--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ এটা বক্তব্যৰ অপব্যাখ্যা কৰি বিপদত পৰিল জি নিউজৰ এংকৰ ৰোহিত ৰঞ্জন।  মঙলবাৰে পুৱাই ছত্তীশগড় আৰক্ষী ৰোহিত ৰঞ্জনৰ ঘৰত উপস্থিত হয়। ছত্তীশগড় আৰক্ষীয়ে পাছে ৰোহিত ৰঞ্জনক গ্ৰেপ্তাৰ কৰিবলৈ নাপালে কিয়নো নয়দা আৰক্ষীয়ে প্ৰথমে তেওঁক গ্ৰেপ্তাৰ কৰে। গাজিয়াবাদৰ পৰা নয়দালৈকে এই হাই ভল্টেজ নাটক সংঘটিত হোৱাৰ পিছত দুখন ৰাজ্যৰ আৰক্ষীৰ মাজত মতভেদ হোৱা দেখা গ’ল। শেষত নয়ডা আৰক্ষীয়ে ৰোহিত ৰঞ্জনক জিম্মাত লৈছিল। ইয়াৰ পূৰ্বে পুৱা সাংবাদিক গৰাকীয়ে নিজেই টুইট কৰি ছত্তীশগড় আৰক্ষী তেওঁৰ ঘৰলৈ অহাৰ বিষয়ে অৱগত কৰাৰ লগতে ইউ পি আৰক্ষীৰ বিষয়াসকলক টেগ কৰি নিয়ম অনুসৰি এয়া শুদ্ধ নেকি বুলি প্ৰশ্ন কৰে। তেওঁ লিখিছিল, ‘স্থানীয় আৰক্ষীক অৱগত নকৰাকৈ ছত্তীশগড় আৰক্ষীয়ে মোক গ্ৰেপ্তাৰ কৰিবলৈ মোৰ ঘৰৰ বাহিৰত থিয় হৈ আছে, এইটো আইনগতভাৱে শুদ্ধ নেকি?’

উল্লেখ্য যে ১ জুলাইত ‘জী নিউজ’ চেনেলত সম্প্ৰচাৰিত হোৱা অনুষ্ঠান 'ডি এন এ'ত এংকৰ ৰোহিত ৰঞ্জনে কেৰেলাত ৰাহুল গান্ধীয়ে দিয়া এটা বক্তব্যক দেশ কঁপাই যোৱা উদয়পুৰৰ হত্যাকাণ্ডৰ সৈতে সংযোগ কৰিছিল। দৰাচলতে ৰাহুল গান্ধীয়ে ৱায়ানাডত থকা তেওঁৰ সংসদীয় কাৰ্যালয় ভাঙি পেলোৱা লোকসকলক ক্ষমা কৰাৰ কথা কৈছিল আৰু তেওঁলোকক শিশু বুলি কৈছিল। কিন্তু ৰাহুল গান্ধীয়ে এই বক্তব্য উদয়পুৰৰ কানহাইলালৰ হত্যাকাৰীক উদ্দ্যেশি কৈছিল বুলি টিভি অনুষ্ঠানটোত প্ৰচাৰ কৰে ৰোহিত ৰঞ্জনে। যিটো আছিল সম্পূৰ্ণৰূপে অপব্যাখ্যা। ইয়াৰ পাছতেই ৰোহিত ৰঞ্জনৰ বিৰুদ্ধে কংগ্ৰেছে থানাত এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিতেই নয়দা আৰক্ষী আৰু ছত্তীশগড় আৰক্ষী ৰোহিত ৰঞ্জনৰ ঘৰত উপস্থিত হয়।

কংগ্ৰেছে এই বিষয়টোৰ সন্দৰ্ভত তীব্ৰ আপত্তি দৰ্শাইছিল, তাৰ পিছতেই অনুষ্ঠানটোৰ ভিডিঅ’ৰ এটা অংশ চেনেলটোৱে টুইটাৰৰ পৰা ডিলিট কৰিছিল। কেৱল এয়াই নহয়, লাইভ শ্ব’, টুইটাৰকে ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো ক্ষমা বিচাৰিছিল জি নিউজে। পিছদিনা অনুষ্ঠানটোত সাংবাদিক ৰোহিত ৰঞ্জনে নিজেই এই বিষয়টোক লৈ ক্ষমা খুজিছিল আৰু ভুলটোক মানৱীয় ভুল বুলি অভিহিত কৰিছিল। ৰোহিত ৰঞ্জনে প্ৰকৃত বক্তব্যৰ ভুৱা প্ৰচাৰ কৰি সংবাদ জগতত এক গুৰুতৰ অপৰাধ কৰিছে বুলি মন্তব্য কৰিছে সচেতন মহলে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ