--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেছুভিয়াছৰ ছাইৰ তলত পুতি থোৱা আছিল প্লেটোৰ মৃত্যু বাৰ্তা। প্ৰায় দুহাজাৰ বছৰ পুৰণি পেপৰাছৰ পৰা গৱেষকসকলে গ্ৰীক দাৰ্শনিকজনৰ শেষৰ কেইদিনমানৰ ইতিহাস উদ্ধাৰ কৰিছে। ৭৯ খ্ৰীষ্টাব্দত ভেছুভিয়াছ পৰ্বতৰ বিস্ফোৰণে হাৰকুলেনিয়াম আৰু ওচৰৰ পম্পেইকে ধৰি ৰোমান সাম্ৰাজ্যৰ বৃহৎ অঞ্চল ধ্বংস কৰে। ১৯ শতিকাৰ আৰম্ভণিৰ পৰাই তাত সময়ে সময়ে খনন কাৰ্য্য চলি আহিছে।  এতিয়া ছাই আৰু জমা হোৱা লাভা আঁতৰি পম্পেই আৰু হাৰকুলেনিয়ামৰ বৃহৎ অংশ লাহে লাহে মুক্ত হৈছে।  সেই সময়ৰ ইতিহাস আৰু সংস্কৃতিৰ বিভিন্ন তথ্য জনা গৈছে৷

হাৰকুলেনিয়ামৰ ‘ভিলা অৱ পেপিৰাই’ নামৰ এখন গাঁৱত পেপিৰাছৰ পুথিভঁৰাল আছিল। পুৰাতত্ত্ববিদসকলে ১৭৫০ চনত ইয়াক পাইছিল। ধাৰণা অনুসৰি ৰোমান সম্ৰাট জুলিয়াছ ছিজাৰৰ শহুৰেকৰ মালিক আছিল পেপিৰাছৰ পুথিভঁৰাল। এই পুথিভঁৰালৰ পৰা ১৮০০ৰো অধিক পেপিৰাছ স্ক্ৰল উদ্ধাৰ কৰা হৈছিল। বেছিভাগ পেপিৰাই গৰম ছাইৰ তলত পুতি থোৱাৰ বাবে ইমানেই ক্ষতিগ্ৰস্ত হৈছিল যে সেইবোৰৰ ডিচিফাৰ কৰাটো অসম্ভৱ বুলি ভবা হৈছিল। কিন্তু আধুনিক প্ৰযুক্তিৰ সহায়ত এতিয়া সেই সকলোবোৰ পেপিৰাৰ ডিচিফাৰ কৰা সম্ভৱ হৈছে।

শেহতীয়াকৈ পিছা বিশ্ববিদ্যালয়ৰ অধ্যাপক গ্ৰেনজিয়ানো ৰানোচিয়াই নেপলছৰ নেচনেল লাইব্ৰেৰীত সেই ভিলাটোত পোৱা এটা পেপিৰাছৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে। তেওঁ কয়, এই পেপিৰাছত খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ গ্ৰীক দাৰ্শনিক প্লেটোৰ জীৱন কাহিনী সন্নিবিষ্ট কৰা হৈছে। বিশেষকৈ জীৱনৰ শেষ সন্ধিয়াৰ কথা। অধ্যাপক ৰানোচিয়াই কৈছিল যে সেইদিনা সন্ধিয়া দাৰ্শনিকজনে বীণা শুনি আছিল। এগৰাকী দাসীয়ে বাঁহী বজাই আছিল। পেপিৰাছত লিপিবদ্ধ কৰা হৈছে যে ৰোগাক্ৰান্ত বৃদ্ধ প্লেটোৱে বাঁহী শুনি থাকোঁতে ছোৱালীজনীক বাঁহীবাদনটো ‘বেসুৰীয়া হোৱা’ বুলি ধমকো দিছিল৷

পেপিৰাছত প্লেটোৰ সমাধিৰ বিষয়েও বিতংভাৱে বৰ্ণনা কৰা হৈছে। বহুদিন ধৰি মাথোঁ ধাৰণা কৰা হৈছিল যে তেওঁৰ মৃতদেহ প্লেটোৱে প্ৰতিষ্ঠা কৰা বিশ্বৰ প্ৰথমখন বিশ্ববিদ্যালয় একাডেমী অৱ এথেন্সৰ বাগিচাত জিৰণি লৈছে। কিন্তু হাৰকুলেনিয়ামৰ পৰা পোৱা পেপিৰাছত স্পষ্টকৈ লিখা আছে যে প্লেটোক তাতেই সমাধিস্থ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা