--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: “আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ বাবে খাৰুৱা তেলৰ যোগান হ্ৰাস পাইছে। ফলস্বৰূপে এল পি জি, পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি ঘটিছে। এই মূল্যবৃদ্ধিৰ কাৰণ বুজিব পৰাকৈ আমাৰ ভোটাৰসকল যথেষ্ট পৰিপক্ক “। এই মন্তব্য কোনো এলা পেচা মানুহৰ নহয়। এই মন্তব্য আগবঢ়াইছে হুবলি-ধাৰৱাড পশ্চিম সমষ্টিৰ বিজেপি বিধায়ক অৰবিন্দ বেলাডেয়ে।


পিছে বেলাডেৰ এই বক্তব্য কিমান বিশ্বাসযোগ্য। সঁচাকৈয়ে ইন্ধনজাত সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ সৈতে তালিবান আগ্ৰাসনৰ কিবা সম্পৰ্ক আছে নেকি? সংবাদ প্ৰতিষ্ঠান ৰয়টাৰৰ তথ্য অনুসৰি ভাৰতে ২০২১ চনৰ জুলাই মাহলৈকে খনিজ তেল ক্ৰয় কৰিছে মূলত: ছয়খন দেশৰ পৰা। দেশ কেইখন হ’ল- - ইৰাক, চৌদি আৰব, ইউ এ ই, নাইজেৰিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা। তেনেক্ষেত্ৰত আফগানিস্তানত তালিবানী অভ্যুত্থানৰ ভাৰতত পেট্ৰ’ল- ডিজেলৰ মূল্যবৃদ্ধিত কি অৰিহণা থাকিব পাৰে?

সাধাৰণ মানুহৰ মগজুৱে নিশ্চয়কৈ বিজেপি বিধায়কৰ দাবীৰ দেশৰ বাস্তৱৰ সৈতে কোনো সংযোগসূত্ৰ আৱিস্কাৰ কৰিব নোৱাৰিব। তথাপি এনে ধৰণৰ মন্তব্যৰ জৰিয়তে শাসনাধিস্থিত দলটোৰ একাংশ নেতাই যে সাধাৰণ জনতাক আভুৱা ভাঁৰিব বিচাৰি আছে আৰু কোনো এক বিন্দুত মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত নিজৰ অপাৰগতাক স্বীকাৰ কৰি লৈছে তাৰে ইংগিত দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক