--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ৩ ছেপ্টেম্বৰত ব্ৰুনাইত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ব্ৰুনাইৰ চুলতান হাজী হাছানাল ব’ল্কিয়াৰ আমন্ত্ৰণ ৰক্ষা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। চুলতান হাছানাল ব’ল্কিয়াক বিশ্বৰ ভিতৰতে ধনী বুলি গণ্য কৰা হয় আৰু এই দেশখন তৈলক্ষেত্ৰৰ বাবে পৰিচিত। ইয়াৰ মুঠ জনসংখ্যা প্ৰায় ৪.৫ লাখ।


১৯৮৪ চনত যুক্তৰাজ্যৰ দাসত্বৰ পৰা স্বাধীন হোৱা ব্ৰুনাই দেশৰ বাঘজৰী চুলতান হাছানাল ব’ল্কিয়াৰ হাতত। তেওঁৰ সম্পূৰ্ণ নাম হ’ল হাছানাল ব’ল্কিয়া ইবনি ওমৰ আলী ছাইফুদ্দিন তৃতীয়, যাৰ বয়স প্ৰায় ৭৮ বছৰ। বিলাসী জীৱনশৈলীৰ বাবে বিশ্বজুৰি পৰিচিত হাছানাল ব’ল্কিয়া।

এক প্ৰতিবেদন অনুসৰি হাছানাল ব’ল্কিয়াই বিলাসী ৰাজপ্ৰসাদত বাস কৰে আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ ট্ৰিলিয়নৰো অধিক । হাছানাল ব’ল্কিয়াৰ ওচৰত আছে শ শ গাড়ী। ইয়াৰ উপৰিও তেওঁৰ নিজাকৈ বয়িং ৭৪৭ বিমান আছে। যাৰ দাম হাজাৰ কোটি টকা। তেওঁৰ ব্যক্তিগত জেটখন জলীয় সোণেৰে ৰং কৰা হৈছে। ইয়াত ৯৮৯ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে।


কেৱল এয়াই নহয়, হাছানাল ব’ল্কিয়াৰ হাতত আছে ৫০০ খন ৰ’লছ ৰয়েচ গাড়ী আৰু ৩০০ খন ফেৰাৰী গাড়ী। ইয়াৰ উপৰিও বয়িং ৭৬৭- ২০০, এয়াৰ বেছ এ৩৪০- ২০০ আৰু দুখন ছিকোৰস্কি হেলিকপ্টাৰ আছে। যিকোনো ঠাইলৈ যাবলৈ তেওঁ ব্যৱহাৰ কৰে। চুলতানৰ ৰাজপ্ৰসাদত ৫টা চুইমিং পুল, ২৫৭টা বাথৰুম আৰু ১৭০০ৰো অধিক কোঠা আছে। ১১০টা গেৰেজৰ উপৰিও ২০০টা ঘোঁৰাৰ ফাৰ্ম আছে য’ত এয়াৰ কণ্ডিচনাৰ আছে। এই ৰাজপ্ৰসাদৰ গম্বুজটো ২২ কেৰেট সোণেৰে সজাই তোলা হৈছে।


হাছানাল ব’ল্কিয়াৰ ঘৰখনৰ নাম নুৰুল ইমান পেলেচ। দেশে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৮৪ চনত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত সৰ্ববৃহৎ ৰাজপ্ৰসাদ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই ৰাজপ্ৰসাদটো ২০ লাখ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হৈছে। এক প্ৰতিবেদন অনুসৰি হাছানাল বলকিয়াৰ ইস্তানা নুৰুল ইমান পেলেচৰ মূল্য ২৫৫০ কোটিৰো অধিক বুলি অনুমান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ