--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : তালিবানৰ আগ্ৰাসনে অনিশ্চিত ভৱিষ্যতৰ দিশে আগুৱাই দিছে আফগানিস্তানক। অনিশ্চয়তাত ভুগিছে দেশখনৰ নাগৰিকৰ লগতে বিভিন্ন দেশৰ পৰা গৈ তাত আবদ্ধ হৈ পৰা লোকসকলো। ভাৰতৰো ভালেমান লোক আবদ্ধ হৈ আছে দেশখনত। যিসকলৰ ভালেসংখ্যকৰ সৈতে আনুষ্ঠানিক যোগাযোগো সম্ভৱ হৈ উঠা নাই। এনে স্পৰ্শকাতৰ পৰিস্থিতি সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে।

৩১টাকৈ ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই বৈঠকত আফগানিস্তানৰ পৰিস্থিতি সম্পৰ্কত বিতং আলোচনা কৰা হয়। দেশখনত আবদ্ধ হৈ পৰা সকলো ভাৰতীয়কে নিৰাপদে উদ্ধাৰ কৰাটোৱেই মূল লক্ষ্য বুলি বৈঠকত আলোচনা কৰাৰ কথা প্ৰকাশ কৰে চৰকাৰী এটা সূত্ৰই। সূত্ৰটোৱে প্ৰকাশ কৰা মতে প্ৰায় ১৫ হাজাৰ মানুহে আফগানিস্তানৰ পৰা পলাই আহিবলৈ ভাৰতৰ সহযোগিতা বিচাৰিছে। দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰাটো চৰকাৰৰ মুখ্যতম লক্ষ্য বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, ‘আমি যথেষ্টসংখ্যক ভাৰতীয়কে উদ্ধাৰ কৰিছোঁ।

কিন্তু সকলোকে উদ্ধাৰ কৰাটো সম্ভৱ হোৱা নাই। আমি নিশ্চয়কৈ সকলো নাগৰিককে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম। আমি ইতিমধ্যে এটা ই-ভিছা পলিচী আৰম্ভ কৰিছোঁ আৰু চৰকাৰে সকলো নাগৰিককে যথাসম্ভৱ সোনকালে উদ্ধাৰ কৰিবলৈ বদ্ধপৰিকৰ। প্ৰধানমন্ত্ৰী মোদীয়ে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু জাৰ্মান চেঞ্চেলৰ এঞ্জেলা মৰ্কেলৰ সৈতে পৰিস্থিতি সম্পৰ্কত কথা পাতিছে বুলি উল্লেখ কৰি এই জটিল সন্ধিক্ষণত চৰকাৰে দৃঢ়তাৰে কাম কৰিবলৈ সাজু বুলিও তেওঁ উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু