--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেছুভিয়াছৰ ছাইৰ তলত পুতি থোৱা আছিল প্লেটোৰ মৃত্যু বাৰ্তা। প্ৰায় দুহাজাৰ বছৰ পুৰণি পেপৰাছৰ পৰা গৱেষকসকলে গ্ৰীক দাৰ্শনিকজনৰ শেষৰ কেইদিনমানৰ ইতিহাস উদ্ধাৰ কৰিছে। ৭৯ খ্ৰীষ্টাব্দত ভেছুভিয়াছ পৰ্বতৰ বিস্ফোৰণে হাৰকুলেনিয়াম আৰু ওচৰৰ পম্পেইকে ধৰি ৰোমান সাম্ৰাজ্যৰ বৃহৎ অঞ্চল ধ্বংস কৰে। ১৯ শতিকাৰ আৰম্ভণিৰ পৰাই তাত সময়ে সময়ে খনন কাৰ্য্য চলি আহিছে।  এতিয়া ছাই আৰু জমা হোৱা লাভা আঁতৰি পম্পেই আৰু হাৰকুলেনিয়ামৰ বৃহৎ অংশ লাহে লাহে মুক্ত হৈছে।  সেই সময়ৰ ইতিহাস আৰু সংস্কৃতিৰ বিভিন্ন তথ্য জনা গৈছে৷

হাৰকুলেনিয়ামৰ ‘ভিলা অৱ পেপিৰাই’ নামৰ এখন গাঁৱত পেপিৰাছৰ পুথিভঁৰাল আছিল। পুৰাতত্ত্ববিদসকলে ১৭৫০ চনত ইয়াক পাইছিল। ধাৰণা অনুসৰি ৰোমান সম্ৰাট জুলিয়াছ ছিজাৰৰ শহুৰেকৰ মালিক আছিল পেপিৰাছৰ পুথিভঁৰাল। এই পুথিভঁৰালৰ পৰা ১৮০০ৰো অধিক পেপিৰাছ স্ক্ৰল উদ্ধাৰ কৰা হৈছিল। বেছিভাগ পেপিৰাই গৰম ছাইৰ তলত পুতি থোৱাৰ বাবে ইমানেই ক্ষতিগ্ৰস্ত হৈছিল যে সেইবোৰৰ ডিচিফাৰ কৰাটো অসম্ভৱ বুলি ভবা হৈছিল। কিন্তু আধুনিক প্ৰযুক্তিৰ সহায়ত এতিয়া সেই সকলোবোৰ পেপিৰাৰ ডিচিফাৰ কৰা সম্ভৱ হৈছে।

শেহতীয়াকৈ পিছা বিশ্ববিদ্যালয়ৰ অধ্যাপক গ্ৰেনজিয়ানো ৰানোচিয়াই নেপলছৰ নেচনেল লাইব্ৰেৰীত সেই ভিলাটোত পোৱা এটা পেপিৰাছৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে। তেওঁ কয়, এই পেপিৰাছত খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ গ্ৰীক দাৰ্শনিক প্লেটোৰ জীৱন কাহিনী সন্নিবিষ্ট কৰা হৈছে। বিশেষকৈ জীৱনৰ শেষ সন্ধিয়াৰ কথা। অধ্যাপক ৰানোচিয়াই কৈছিল যে সেইদিনা সন্ধিয়া দাৰ্শনিকজনে বীণা শুনি আছিল। এগৰাকী দাসীয়ে বাঁহী বজাই আছিল। পেপিৰাছত লিপিবদ্ধ কৰা হৈছে যে ৰোগাক্ৰান্ত বৃদ্ধ প্লেটোৱে বাঁহী শুনি থাকোঁতে ছোৱালীজনীক বাঁহীবাদনটো ‘বেসুৰীয়া হোৱা’ বুলি ধমকো দিছিল৷

পেপিৰাছত প্লেটোৰ সমাধিৰ বিষয়েও বিতংভাৱে বৰ্ণনা কৰা হৈছে। বহুদিন ধৰি মাথোঁ ধাৰণা কৰা হৈছিল যে তেওঁৰ মৃতদেহ প্লেটোৱে প্ৰতিষ্ঠা কৰা বিশ্বৰ প্ৰথমখন বিশ্ববিদ্যালয় একাডেমী অৱ এথেন্সৰ বাগিচাত জিৰণি লৈছে। কিন্তু হাৰকুলেনিয়ামৰ পৰা পোৱা পেপিৰাছত স্পষ্টকৈ লিখা আছে যে প্লেটোক তাতেই সমাধিস্থ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক