--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শ্ৰীমদ্ভ ভাগৱত গীতাত মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই দিয়া শিক্ষাৰ কথা বৰ্ণনা কৰা হৈছে। গীতাত দিয়া শিক্ষা আজিও সমানেই প্ৰাসংগিক আৰু প্ৰতিজন ব্যক্তিৰ জীৱন-যাপনৰ সঠিক পথ প্ৰদৰ্শক। গীতাত ১৮টা অধ্যায় আৰু ৭০০ পদ আছে য’ত ধৰ্মৰ পথ অনুসৰণ কৰি জীৱনত সফলতাৰ লাভ কৰিব পাৰি।জীৱনৰ সকলো দ্বিধাদ্বন্দ্ব আৰু সমস্যাৰ সমাধান গীতাত পোৱা যায়। গীতাৰ শিক্ষা পালন কৰি এজন ব্যক্তিয়ে জীৱনত প্ৰতিটো কামতে সফলতা লাভ কৰে বুলি বিশ্বাস কৰা হয়। শ্ৰীমদ্ভ ভাগৱত গীতাৰ বহুমূলীয়া চিন্তাৰ বিষয়ে কিছু কথা জানো আহক।

গীতা ধৰ্মধ্বনিৰ গুৰুত্বপূৰ্ণ কথা-
১. গীতাত উল্লেখ কৰা ধৰণে মৃত্যু হৈছে মানুহৰ জীৱনৰ প্ৰকৃত সত্য। এই সত্যক জনা সত্ত্বেও প্ৰতিজন লোকৰে মৃত্যু প্ৰতি ভয়-শংকা থাকে। এজন ব্যক্তিৰ এই ভয়ে তেওঁৰ বৰ্তমানৰ সুখ নষ্ট কৰিব পাৰে। সেয়েহে মানুহে কেতিয়াও মৃত্যু প্ৰতি ভয় বা শংকা কৰা উচিত নহয়।
২. ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে ক্ৰোধে বিভ্ৰান্তিৰ সৃষ্টি কৰে আৰু বিভ্ৰান্তিয়ে বুদ্ধি ধ্বংস কৰে। যেতিয়া বুদ্ধিয়ে কাম নকৰে তেতিয়া যুক্তি ধ্বংস হয় আৰু তেতিয়াই এজন ব্যক্তি ধ্বংসমুখীও হ’ব পাৰে। সেয়েহে প্ৰতিজন ব্যক্তিয়ে নিজৰ খং নিয়ন্ত্ৰণ কৰা উচিত। সেয়েহে খঙত কোনো সিদ্ধান্ত লোৱা উচিত নহয় কাৰণ খঙত লোৱা সিদ্ধান্তবোৰ সদায় ভুল হয় আৰু ব্যক্তিজনে পাছত অনুশোচনা কৰিবলগীয়া পৰিস্থিতি হয়।

৩. শ্ৰীকৃষ্ণই কৈছে যে কোনো ব্যক্তিয়ে নিজৰ কৰ্তব্যৰ পৰা বিচলিত হ’ব নালাগে। কৰ্মমুক্ত হ’লে মানুহে নিজৰ পথৰ পৰা বিচ্যুত হয়। যদি আপুনি জীৱনত আগবাঢ়ি যাব বিচাৰে আৰু সকলো সমস্যাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে সদায় নিজকে কৰ্মমুখী কৰি তোলক।

৪. শ্ৰীমদ্ভ ভাগৱত গীতাত উল্লেখ আছে যে প্ৰতিজন ব্যক্তিয়ে নিজকে বিশ্লেষণ কৰা উচিত কাৰণ আত্মবিশ্লেষণৰ দ্বাৰাহে এজন ব্যক্তিয়ে নিজৰ বিষয়ে জানিবলৈ সক্ষম হয়। আত্মবিশ্লেষণে নিজকে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। 

৫. গীতাৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ শিকা উচিত। আত্মনিয়ন্ত্ৰণ কৰা প্ৰতিজন ব্যক্তিয়ে সফলতাৰ পথত আগুৱাই যাব পাৰে। এনে ব্যক্তিয়ে অতি সহজেই নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ