--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ কৃষি আইনবিৰোধী কৃষক বিদ্ৰোহে পুনৰ তীব্ৰতা লাভ কৰা দেখা গৈছে। দীঘলীয়া সময় ধৰি চলি থকা এই কৃষক বিদ্ৰোহৰ প্ৰতি চৰকাৰে কাংক্ষিত সঁহাৰি দিয়া নাই যদিও নিজৰ দাবীত অটল হৈ আছে প্ৰতিবাদী কৃষকসকল। কৃষক বিদ্ৰোহক তীব্ৰতা দিয়াৰ বাবে পুনৰ আয়োজন কৰা হৈছে মহাপঞ্চায়ত।

দেওবাৰে মুজাফৰনগৰত অনুষ্ঠিত হ'ব কৃষকৰ মহাপঞ্চায়ত। ১৫ ৰাজ্যৰ হেজাৰ হেজাৰ কৃষক ইতিমধ্যেই ৰাওনা হৈছে নিৰ্ধাৰিত স্থানলৈ। সংযুক্ত কিষাণ মৰ্চাই এই মহাপঞ্চায়তৰ জৰিয়তে কৃষকসকলৰ মাজৰ একতাৰ বাৰ্তাই প্ৰেৰণ কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰলৈ।


আজিৰ মহাপঞ্চায়তে চৰকাৰক কৃষকৰ একতা আৰু ঐক্যবদ্ধ আন্দোলনৰ শক্তি বুজাই দিব বুলি আশা প্ৰকাশ কৰিছে কৃষক নেতাসকলে।ইতিমধ্যেই উপস্থিত কৃষকক খাদ্য যোগানৰ বাবে সাজু কৰা হৈছে ৫ শতাধিক লংগৰ।১০০ টাকৈ স্বাস্থ্যসেৱা কেন্দ্ৰও স্থাপন কৰা হৈছে মুজাফৰনগৰত। ইফালে, পঞ্জাৱৰ ৩২টাকৈ কৃষক সংগঠনে চৰকাৰক প্ৰতিবাদকাৰীৰ ওপৰত জাপি দিয়া গোচৰ উঠাই ল'বলৈ ৮ ছেপ্টেম্বৰৰ সময়সীমা বান্ধি দিছে। যি নহওক, যুদ্ধংদেহী কৃষকৰ এই মহামঞ্চই মোডী- যোগী চৰকাৰক কৃষক বিৰোধী আইন প্ৰৱৰ্তনৰ পৰা বাৰণ কৰিব পাৰেনে নাই সেয়া সময়তহে গম পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক