--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ৩ ছেপ্টেম্বৰত ব্ৰুনাইত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ব্ৰুনাইৰ চুলতান হাজী হাছানাল ব’ল্কিয়াৰ আমন্ত্ৰণ ৰক্ষা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। চুলতান হাছানাল ব’ল্কিয়াক বিশ্বৰ ভিতৰতে ধনী বুলি গণ্য কৰা হয় আৰু এই দেশখন তৈলক্ষেত্ৰৰ বাবে পৰিচিত। ইয়াৰ মুঠ জনসংখ্যা প্ৰায় ৪.৫ লাখ।


১৯৮৪ চনত যুক্তৰাজ্যৰ দাসত্বৰ পৰা স্বাধীন হোৱা ব্ৰুনাই দেশৰ বাঘজৰী চুলতান হাছানাল ব’ল্কিয়াৰ হাতত। তেওঁৰ সম্পূৰ্ণ নাম হ’ল হাছানাল ব’ল্কিয়া ইবনি ওমৰ আলী ছাইফুদ্দিন তৃতীয়, যাৰ বয়স প্ৰায় ৭৮ বছৰ। বিলাসী জীৱনশৈলীৰ বাবে বিশ্বজুৰি পৰিচিত হাছানাল ব’ল্কিয়া।

এক প্ৰতিবেদন অনুসৰি হাছানাল ব’ল্কিয়াই বিলাসী ৰাজপ্ৰসাদত বাস কৰে আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ ট্ৰিলিয়নৰো অধিক । হাছানাল ব’ল্কিয়াৰ ওচৰত আছে শ শ গাড়ী। ইয়াৰ উপৰিও তেওঁৰ নিজাকৈ বয়িং ৭৪৭ বিমান আছে। যাৰ দাম হাজাৰ কোটি টকা। তেওঁৰ ব্যক্তিগত জেটখন জলীয় সোণেৰে ৰং কৰা হৈছে। ইয়াত ৯৮৯ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে।


কেৱল এয়াই নহয়, হাছানাল ব’ল্কিয়াৰ হাতত আছে ৫০০ খন ৰ’লছ ৰয়েচ গাড়ী আৰু ৩০০ খন ফেৰাৰী গাড়ী। ইয়াৰ উপৰিও বয়িং ৭৬৭- ২০০, এয়াৰ বেছ এ৩৪০- ২০০ আৰু দুখন ছিকোৰস্কি হেলিকপ্টাৰ আছে। যিকোনো ঠাইলৈ যাবলৈ তেওঁ ব্যৱহাৰ কৰে। চুলতানৰ ৰাজপ্ৰসাদত ৫টা চুইমিং পুল, ২৫৭টা বাথৰুম আৰু ১৭০০ৰো অধিক কোঠা আছে। ১১০টা গেৰেজৰ উপৰিও ২০০টা ঘোঁৰাৰ ফাৰ্ম আছে য’ত এয়াৰ কণ্ডিচনাৰ আছে। এই ৰাজপ্ৰসাদৰ গম্বুজটো ২২ কেৰেট সোণেৰে সজাই তোলা হৈছে।


হাছানাল ব’ল্কিয়াৰ ঘৰখনৰ নাম নুৰুল ইমান পেলেচ। দেশে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৮৪ চনত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত সৰ্ববৃহৎ ৰাজপ্ৰসাদ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই ৰাজপ্ৰসাদটো ২০ লাখ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হৈছে। এক প্ৰতিবেদন অনুসৰি হাছানাল বলকিয়াৰ ইস্তানা নুৰুল ইমান পেলেচৰ মূল্য ২৫৫০ কোটিৰো অধিক বুলি অনুমান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক