--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ লোকসভাৰ বলিষ্ঠ কণ্ঠ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ৷দেশৰ আগশাৰীৰ উদ্যোগপতি গৌতম আদানীৰ আয় আৰু হিণ্ডেনবাৰ্গ প্ৰতিবেদন প্ৰকাশৰ পাছতেই লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত হুলস্থূলীয়া পৰিস্থিতিৰ সূত্ৰপাত হয়৷এই আলোচনাত মহুৱা মৈত্ৰ এক শক্তিশালী কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰে৷

বিজেপি সাংসদ নিশিকান্ত ডুবে-এ দেওবাৰে (১৫ অক্টোবৰ) অভিযোগ উত্থাপন কৰে যে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক সংসদত আদানী গ্ৰুপৰ বিষয়ে প্ৰশ্ন কৰাৰ বাবে উৎকোচ হিচাপে ‘নগদ ধন’ আৰু ‘উপহাৰ’ দিয়া হৈছিল। এই মন্তব্যৰ পাছতে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে মহুৱা মৈত্ৰই উৎকোচ সন্দৰ্ভত যিকোনো তদন্তৰ বাবে সাজু বুলি মন্তব্য প্ৰকাশ কৰে৷

লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ লিখা এখন পত্ৰত নিশিকান্ত ডুবেই দাবী কৰে যে মৈত্ৰ আৰু ব্যৱসায়ী দৰ্শন হিৰণনন্দানীৰ মাজত উৎকোচৰ আদান-প্ৰদানৰ বহু প্ৰমাণ  তেওঁৰ হাতত আছে। লগতে ডুবেই মৈত্ৰক সংসদৰ পৰা শীঘ্ৰে নিলম্বন কৰাৰ দাবী পত্ৰযোগে উত্থাপন কৰে।

উল্লেখ্য যে নিশিকান্ত ডুবেই এতিয়াও তেওঁৰ অভিযোগৰ সমৰ্থনত কোনো প্ৰমাণ দিব পৰা নাই, কিন্তু তেওঁ দাবী কৰে যে এজন অধিবক্তা জয় অনন্ত দেহাদ্ৰাই তেওঁৰ সৈতে এই সন্দৰ্ভত প্ৰমাণ ভাগবতৰা কৰিছিল।

ডুবেই দাবী কৰে যে এই ‘ষড়যন্ত্ৰ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বাৰে বাৰে আদানী গোটৰ কথা উল্লেখ কৰি ‘আক্ৰমণাত্মকভাৱে’ লক্ষ্য কৰি লোৱা হৈছে৷ডুবেই দাবী কৰিছিল যে এই ঘটনাটোৱে ২০০৫ চনৰ ডিচেম্বৰৰ ‘কেছ ফৰ কুৱেৰী’ খণ্ডটোৰ কথা মনত পেলাই দিয়ে।তদুপৰি তেওঁ মৈত্ৰৰ বিৰুদ্ধে ‘বিশেষাধিকাৰ ভংগ’ আৰু ‘সদনৰ অৱজ্ঞা’ৰ অভিযোগ উত্থাপন কৰে। তেওঁ লগতে অভিযোগ কৰে যে তেওঁৰ এই কাৰ্য ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ১২০এৰ অধীনত দণ্ডণীয় অপৰাধৰ সমান হ’ব লাগে।

এই অভিযোগ সন্দৰ্ভত টিএমচিৰ সাংসদ মহুৱা মৈত্ৰই ছ’চিয়েল চাইটত ধাৰাবাহিকভাৱে টুইট কৰিছে-তেওঁ কয় যে বিজেপিৰ সাংসদসকলৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ কেইবাটাও প্ৰস্তাৱ বাকী আছে। তেওঁ লোকসভাৰ অধ্যক্ষক তেওঁৰ বিৰুদ্ধে কোনো প্ৰস্তাৱ অনাৰ পূৰ্বে এই প্ৰস্তাৱসমূহৰ সৈতে মোকাবিলা কৰিবলৈ কয়।মহুৱা মৈত্ৰই কয় যে আদানী গ্ৰুপৰ অফশ্ব’ৰ মানী ট্ৰেইল, চালান, বেনামী একাউণ্টৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত মোৰ বিৰুদ্ধে ধন সৰবৰাহৰ অভিযোগৰ চিবিআইৰ তদন্তও আদৰণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ