--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : সীমাবিবাদক গোচৰ ৰুজু কৰিবলৈ সাজু অসম৷ ১০-১৫ দিনৰ ভিতৰত ৰুজু কৰা হ'ব গোচৰ৷ প্ৰয়োজনীয় নথি যুগুত কৰি আছে অধিবক্তাই৷ এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ হিমন্তই কয়, 'মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাক লৈ মই সুখী৷ তদন্তত সহায় কৰিম৷ ইয়াৰ বাবে শিলচৰৰ পৰা পদব্ৰজে যাম৷ কিন্তু বিষয়াৰ সুৰক্ষা নিশ্চিত কৰাটো মোৰ দায়িত্ব৷'

আজি দিছপুৰত মুখ্যমন্ত্ৰী বাসগৃহত অনুষ্ঠিত হয় এখন সংবাদমেলৰ৷ সদস্য পদৰ পাছত কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰি সুশান্ত বৰগোহাঁৰ বিজেপিলৈ গমন কৰে৷ তাৰ পাছতে এই সংবাদমেলত অসম-মিজোৰাম সমস্যাৰ সন্দৰ্ভত গুৰুত্বপুৰ্ণ মন্তব্য কৰে হিমন্তই৷ 

আনহাতে মিজোৰাম আৰক্ষীয়ে হিমন্তক গ্ৰেপ্তাৰ কৰিলেও আপত্তি নাই বুলিও মন্তব্য কৰে তেওঁ ৷ তেওঁ কয়, 'মিজোৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও আপত্তি নাই৷ ইয়াৰ বাবে মই অগ্ৰিম জামিন ন'লও উচ্চ ন্যায়ালয়ত৷' মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ কথাই নাহে বুলিও গুৰুত্বপুৰ্ণ মন্তব্য আগবঢ়ায় তেওঁ৷

গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ আলোচনা অব্যাহত আছে৷ গৃহমন্ত্ৰীৰ উপস্থিতিত ভাল নিৰ্ণয় হোৱাটো বিচাৰাৰ হোৱাটো কামনা হিমন্তৰ৷ অসম-মিজোৰামৰ সীমান্তৰ সমস্যা উন্নয়নৰ বাবে অসম সদায় আগত৷ অসমে মিজোৰামৰ মাটি দখল কৰা নাই বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ