--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : তালিবানৰ আগ্ৰাসনে অনিশ্চিত ভৱিষ্যতৰ দিশে আগুৱাই দিছে আফগানিস্তানক। অনিশ্চয়তাত ভুগিছে দেশখনৰ নাগৰিকৰ লগতে বিভিন্ন দেশৰ পৰা গৈ তাত আবদ্ধ হৈ পৰা লোকসকলো। ভাৰতৰো ভালেমান লোক আবদ্ধ হৈ আছে দেশখনত। যিসকলৰ ভালেসংখ্যকৰ সৈতে আনুষ্ঠানিক যোগাযোগো সম্ভৱ হৈ উঠা নাই। এনে স্পৰ্শকাতৰ পৰিস্থিতি সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে।

৩১টাকৈ ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই বৈঠকত আফগানিস্তানৰ পৰিস্থিতি সম্পৰ্কত বিতং আলোচনা কৰা হয়। দেশখনত আবদ্ধ হৈ পৰা সকলো ভাৰতীয়কে নিৰাপদে উদ্ধাৰ কৰাটোৱেই মূল লক্ষ্য বুলি বৈঠকত আলোচনা কৰাৰ কথা প্ৰকাশ কৰে চৰকাৰী এটা সূত্ৰই। সূত্ৰটোৱে প্ৰকাশ কৰা মতে প্ৰায় ১৫ হাজাৰ মানুহে আফগানিস্তানৰ পৰা পলাই আহিবলৈ ভাৰতৰ সহযোগিতা বিচাৰিছে। দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰাটো চৰকাৰৰ মুখ্যতম লক্ষ্য বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, ‘আমি যথেষ্টসংখ্যক ভাৰতীয়কে উদ্ধাৰ কৰিছোঁ।

কিন্তু সকলোকে উদ্ধাৰ কৰাটো সম্ভৱ হোৱা নাই। আমি নিশ্চয়কৈ সকলো নাগৰিককে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম। আমি ইতিমধ্যে এটা ই-ভিছা পলিচী আৰম্ভ কৰিছোঁ আৰু চৰকাৰে সকলো নাগৰিককে যথাসম্ভৱ সোনকালে উদ্ধাৰ কৰিবলৈ বদ্ধপৰিকৰ। প্ৰধানমন্ত্ৰী মোদীয়ে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু জাৰ্মান চেঞ্চেলৰ এঞ্জেলা মৰ্কেলৰ সৈতে পৰিস্থিতি সম্পৰ্কত কথা পাতিছে বুলি উল্লেখ কৰি এই জটিল সন্ধিক্ষণত চৰকাৰে দৃঢ়তাৰে কাম কৰিবলৈ সাজু বুলিও তেওঁ উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ