--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ বুধবাৰে কেইবাগৰাকীও নেতাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে গুৱাহাটীৰ ‘ৰাজীৱ ভৱন’ত৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, উপ-সভাপতি দ্বীজেন শৰ্মা, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, ববীতা শৰ্মা, মীৰা বৰঠাকুৰ আৰু অসীমা বৰদলৈৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী৷

এই অনুষ্ঠানত কংগ্ৰেছত যোগদান কৰে আঞ্চলিক গণ মৰ্চাৰ প্ৰতিষ্ঠাপক নেতা মনজিৎ মহন্ত, একালৰ কংগ্ৰেছী তথা প্ৰাক্তন বিজেপি নেতা মেহদি আলম বৰা, ৰাজু গগৈ, আমিনুল হক, জ্বলি আহমেদে, আব্দুল ৱাহিদ, চিকন্দৰ আলী, ৰুবী ডেকা আৰু ৰাখি সিঙে৷ এই যোগদান কাৰ্যসূচীৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ মহিলা মৰ্চাই ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী৷ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বিজেপিৰ নিষ্ক্ৰিয় ভূমিকাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছৰ মহিলা মৰ্চাই৷ এই প্ৰতিবাদী কাৰ্যসূচী ফাঁচী বজাৰত হোৱা কথা আছিল যদিও প্ৰশাসনে অনুমতি নিদিয়া বাবে ৰাজীৱ ভৱনতে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
কেৰালা ভাৰতৰ প্রথম অত্যন্ত দৰিদ্ৰতামুক্ত ৰাজ্য
যোৰহাটৰ যুৱক সন্দীপৰাজ তামুলীৰ অসমীয়গিৰী; বহিৰাগত কোম্পানী প্ৰত্যাহ্বানক জনাই মুকলি কৰিলে Sugaree নামেৰে ফুড ডেলিভাৰী এপ
হোজাই আৰক্ষীৰ অভিযানত উদ্ধাৰ চাৰিগৰাকী শিশু শ্ৰমিক
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু
গোলাঘাটত বিজেপিৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায় যাত্ৰা
বিহাৰত ৰে'লৰ পৰা পৰি কৰুণ মৃত্যু অসমৰ যুৱকৰ
১১২ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নহয়, চেন্ট্রেল ড্রাগছ ষ্টেণ্ডার্ড কন্ট্র'ল অর্গেনাইজেশ্যনৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য
বগৰীবাৰী টিপকাই নৈত টুলুঙা নাৱেৰে শিক্ষাৰ্থীৰ বিপদসংকুল যাত্রা, এ আই ইউ ডি এফৰ বিধায়ক বছিৰ কাছিমীৰ নির্লিপ্ত ভূমিকা