--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শ্ৰীমদ্ভ ভাগৱত গীতাত মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই দিয়া শিক্ষাৰ কথা বৰ্ণনা কৰা হৈছে। গীতাত দিয়া শিক্ষা আজিও সমানেই প্ৰাসংগিক আৰু প্ৰতিজন ব্যক্তিৰ জীৱন-যাপনৰ সঠিক পথ প্ৰদৰ্শক। গীতাত ১৮টা অধ্যায় আৰু ৭০০ পদ আছে য’ত ধৰ্মৰ পথ অনুসৰণ কৰি জীৱনত সফলতাৰ লাভ কৰিব পাৰি।জীৱনৰ সকলো দ্বিধাদ্বন্দ্ব আৰু সমস্যাৰ সমাধান গীতাত পোৱা যায়। গীতাৰ শিক্ষা পালন কৰি এজন ব্যক্তিয়ে জীৱনত প্ৰতিটো কামতে সফলতা লাভ কৰে বুলি বিশ্বাস কৰা হয়। শ্ৰীমদ্ভ ভাগৱত গীতাৰ বহুমূলীয়া চিন্তাৰ বিষয়ে কিছু কথা জানো আহক।

গীতা ধৰ্মধ্বনিৰ গুৰুত্বপূৰ্ণ কথা-
১. গীতাত উল্লেখ কৰা ধৰণে মৃত্যু হৈছে মানুহৰ জীৱনৰ প্ৰকৃত সত্য। এই সত্যক জনা সত্ত্বেও প্ৰতিজন লোকৰে মৃত্যু প্ৰতি ভয়-শংকা থাকে। এজন ব্যক্তিৰ এই ভয়ে তেওঁৰ বৰ্তমানৰ সুখ নষ্ট কৰিব পাৰে। সেয়েহে মানুহে কেতিয়াও মৃত্যু প্ৰতি ভয় বা শংকা কৰা উচিত নহয়।
২. ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে ক্ৰোধে বিভ্ৰান্তিৰ সৃষ্টি কৰে আৰু বিভ্ৰান্তিয়ে বুদ্ধি ধ্বংস কৰে। যেতিয়া বুদ্ধিয়ে কাম নকৰে তেতিয়া যুক্তি ধ্বংস হয় আৰু তেতিয়াই এজন ব্যক্তি ধ্বংসমুখীও হ’ব পাৰে। সেয়েহে প্ৰতিজন ব্যক্তিয়ে নিজৰ খং নিয়ন্ত্ৰণ কৰা উচিত। সেয়েহে খঙত কোনো সিদ্ধান্ত লোৱা উচিত নহয় কাৰণ খঙত লোৱা সিদ্ধান্তবোৰ সদায় ভুল হয় আৰু ব্যক্তিজনে পাছত অনুশোচনা কৰিবলগীয়া পৰিস্থিতি হয়।

৩. শ্ৰীকৃষ্ণই কৈছে যে কোনো ব্যক্তিয়ে নিজৰ কৰ্তব্যৰ পৰা বিচলিত হ’ব নালাগে। কৰ্মমুক্ত হ’লে মানুহে নিজৰ পথৰ পৰা বিচ্যুত হয়। যদি আপুনি জীৱনত আগবাঢ়ি যাব বিচাৰে আৰু সকলো সমস্যাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে সদায় নিজকে কৰ্মমুখী কৰি তোলক।

৪. শ্ৰীমদ্ভ ভাগৱত গীতাত উল্লেখ আছে যে প্ৰতিজন ব্যক্তিয়ে নিজকে বিশ্লেষণ কৰা উচিত কাৰণ আত্মবিশ্লেষণৰ দ্বাৰাহে এজন ব্যক্তিয়ে নিজৰ বিষয়ে জানিবলৈ সক্ষম হয়। আত্মবিশ্লেষণে নিজকে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। 

৫. গীতাৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ শিকা উচিত। আত্মনিয়ন্ত্ৰণ কৰা প্ৰতিজন ব্যক্তিয়ে সফলতাৰ পথত আগুৱাই যাব পাৰে। এনে ব্যক্তিয়ে অতি সহজেই নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান