--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ লগতে বিশ্ব কঁপাই যোৱা মণিপুৰৰ উলংগ কৰি মহিলাৰ পেৰেড ঘটনাৰ তদন্তই লাভ কৰিছে অগ্ৰগতি৷সোমবাৰে (১৬ অক্টোবৰ) মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাৰ গোচৰত চিবিআইয়ে নাবালককে ধৰি ৬জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। বিষয়াসকলে জনোৱা মতে, চিবিআইয়ে ছয়জন লোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰিছে।

চলিত বৰ্ষৰ জুলাই মাহত এই ঘটনাৰ এটা ভিডিঅ’ প্ৰকাশ পাইছিল। এই ঘটনাক বহুলভাৱে গৰিহণা দিয়া হৈছিল। বিৰোধীৰ সমালোচনাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এনে ঘটনা সহ্য কৰিব নোৱাৰি।ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে গোচৰটোত হস্তক্ষেপ কৰি তদন্ত চিবিআইক অৰ্পণ কৰে। আনহাতে উচ্চতম ন্যায়ালয়ে ৰাজ্য প্ৰশাসনৰ গাফিলতিৰ বাবে তীব্ৰ গৰিহণা দিয়ে।

অভিযোগ অনুসৰি যোৱা ৪ মে'ত মণিপুৰৰ কাংপোকপি জিলাৰ বি ফেনম গাঁৱত প্ৰায় ৯০০-১০০০ জনীয়া এটা সশস্ত্ৰ দলে প্ৰৱেশ কৰি ঘৰ ভাঙি জুই লগাই লুটপাত, গাঁৱৰ মানুহক মাৰপিট, হত্যা আৰু যৌন আতিশয্য চলায়৷

ক্ষুব্ধ জনসাধাৰণে ৰাজপথত উলংগ হৈ পেৰেড কৰা এগৰাকী মহিলাৰ পৰিয়ালৰ দুজন সদস্যকো হত্যা কৰা হয়।চিবিআইৰ তদন্তত মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তসকল এই ঘটনাৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে, তাৰ পাছত তাৎক্ষণিকভাৱে সোমবাৰে অভিযোগনামা দাখিল কৰা হয়।

এই গোচৰৰ সৈতে জড়িত অপৰাধৰ সৈতে আন অভিযুক্তক চিনাক্ত কৰাকে ধৰি অন্যান্য দিশসমূহৰ তদন্ত চলি আছে। চিবিআইয়ে জনোৱা মতে, অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত দলবদ্ধ ধৰ্ষণ, হত্যা, আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ