--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ লগতে বিশ্ব কঁপাই যোৱা মণিপুৰৰ উলংগ কৰি মহিলাৰ পেৰেড ঘটনাৰ তদন্তই লাভ কৰিছে অগ্ৰগতি৷সোমবাৰে (১৬ অক্টোবৰ) মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাৰ গোচৰত চিবিআইয়ে নাবালককে ধৰি ৬জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। বিষয়াসকলে জনোৱা মতে, চিবিআইয়ে ছয়জন লোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰিছে।

চলিত বৰ্ষৰ জুলাই মাহত এই ঘটনাৰ এটা ভিডিঅ’ প্ৰকাশ পাইছিল। এই ঘটনাক বহুলভাৱে গৰিহণা দিয়া হৈছিল। বিৰোধীৰ সমালোচনাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এনে ঘটনা সহ্য কৰিব নোৱাৰি।ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে গোচৰটোত হস্তক্ষেপ কৰি তদন্ত চিবিআইক অৰ্পণ কৰে। আনহাতে উচ্চতম ন্যায়ালয়ে ৰাজ্য প্ৰশাসনৰ গাফিলতিৰ বাবে তীব্ৰ গৰিহণা দিয়ে।

অভিযোগ অনুসৰি যোৱা ৪ মে'ত মণিপুৰৰ কাংপোকপি জিলাৰ বি ফেনম গাঁৱত প্ৰায় ৯০০-১০০০ জনীয়া এটা সশস্ত্ৰ দলে প্ৰৱেশ কৰি ঘৰ ভাঙি জুই লগাই লুটপাত, গাঁৱৰ মানুহক মাৰপিট, হত্যা আৰু যৌন আতিশয্য চলায়৷

ক্ষুব্ধ জনসাধাৰণে ৰাজপথত উলংগ হৈ পেৰেড কৰা এগৰাকী মহিলাৰ পৰিয়ালৰ দুজন সদস্যকো হত্যা কৰা হয়।চিবিআইৰ তদন্তত মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তসকল এই ঘটনাৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে, তাৰ পাছত তাৎক্ষণিকভাৱে সোমবাৰে অভিযোগনামা দাখিল কৰা হয়।

এই গোচৰৰ সৈতে জড়িত অপৰাধৰ সৈতে আন অভিযুক্তক চিনাক্ত কৰাকে ধৰি অন্যান্য দিশসমূহৰ তদন্ত চলি আছে। চিবিআইয়ে জনোৱা মতে, অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত দলবদ্ধ ধৰ্ষণ, হত্যা, আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক