--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ লোকসভাৰ বলিষ্ঠ কণ্ঠ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ৷দেশৰ আগশাৰীৰ উদ্যোগপতি গৌতম আদানীৰ আয় আৰু হিণ্ডেনবাৰ্গ প্ৰতিবেদন প্ৰকাশৰ পাছতেই লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত হুলস্থূলীয়া পৰিস্থিতিৰ সূত্ৰপাত হয়৷এই আলোচনাত মহুৱা মৈত্ৰ এক শক্তিশালী কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰে৷

বিজেপি সাংসদ নিশিকান্ত ডুবে-এ দেওবাৰে (১৫ অক্টোবৰ) অভিযোগ উত্থাপন কৰে যে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক সংসদত আদানী গ্ৰুপৰ বিষয়ে প্ৰশ্ন কৰাৰ বাবে উৎকোচ হিচাপে ‘নগদ ধন’ আৰু ‘উপহাৰ’ দিয়া হৈছিল। এই মন্তব্যৰ পাছতে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে মহুৱা মৈত্ৰই উৎকোচ সন্দৰ্ভত যিকোনো তদন্তৰ বাবে সাজু বুলি মন্তব্য প্ৰকাশ কৰে৷

লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ লিখা এখন পত্ৰত নিশিকান্ত ডুবেই দাবী কৰে যে মৈত্ৰ আৰু ব্যৱসায়ী দৰ্শন হিৰণনন্দানীৰ মাজত উৎকোচৰ আদান-প্ৰদানৰ বহু প্ৰমাণ  তেওঁৰ হাতত আছে। লগতে ডুবেই মৈত্ৰক সংসদৰ পৰা শীঘ্ৰে নিলম্বন কৰাৰ দাবী পত্ৰযোগে উত্থাপন কৰে।

উল্লেখ্য যে নিশিকান্ত ডুবেই এতিয়াও তেওঁৰ অভিযোগৰ সমৰ্থনত কোনো প্ৰমাণ দিব পৰা নাই, কিন্তু তেওঁ দাবী কৰে যে এজন অধিবক্তা জয় অনন্ত দেহাদ্ৰাই তেওঁৰ সৈতে এই সন্দৰ্ভত প্ৰমাণ ভাগবতৰা কৰিছিল।

ডুবেই দাবী কৰে যে এই ‘ষড়যন্ত্ৰ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বাৰে বাৰে আদানী গোটৰ কথা উল্লেখ কৰি ‘আক্ৰমণাত্মকভাৱে’ লক্ষ্য কৰি লোৱা হৈছে৷ডুবেই দাবী কৰিছিল যে এই ঘটনাটোৱে ২০০৫ চনৰ ডিচেম্বৰৰ ‘কেছ ফৰ কুৱেৰী’ খণ্ডটোৰ কথা মনত পেলাই দিয়ে।তদুপৰি তেওঁ মৈত্ৰৰ বিৰুদ্ধে ‘বিশেষাধিকাৰ ভংগ’ আৰু ‘সদনৰ অৱজ্ঞা’ৰ অভিযোগ উত্থাপন কৰে। তেওঁ লগতে অভিযোগ কৰে যে তেওঁৰ এই কাৰ্য ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ১২০এৰ অধীনত দণ্ডণীয় অপৰাধৰ সমান হ’ব লাগে।

এই অভিযোগ সন্দৰ্ভত টিএমচিৰ সাংসদ মহুৱা মৈত্ৰই ছ’চিয়েল চাইটত ধাৰাবাহিকভাৱে টুইট কৰিছে-তেওঁ কয় যে বিজেপিৰ সাংসদসকলৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ কেইবাটাও প্ৰস্তাৱ বাকী আছে। তেওঁ লোকসভাৰ অধ্যক্ষক তেওঁৰ বিৰুদ্ধে কোনো প্ৰস্তাৱ অনাৰ পূৰ্বে এই প্ৰস্তাৱসমূহৰ সৈতে মোকাবিলা কৰিবলৈ কয়।মহুৱা মৈত্ৰই কয় যে আদানী গ্ৰুপৰ অফশ্ব’ৰ মানী ট্ৰেইল, চালান, বেনামী একাউণ্টৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত মোৰ বিৰুদ্ধে ধন সৰবৰাহৰ অভিযোগৰ চিবিআইৰ তদন্তও আদৰণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু