনে। যিটো আছিল সম্পূৰ্ণৰূপে অপব্যাখ্যা। ইয়াৰ পাছতেই ৰোহিত ৰঞ্জনৰ বিৰুদ্ধে কংগ্ৰেছে থানাত এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিতেই নয়দা আৰক্ষী আৰু ছত্তীশগড় আৰক্ষী ৰোহিত ৰঞ্জনৰ ঘৰত উপস্থিত হয়।

কংগ্ৰেছে এই বিষয়টোৰ সন্দৰ্ভত তীব্ৰ আপত্তি দৰ্শাইছিল, তাৰ পিছতেই অনুষ্ঠানটোৰ ভিডিঅ’ৰ এটা অংশ চেনেলটোৱে টুইটাৰৰ পৰা ডিলিট কৰিছিল। কেৱল এয়াই নহয়, লাইভ শ্ব’, টুইটাৰকে ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো ক্ষমা বিচাৰিছিল জি নিউজে। পিছদিনা অনুষ্ঠানটোত সাংবাদিক ৰোহিত ৰঞ্জনে নিজেই এই বিষয়টোক লৈ ক্ষমা খুজিছিল আৰু ভুলটোক মানৱীয় ভুল বুলি অভিহিত কৰিছিল। ৰোহিত ৰঞ্জনে প্ৰকৃত বক্তব্যৰ ভুৱা প্ৰচাৰ কৰি সংবাদ জগতত এক গুৰুতৰ অপৰাধ কৰিছে বুলি মন্তব্য কৰিছে সচেতন মহলে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু