--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গৰুড় পুৰাণক হিন্দুধৰ্মৰ এক গুৰুত্বপূৰ্ণ শাস্ত্ৰ হিচাপে গণ্য কৰা হয়। সেইবাবেই ১৮খন মহাপুৰাণৰ ভিতৰত গৰুড় পুৰাণক বিশেষ স্থান দিয়া হয়।সাধাৰণতে ঘৰত পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হ’লে গৰুড় পুৰাণ পাঠ কৰা হয়। ভগৱান বিষ্ণুৱে তেওঁৰ বাহন গৰুড়ক জন্ম, মৃত্যু আৰু পুনৰ্জন্ম সম্পৰ্কীয় বহু গভীৰ ৰহস্যৰ কথা উল্লেখ কৰিছে। ভগৱান বিষ্ণু আৰু গৰুড় মাজত হোৱা এই কথা-বতৰাক গৰুড় পুৰাণ বুলি কোৱা হয়।

 গৰুড় পুৰাণত জন্ম, মৃত্যু, পাপ, গুণ, মোক্ষ, কৰ্ম, স্বৰ্গ আৰু নৰক, পুনৰ্জন্ম আদিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা আছে। মৃত্যুৰ পাছত গৰুড় পুৰাণ পাঠ কৰাটো কিয় প্ৰয়োজনীয় আৰু ইয়াৰ পৰা আত্মাই কি উপকাৰ লাভ কৰে সেই বিষয়েও ব্যাখ্যা কৰা হৈছে।

 * মৃত্যুৰ কিমানদিনৰ পাছত আত্মাই নতুন শৰীৰ লাভ কৰে?

গৰুড় পুৰাণৰ মতে মৃত্যুৰ পাছত আত্মাই লগে লগে নতুন শৰীৰ লাভ কৰে অৰ্থাৎ আত্মাই দ্বিতীয় জনম লয়। কিন্তু সকলো আত্মাৰ ক্ষেত্ৰত এনে নহয়। কিছুমান আত্মাই আন এটা শৰীৰ ধাৰণ কৰিবলৈ তিনিদিন বা তাতকৈ অধিক ১০-১৩দিনৰ পাছতো আত্মাৰ দ্বিতীয় জনম লয়। ইয়াৰ উপৰি একাংশ আত্মাই বিচৰণ কৰিবলগীয়া হয়। দৰাচলতে কোন বয়সত আৰু কিমানদিনৰ পাছত মৃতকৰ দ্বিতীয় জন্ম হ’ব, সেয়া নিৰ্ভৰ কৰে তেওঁৰ কৰ্ম আৰু পৰিয়ালৰ লোকে কৰা ৰীতি-নীতিৰ ওপৰত।

 পৰিয়ালৰ সদস্যৰ মৃত্যুত গৰুড় পুৰাণ শুনাটো কিয় জৰুৰী?

বিশ্বাস কৰা হয় যে আত্মা মৃত্যুৰ পাছত ১৩দিন ঘৰতে থাকে আৰু এই সময়ছোৱাত যদি ঘৰতে গৰুড় পুৰাণ পাঠ কৰা হয়, তেন্তে আত্মায়ো সেই কথাখিনি শুনা পায়।

* মৃত্যুৰ পাছত আত্মাৰ পৰৱৰ্তী যাত্ৰা কেনে হ’ব গৰুড় পুৰাণতো এই কথা উল্লেখ আছে।

* গৰুড় পুৰাণত কেৱল মৃত্যুৰ পাছত নহয় মৃত্যুৰ আগৰ পৰিস্থিতিৰ কথাও উল্লেখ আছে। গতিকে মৃতকৰ পৰিয়ালৰ লোকেও এই পুৰাণ ভালদৰে শুনা উচিত।

* গৰুড় পুৰাণ এনে এখন গ্ৰন্থ, য'ত ভক্তি, সৎকৰ্ম কৰিবলৈ অনুপ্ৰাণিত কৰা হয়। এই পুৰাণ শুনাৰ পাছত আত্মাই সঠিক পথ লাভ কৰাৰ সহায় হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ